• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিদিনীয়া ‘ৰঙালী’ৰ সফলতাৰে সামৰণি : অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যতাত মুগ্ধ “পুষ্পা’’ ছবিৰ সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2024 9:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দুদিন ধৰি জনসমুদ্ৰত পৰিণত হোৱা ৰঙালীৰ বাকৰিত আজি তৃতীয় তথা অন্তিম দিনটোও পৰ্যটকসকলে ৰং ৰহইচেৰে অতিবাহিত কৰা দেখা গ’ল।

আজিৰ মুখ্য আকৰ্ষণ আছিল দাক্ষিণাত্যৰ ব্লকবাষ্টাৰ পুষ্পা ছবিৰ সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদ। তেখেতৰ এই সাংস্কৃতিক আগমণক দক্ষিণ ভাৰত আৰু অসমৰ মাজৰ সাংস্কৃতিক সমন্বয় বুলি মন্তব্য আগবঢ়ায় সংগীত পৰিচালকজনে। এই সকলোবোৰ দেখি তেওঁ অভিভূত হৈ পৰা বুলি জানিবলৈ দিয়ে।

অসমলৈ আহি এনে এটা অনুষ্ঠানৰ অভিজ্ঞতা হ’ব বুলি শ্ৰী প্ৰসাদে কল্পনাও কৰা নাছিল বুলি কোৱাৰ লগতে অসমীয়া সংস্কৃতিক আৰু অধিক ভালকৈ জানিবলৈ এই সংস্কৃতিৰ অন্বেষণ কৰিব বিচাৰে বুলিও বিশিষ্ট সংগীত পৰিচালকজনে মন্তব্য কৰে।

ৰঙৰ আলি ৰঙালীলৈ অসমৰ বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠন, উন্নয়ন পৰিষদ, অসম চৰকাৰ আৰু বিশেষকৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা অভূতপূৰ্ব সঁহাৰি পোৱা গ’ল। তেওঁলোকৰ সহযোগিতাৰ বাবে অসমৰ প্ৰায়বোৰ জাতি-জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শন ৰঙালী ফক ষ্টেজৰ অন্যতম আকৰ্ষণ হৈ ৰ’ল।

এইবাৰ দৰ্শকসকলক লোক মঞ্চত প্ৰতিদিনেই চুতীয়াসকলৰ পানীতোলা নৃত্য, যঁজা নৃত্য, হুৰাই ৰাঙলী নৃত্য, মৰাণ-মটকসকলৰ কুলাবুঢ়ী নাচ, লগ বিহু, গছ তলৰ বিহু, চাহ জনগোষ্ঠীৰ ঝুমুৰ, মিচিংসকলৰ গোমৰাগ, বড়োসকলৰ দাহাল, তিৱাসকলৰ বাঁহ নৃত্য, দেশীসকলৰ প্ৰদৰ্শন, তেজপুৰীয়ান থেছপিয়ানৰ প্ৰদৰ্শনৰ সন্মুখত ভিৰ কৰা দেখা গ’ল।

নিজৰ সন্তানক লগত লৈ প্ৰতিদিনেই ৰঙালীলৈ অহা নিৰূপমা দত্ত, ববী বৰা আৰু চিম্পী শৰ্মাই মন্তব্য কৰে “এইবাৰেই আমি প্ৰথম ৰঙালীলৈ আহিছো। ৰঙালীৰ কথা শুনি আছিলো যদিও ভালকৈ নাজানিছিলো। এইবাৰ আহি ফক ষ্টেজত অলপ চাওঁ বুলি ৰৈ ৰাতি দহ বজালৈকে উঠি যাব নোৱাৰিলো। আজি একেবাৰে শেষ কৰিহে যাম। ল’ৰা-ছোৱালীকেইটাৰ পৰীক্ষাৰ বিৰতিৰ মাজতে লৈ আনিছো। অসমৰ ইমান ধুনীয়া সংস্কৃতিৰ প্ৰদৰ্শন দেখি আমিয়েই অভিভূত হৈ পৰিছো। সিঁহততো অবাক হৈ পৰিছে। ৰঙালীক ধন্যবাদ দিছো। আমি এতিয়া প্ৰতিবছৰেই আহিম।”

ৰঙালীলৈ প্ৰতি বছৰেই অহা গুৱাহাটীৰ নৰেন কলিতাৰ মতে “ইয়াত আমি বিচৰা সকলোখিনি আছে। মই আবেলি আহো আৰু ৰাতি দহ বজাৰ পাছতহে ঘৰলৈ যাওঁ। মোৰ আটাইতকৈ ভাল লাগে ৰঙালীত হিপ হপ, আৰ্টৰ পৰা ফেশ্বন, সংগীতকে ধৰি থলুৱা সামগ্ৰীৰ প্ৰদৰ্শনীলৈকে সকলো বয়সৰ লোকে উপভোগ কৰিব পৰাকৈ কলা সংস্কৃতি-খাদ্যৰ অপূৰ্ব সংমিশ্ৰণ ঘটে।”

