NORTHEAST NOW (Assamese)

বাংগালুৰুত মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা উদ্ধাৰ বাক্সাৰ তিনিগৰাকী কিশোৰী

November 27, 2019 11:15 am · এন ই নাও নিউজ
উদ্ধাৰ হোৱা কিশোৰী তিনিগৰাকী

বাংগালুৰুত বাক্সা জিলাৰ নাগ্ৰীজুলিৰ তিনিগৰাকী কিশোৰীক ‘তালাচ’ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অসমৰ পৰা দুষ্ট চক্ৰই বাংগালুৰুলৈ লৈ যোৱা কিশোৰী তিনিগৰাকীক স্বেচ্ছসেৱী সংস্থাটোৱে উদ্ধাৰ কৰি বাংগালুৰুস্থিত শিশু কল্যাণ সংস্থাৰ হাতত অৰ্পন কৰে।

আনহাতে, শিশু কল্যাণ সংস্থাটোৱে বাংগালুৰু আৰক্ষীৰ সহযোগত স্থানীয় বাক্সা আৰক্ষীৰ লগত যোগযোগ কৰে আৰু সেইমৰ্মে ১৮ নৱেম্বৰত তামুলপুৰ আৰু নাগ্ৰীজুলি আৰক্ষীৰ এটা যুটীয়া দল কিশোৰী কেইগৰাকীক অসমলৈ লৈ অহাৰ বাবে বাংগালুৰুলৈ ৰাওনা হয়।

আৰক্ষীৰ তদন্তত উদ্ধাৰ হোৱা কিশোৰী তিনিগৰাকীৰ ভাষ্য অনুসৰি তামুলপুৰ আৰক্ষীয়ে শুক্লা দাস নামৰ এগৰাকী লোকৰ বিৰুদ্ধ গোচৰ ৰুজু কৰে।

ভূক্তভোগী কিশোৰী তিনিগৰাকীয়ে অভিযুক্ত শুক্লা দাসে তেওঁলোকক বাংগালুৰুলৈ লৈ মানৱ সৰবৰাহকাৰী চক্ৰৰ জড়িয়তে পঠাইছিল বুলি উল্লেখ কৰে।

Related News