জুৱাৰ আড্ডা উৎখাত : ঘাটিৰ পৰা আটক তিনিজন জুৱাৰী

IMG-20190210-WA0084

তামুলপুৰৰ দ্বাৰকুছিত আৰক্ষীয়ে আটক কৰা তিনিজন জুৱাৰী। ফটো : নৰ্থইষ্ট নাও

শেহতীয়াভাৱে তামুলপুৰ আৰক্ষী প্ৰশাসন তীৰ-জুৱা বন্ধৰ ক্ষেত্ৰত তৎপৰ হোৱা দেখা গৈছে। দেওবাৰে সন্ধিয়া তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৰ নেতৃত্বত এটি আৰক্ষীৰ দলে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দ্বাৰকুছিত এটি অবৈধ জুৱাৰ ঘাটি উচ্ছেদ কৰাৰ উপৰিও তিনিজনকৈ পেচাদাৰী জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে,  আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰি গান্ধীবাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া ৰাজেন বড়োই সদলবলে আৰক্ষী বাহিনীৰ লোক লগত  লৈ গৈ অতৰ্কিত অভিযান চলাই দ্বাৰকুছিৰ এক গোপন স্থানৰ পৰা জুৱাৰ আড্ডাটো সম্পূৰ্ণ উৎখাত কৰে।

আৰক্ষী বাহিনীয়ে জুৱাৰ আড্ডাৰ পৰা কিছু নগদ ধন, চাৰিটা মোবাইল হেণ্ডছেট, এখন চাইকেল, এখন স্কুটী আৰু ছয়খন মটৰ চাইকেল উদ্ধাৰ কৰি তামুলপুৰ আৰক্ষী থানালৈ লৈ আহে।

আৰক্ষী যোৱাৰ উমান পাই বহু কেইজন জুৱাৰী পলায়ন কৰে যদিও তিনিজন জুৱাৰীক হাতে লোটে আটক কৰে আৰক্ষীয়ে। ধৃত জুৱাৰী কেইজন হ’ল ক্ৰমে আফচাৰ আলী(৩৬), ৰজনী বড়ো(৩২) আৰু নুৰ হুছেইন আলী(২৯)।

উল্লেখযোগ্য যে বাক্সা জিলাৰ তামুলপুৰ মহকুমাত অতি সম্প্ৰতি অবৈধ তীৰ-জুৱা খেল উদ্বেগজনকভাবে বৃদ্ধি হোৱাত সামাজিক পৰিৱেশ বিনষ্ট হৈ পৰিছে। এনে তীৰ-জুৱাৰ কবলত পৰিছে পুৰুষ-মহিলাৰ উপৰিও মহকুমাটোৰ ছাত্ৰ-ছাত্ৰী সকলো।

আনহাতে, বিভিন্ন সময়ত তামুলপুৰ মহকুমাৰ জাতীয় ছাত্ৰ সংগঠন সমূহে এনে তীৰ-জুৱা খেল বন্ধৰ বাবে গণতান্ত্ৰিক আন্দোলন কৰি অহাৰ উপৰিও এনে সমাজ বিৰোধী কাৰ্যকলাপ বন্ধ কৰাৰ দাবীৰে আৰক্ষী আৰু সাধাৰণ প্ৰশাসনক স্মাৰক পত্ৰও প্ৰদান কৰি আহিছে যদিও আৰক্ষী প্ৰশাসনে এনে সামাজিক ব্যাধি নিৰ্মূল কৰাত সম্পূৰ্ণৰূপে সফল হ’ব পৰা নাই।