আজিৰে পুৱাৰে পৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হৈছে কৃষি আৰু উদ্যান শস্যৰ এক ৰাষ্ট্ৰীয় প্ৰদৰ্শনী৷
অসম চৰকাৰৰ কৃষি,পশুপালন আৰু উদ্যান শস্য বিভাগৰ দ্বাৰা আয়োজিত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজিত এই প্ৰদৰ্শনী আজি সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰাৰ কথা আছিল যদিও প্ৰতিকুল বতৰৰ বাবে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল বাৰ্তাৰেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সকলোকে শুভেচ্ছা জনায় আৰু প্ৰদৰ্শনী উদ্বোধন কৰে ৷
এই উপলক্ষে প্ৰদৰ্শনী থলীতে নিৰ্মিত সুসজ্জিত মণ্ডপত আয়োজিত উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, দেৰগাওঁৰ বিধায়ক ভৱেন ভৰালী আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া উপস্থিত থাকে ৷
অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাবে অংশ গ্ৰহণ কৰে নাইজেৰিয়াৰ উচ্চায়ুক্ত আলাটিচ ইচমাইল আইঅ’মি, মংগোলীয়াৰ ৰাষ্ট্ৰদুত গনচিং গানবল্ড, ফিজিৰ বৈদেশিক সচিব নিলেশৰ’ নীল, ইন্দোনেচিয়াৰ বৈদেশিক সচিব এনী য়ুলিয়ানটি, ভিয়েটনামৰ ৰাজনৈতিক আৰু অৰ্থনীতি বিভাগৰ মুখ্যসচিব নাগুয়েন থিনাগকডাং, ঘানাৰ সচিব বেলিৱাইন চেবাচটিন , ভুটানৰ কনচ’ল জেনেৰেল ফুবচেৰিং আৰু কংগো গণৰাজ্যৰ উচ্চায়ুক্ত ৰ’চেটিম’ চিন্যামালে৷
অনুষ্ঠানত কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যু চন্দ্ৰ ডেকাৰ উপৰিও কৃষি বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদ, কৃষি বিভাগৰ আয়ুক্ত সচিব আকাশদীপ , কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ,পশুকল্যান বিভাগৰ সচিব অশোকবৰ্মন, গোলাঘাটৰ উপায়ুক্ত বিভাশ মোডী, উদ্যান শস্য বিভাগৰ সঞ্চালক আব্দুল জেলিল, বীজ নিগমৰ সভাপতি প্ৰবীন হাজৰিকাও উপস্থিত থাকে ৷
বন্তি প্ৰজ্বলন আৰু বোকাখাতৰ হংসধ্বনি সংগীত বিদ্যালয় ছাত্ৰী সকলে পৰিবেশন কৰা সমবেত সংগীতৰ পিচতেই কৃষিমন্ত্ৰী অতুল বৰাই আদৰণী ভাষণ আৰু ভাৰ্চুয়েল বাৰ্তাৰে দিল্লীৰ পৰা কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে শুভেচ্ছা বানী প্ৰদান কৰে ৷
তিনিদিনীয়া এই ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত ২০০খনকৈ বিপণী সঁজাই তোলা হৈছে৷ আটকধুনীয়া তোৰণেৰ সঁজাইতোলা এই প্ৰদৰ্শনীত ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰাৰ লগতে চুবুৰীয়াৰাজ্যৰ কেইবাখনো বিভাগীয় বিপণীয়ে অংশগ্ৰহণ কৰিছে ৷
পৰৱৰ্তী সময়ত প্ৰদৰ্শনী প্ৰাংগনত দেশৰ বিভিন্ন প্ৰান্তৰৰ কৃষি বিশেষজ্ঞই ভাৰ্চুৱেল সংযোগেৰে অংশগ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে।
প্ৰায়৫কোটি টকাৰ বাজেটেৰে আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰদৰ্শনীৰ দ্বিতীয় দিনাৰ কাৰ্যসুচীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণন কৰিব বুলি আয়োজক সকলে জনাইছে ৷
উদ্বোধনী অনুষ্ঠানতে ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ৰূপান্তৰ নামৰ স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰা হয় লগতে কৃষি কাৰ্যত দেখুৱা বিশেষ পাৰদৰ্শিতাৰ বাবে গোলাঘাট, মাজুলী, লক্ষীমপুৰ আৰু নলবাৰীৰ জিলাৰ একোজনকৈ কৃষকক পুৰস্কৃতও কৰাহয়৷
উদ্বোধনী অনুষ্ঠানৰ শেষত অসম চৰকাৰৰ পশু কল্যান বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ,কামৰূপ জিলা, গোলাঘাট জিলা, কাছাৰ জিলা আৰু অসম কৃষি বিশ্ববিদ্যালয়ক একোখনকৈ পশুধন সাৰথি নামৰ এম্বুলেঞ্চ প্ৰদান কৰাৰ লগতে গোলাঘাট, মাজুলী, লক্ষীমপুৰ আৰু নলবাৰীৰ একোজনকৈ কৃষকক পুৰস্কৃতও কৰা হয়।