NORTHEAST NOW (Assamese)

মানস ৰাষ্ট্ৰীয় উদ্যানৰ কুকলুং ৰেঞ্জত চোৰাং চিকাৰীয়ে হত্যা কৰিলে তিনিটাকৈ সুগৰি পহু

December 28, 2018 5:05 pm · এন ই নাও নিউজ
মানস ৰাষ্ট্ৰীয় উদ্যানৰ কুকলুং ৰেঞ্জৰ ভিতৰত বনকৰ্মীসকলে চোৰাং চিকাৰীয়ে হত্যা কৰা সুগৰি পহুৰ মাংসৰ সৈতে দুখন চাইকেল জব্দ কৰে। ফটো : নৰ্থইষ্ট নাও

মানস ৰাষ্ট্ৰীয় উদ্যানৰ কুকলুং ৰেঞ্জত বৃহস্পতিবাৰে চোৰাং চিকাৰীয়ে হত্যা কৰে তিনিটাকৈ সুগৰি পহু। এই ঘটনা নিশ্চিত কৰি মানস ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক এইচ শৰ্মাই জনাইছে যে কুকলুং ৰেঞ্জটো হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথমটো সংস্কৰণ যিটো এতিয়াও আইনগতভাৱে চিৰাং বন সংমণ্ডলৰ অধীনত পৰে।

ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰছ (আইইউচিএন)ৰ বিলুপ্ত প্ৰায় প্ৰজাতিৰ ‘ৰেড লিষ্ট’ৰ তালিকাত সুগৰি পহুকো এবিধ বিলুপ্তপ্ৰায় প্ৰজাতি হিচাপে ধৰা হৈছে আৰু ভাৰতীয় বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ অনুসূচী ১’ৰ অধীনত ইয়াক সংৰক্ষিত কৰা হৈছে।

বনকৰ্মীয়ে জব্দ কৰা চোৰাং চিকাৰীয়ে হত্যা কৰা সুগৰি পহুৰ মাংস। ফটো : নৰ্থইষ্ট নাও

আনহাতে, কুকলুং ৰেঞ্জৰ ৰেঞ্জ বিষয়া অবিনাশ বসুমতাৰীয়ে জনায় যে কালি সুগৰি পহুকেইটা হত্যা কৰা হৈছে। অৱশ্যে, সতৰ্ক হৈ থকা বনকৰ্মীসকলে চোৰাং চিকাৰীৰ হাতত নিহত পহুৰ মাংসখিনি বনাঞ্চলৰ ভিতৰত জব্দ কৰে যদিও চোৰাং চিকাৰীসকল পলাই সাৰিবলৈ সক্ষম হয়।

‘’আমাৰ তহলদাৰী দলে জন্তু হত্যাৰ শুংসূত্ৰ পাই চোৰাং চিকাৰীক অনুসৰণ কৰে আৰু তেওঁলোকে দুখন চাইকেলেৰে সৈতে মাংসখিনি এৰি থৈ গভীৰ অৰণ্যৰ মাজত লুকাই পৰে। চোৰাং চিকাৰীসকলে জংঘলৰ ভিতৰতে হত্যা কৰাৰ পাছত পহুকেইটা টুকুৰা-টুকুৰকৈ কাটে যদিও তাক লৈ যাব নোৱাৰিলে। পহুকেইটাক গুলীয়াই হত্যা কৰা হৈছে নে আন কোনোধৰণে হত্যা কৰা হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই,’’- ৰেঞ্জ বিষয়াগৰাকীয়ে ফোনযোগে জানিবলৈ দিছে।

ইপিনে, মানস ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক গৰাকীয়ে জনায় যে কুকলুং ৰেঞ্জটো যোৱা বছৰ ৰাষ্ট্ৰীয় উদ্যানখনত সংযোজন কৰা ৩৫০ বৰ্গ কিলোমিটাৰ অঞ্চলটোৰ অংশ। নতুন ৰেঞ্জটোৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত বনকৰ্মীৰ অভাৱ বুলিও তেওঁ জানিবলৈ দিয়ে।

‘’আমি উন্নত পৰ্যবেক্ষণ আৰু সুৰক্ষা আগবঢ়োৱাৰ লক্ষ্যৰে কুকলুং ৰেঞ্জকে ধৰি এটা নতুন সংমণ্ডল গঠনৰ বাবে চৰকাৰলৈ পত্ৰ লিখিছো। ইয়াৰ বাবে কিছু সময় লাগিব,’’-তেওঁ জানিবলৈ দিয়ে।

Related News