গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এই বৰ্ষৰ পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষন সন্মান ঘোষণা কৰিছে ভাৰত চৰকাৰে। যোৱা বুধ বাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে ৬ গৰাকীলৈ পদ্মবিভূষণ, ৯ গৰাকীলৈ পদ্মভূষণ আৰু ৯১ গৰাকীলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে।
এই ৯১ গৰাকী ভিতৰত তিনিগৰাকী অসমীয়াই লাভ কৰিছে পদ্মশ্ৰী সন্মান। পদ্মশ্ৰী লাভ কৰা অসমীয়া ব্যক্তি কেইগৰাকী হ’ল – হেমপ্ৰভা চুতীয়া, হেমচন্দ্ৰ গোস্বামী, ৰামকুইৱাংবে জেনে।
মৰাণৰ বিশিষ্ট শিল্পী তথা শিপিনী হেমপ্ৰভা চুতীয়াই শংকৰদেৱৰ গুণমালা, মাধৱদেৱৰ নামঘোষা আৰু গীতাৰ বিভিন্ন শ্লোক নিজৰ তাঁতশালত বৈ উলিয়াইছে। যাৰ বাবে এইগৰাকী বিশিষ্ট শিল্পীক এই সন্মান প্ৰদান কৰা হৈছে।
নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীলৈ মুখা শিল্পৰ প্ৰতি আগবঢ়োৱা বৰেণ্য অৱদানৰ বাবে প্ৰদান কৰা হৈছে এই পদ্মশ্ৰী সন্মান। উল্লেখ্য যে হেমচন্দ্ৰ গোস্বামী চামগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ ৰমাকান্ত গোস্বামীৰ দ্বিতীয় পুত্ৰ।
আনহাতে ডিমা হাচাও জিলাৰ বাসিন্দা ৰামকুইৱাংবে জেনে হৈছে এগৰাকী নগা সমাজ সংস্কাৰক। হেৰাই যাবলৈ ধৰা হেৰাকা ধৰ্ম সংৰক্ষণৰ বাবে এইগৰাকী ব্যক্তিয়ে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে। ইতিমধ্যে তেওঁ দহখনকৈ প্ৰাথমিক শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ লগতে নাৰী শিক্ষাৰ বাবেও বিশেষ বৰঙনি আগবঢ়াইছে।