এজাক মূষলধাৰ বৰষুণত স্তব্ধ হৈ পৰিল শিলচৰ চহৰৰ জনজীৱন

A stretch of road in Silchar Town's Samshan Road area submeged for non stop overnight rain of three hours

শিলচৰ চহৰৰ কৃত্ৰিম বান। ফটো : নৰ্থ-ইষ্ট নাও

সোমবাৰে নিশা প্ৰায় তিনিঘন্টা ধৰি দিয়া এজাক বৰষুণৰ ফলত জলমগ্ন হৈ পৰে শিলচৰ চহৰৰ বিভিন্ন অঞ্চল। চহৰখন জলমগ্ন হৈ পৰাৰ বাবে স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰাৰ লগতে বৰ্তমানো চহৰখনত এক হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰি আছে।

নিশা হোৱা নেৰা নেপেৰা বৰষুণে ইমানে ভয়ংকৰ ৰূপ লৈছে যে আজি চহৰখনৰ বহুতো বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী আহিব নোৱাৰাত পাঠদান বাতিল কৰিবলগীয়া হৈছে। তাৰোপৰি বাট-পথবোৰ পানীৰ তলত বুৰ যোৱা বাবে চলাচলত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে।

শিলচৰ চহৰৰ স্মশান পথৰ বাসিন্দা অভিজিৎ দাসে নৰ্থ-ইষ্ট নাওৰ আগত কৃত্ৰিম বান সম্পৰ্কে কয়, ‘কেতিয়াও মই এনেধৰণৰ বৰষুণ দেখা নাই। প্ৰথমবাৰৰ বাবে ঘৰত এইদৰে পানী সোমাইছে’।

উল্লেখ্য যে বৰষুণৰ পানীয়ে মূলতঃ শিলচৰৰ চৰকাৰী চিকিৎসালয়, অম্বিকাপট্টীৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মূল পথ বেয়াকৈ জলমগ্ন হৈ পৰাত চহৰখনতে এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। তদুপৰি চহৰখনৰ বিভিন্ন উপ পথসমূহো বৰ্তমান পানীৰ তলত বুলি জানিব পৰা গৈছে।

অভাৱনীয় পৰিস্থিতি সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ আগত সন্দীপন দে নামৰ এজন স্থানীয় বাসিন্দাই ক্ষোভ প্ৰকাশ কৰি কয়, ‘প্ৰকৃতিৰ এনে কাৰ্যৰ বিৰুদ্ধে আমি একো ক’বও নোৱাৰো বা কৰিবও নোৱাৰো। কিন্তু শিলচৰ পৌৰ নিগমৰ কাম-কাজ সন্দৰ্ভত এক ডাঙৰ প্ৰশ্ন উত্থাপন হয়। কিয়নো চহৰখনত নলা-নৰ্দমাবোৰ চাফ চিকুনৰ নামত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে পৌৰ নিগমে। বিভিন্ন ঠাইত পানী ওলাই যাবলৈ পৰ্যাপ্ত নলা-নৰ্দমাৰ অভাৱ যাৰ বাবে এনে ধৰণৰ কৃত্ৰিম বানৰ কৱলত পৰিবলগীয়া হয় শিলচৰ চহৰ’।