থলুৱা সামগ্ৰীৰ বজাৰ আৰু মাল্টিকুইজিন ফুড কৰ্টত চলোৱা এক সমীক্ষাৰ দ্বাৰা বুজা গ’ল যে জুন মাহৰ গৰমকো নেওচি ৰঙালীৰ থলিত থলুৱা তথা আন সামগ্ৰীৰ বিক্ৰীয়ে ৰেকৰ্ড গঢ়ে। একো একোখন খাদ্য সামগ্ৰীৰ দোকানত লাখৰো অধিক বিক্ৰী হোৱা বুলি জানিবলৈ পোৱা গৈছে। এই বিপনীসমূহত মানুহৰ সমাগমত নিশাৰ ভাগলৈ গ্ৰাহকক খাদ্য যোগান ধৰিবলৈ বিক্ৰেতা সকল অপাৰগ হৈ পৰে। চুতীয়া আখলৰ  খাদ্য আৰু আন আন পৰম্পৰাগত খাদ্যৰ সোৱাদ ল’বলৈ মানুহক অত্যন্ত আগ্ৰহী দেখা গ’ল। একেদৰে বস্ত্ৰৰ বিপনী সমূহতো মানুহৰ সমাগম দেখা গ’ল। থলুৱা সামগ্ৰীৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহে থলুৱা উদ্যোগী সকলক উৎসাহিত কৰি তুলিলে।

যোৱা তিনিদিনে পৰ্যটক সকলৰ নয়নৰ মণি হৈ উঠা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া বাইদেউ আছিল ৰঙালীৰ আকৰ্ষণৰ এক অন্যতম কেন্দ্ৰবিন্দু। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত চিৰসেউজ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ লগতে সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদৰ উপস্থিতিয়ে বৃহৎ ভিৰৰ সৃষ্টি কৰিলে। অসমৰ শক্তিশালী গায়িকা অভিশ্ৰুতি বেজবৰুৱা, প্ৰিয়ংকা ভৰালী, কলৰৱ বেণ্ড, অসমৰ জনপ্ৰিয় ৰেপাৰ শ্বেডী মেল’, নালায়ক, ড° দপ, হাফলং কৰেল হাৰমৰ্ণিৰ লগতে ফেশ্বন শ্ব’ত সকলোকে আকৰ্ষণ কৰে গৰিমা শইকীয়া গাৰ্গ, কৰবী বৰুৱা দত্ত, জিংকু খাউণ্ড আৰু ইণ্ডিয়ান ৱেভাৰছ এলায়েন্সৰ প্ৰদৰ্শনে।

আজি সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমাৰ মাননীয় মন্ত্ৰী বিমল বৰাই শ্যামকানু মহন্তৰ নেতৃত্বত হোৱা এই সাংস্কৃতিক আৰু উদ্যমীতাৰ আন্দোলনক অসমৰ বাবে অতি প্ৰয়োজনীয় আছিল বুলি মন্তব্য কৰে। লগতে তেখেতে কল্যাণ চক্ৰৱৰ্তীৰ নেতৃত্বত সাংস্কৃতিক পৰিক্ৰমা বিভাগে কৰা অকুণ্ঠ সহযোগিতাক প্ৰশংসা কৰে।

আজি অনুষ্ঠানত আছুৰ সভাপতি উৎপল শৰ্মা, চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, মটক উন্নয়ন পৰিষদ, মৰাণ উন্নয়ন পৰিষদ, চুতীয়া উন্নয়ন পৰিষদৰ নেতৃত্বক সম্বৰ্ধনা জনোৱা হয়। আছুৰ সভাপতি উৎপল শৰ্মাই ৰঙালী এটা বৃহৎ প্ৰগতিশীল চিন্তাধাৰাৰ এক আন্দোলন হৈছে বুলি প্ৰশংসা কৰে।

আয়োজক শ্যামকানু মহন্তই ৰঙালীৰ সফল পৰিসমাপ্তিৰ বাবে প্ৰতিজন দৰ্শক, সহযোগিতাৰ বাবে সাংবাদিক বন্ধুসকল, অসমৰ বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠন, উন্নয়ন পৰিষদ, অসম চৰকাৰ আৰু বিশেষকৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। লগতে ৰঙালী সমন্বয় তথা উদ্যমীতাৰ বাবে ৰাইজৰ প্ৰচেষ্টা বুলি উল্লেখ কৰে।

দ্বীপেন বৰুৱাক ৰঙালীৰ মঞ্চত জীৱনজোৰা বঁটাৰে সন্মানিত কৰাৰ লগতে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ ৰঙালীত প্ৰদৰ্শন ৰঙালীৰ এক অনন্য প্ৰাপ্তি বুলি মহন্তই জনায়। ভূপেন হাজৰিকাদেৱৰ সপোনৰ অসমখনক আদৰ্শ হিচাপে লৈ ৰঙালী আগবাঢ়িছে বুলি উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd