লিডু শাখা সাহিত্য সভাৰ দ্বি- বাৰ্ষিক অধিৱেশন আৰু ৰাভা দিৱসৰ প্ৰস্তুতি তুংগত

BishnuPrasadDivas

প্ৰতিনিধিত্বমূলক ছবি

তিনিচুকীয়া জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি লিডু অঞ্চলৰ ৰে’লৱে ৰঙ্গমঞ্চত অহা ২০, ২১ আৰু ২২ জুনত ৩দিনীয়া কাৰ্যসূচীৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫০ সংখ্যক মৃত্যু বাৰ্ষিকী আৰু লিডু শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন উদযাপনৰ আয়োজন কৰা হৈছে ৷

ইতিমধ্যে দুয়োটা অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে লিডু মহাবিদ্যালয়ৰ উপাধ্যক্ষ পবিত্ৰ গগৈক সভাপতি হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে ।

মন বাহাদুৰ গুৰুং সমন্বয় ক্ষেত্ৰ নামাকৰণ কৰা লিডু ৰে’লৱে ৰঙ্গমঞ্চত কাৰ্যসূচী অনুসৰি প্ৰথমদিনা ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত, জ্যোতি সংগীত, সৃষ্টিমূলক নৃত্য, বিষ্ণু ৰাভাৰ কবিতা আবৃত্তি আদি বিভিন্ন প্ৰতিযোগিতাৰ লগতে লিডু শাখা সাহিত্য সভাৰ সাধাৰণ সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি সন্ধিয়া পাটকাই নাট্য গোষ্ঠীৰ দ্বাৰা মঞ্চস্থ হ’ব জ্যোতি প্ৰসাদ আগৰৱালাৰ ৰূপালীম নাট।

দ্বিতীয় দিনা নবীন লেখক-লেখিকা আৰু শিল্পীৰ অন্তৰঙ্গ অনুষ্ঠান ৰামধেনু আৰু মহিলা লেখিকা আৰু শিল্পীৰ অন্তৰঙ্গ অনুষ্ঠান আকাশ অনুষ্ঠিত হ’ব। সন্ধিয়ালৈ ৰঞ্জন নাথৰ দ্বাৰা ৰচিত বাংলা নাট আমৰাও মানুষ মঞ্চস্থ হ’ব।

অন্তিম দিনা নৱ নিৰ্বাচিত সভাপতিক লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা লগতে মুকলি সভা অনুষ্ঠিত হ’ব। উক্ত দিনাৰ সভাত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

অভ্যৰ্থনা সমিতিৰ লগতে লিডু শাখা সাহিত্য সভাৰ সভাপতি চন্দ্ৰ গৌতম আৰু সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে  অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীৰ সফল ৰূপায়নত জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো ৰাইজৰে সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।