নেৰানেপেৰা বৰষুণ, তাৰ মাজতে গুৱাহাটীত ভূমিস্খলনৰ ঘটনা; আহত তিনিজন লোক

প্ৰতিনিধিত্বমূলক ফটো।

নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানে মহানগৰীৰ জীৱন যাত্ৰা বিপৰ্যস্ত কৰি তুলিছে। তাৰ মাজতে গুৱাহাটীৰ হেঙেৰাবাৰী অঞ্চলত শুকুৰবাৰে নিশা সংঘটিত হোৱা বৃহৎ ভূমিস্খলনৰ ফলত কমেও তিনিজন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

বিষয়াসকলৰ মতে, হেঙৰাবাৰীৰ মিলন নগৰ অঞ্চলৰ পৰা ভূমিস্খলনৰ খবৰ পোৱা গৈছে।

আহতসকলৰ ভিতৰত দুজন পুৰুষ আৰু এগৰাকী মহিলা আছে।

লগতে পঢ়কঃ Asian Games 2023: মহিলা কাবাডীত চীনা টাইপেইক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিলে ভাৰতে

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তেওঁলোকক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

সমগ্ৰ অঞ্চলটোত নেৰানেপেৰা বৰষুণৰ ফলতে ভূমিস্খলনৰ সৃষ্টি হ’ব পাৰে। এই সপ্তাহটোত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ একাধিক স্থান বানপানীত বুৰ গৈছে।

মহানগৰীৰ অনিল নগৰ আৰু নবীন নগৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম। প্ৰায় সমগ্ৰ অঞ্চলটো বানত বুৰ যোৱাত শ শ লোক আৱদ্ধ হৈ পৰিছে।

লগতে পঢ়কঃচলিত মাহতে সূৰ্যগ্ৰহণ-চন্দ্ৰগ্ৰহণ; ভাৰতত কেতিয়া দেখা যাব, চাওক সবিশেষ

ইপিনে, অঞ্চলটোৰ লোকসকলে পৰ্যাপ্ত চৰকাৰী সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰে।

আনকি একাংশই অভিযোগ কৰে যে তেওঁলোকক উদ্ধাৰ কৰাৰ সলনি কেৱল বিস্কুট আৰু পানীৰ পেকেট এটাহে দিয়া হৈছে।