NORTHEAST NOW (Assamese)

মোদীৰ পৰম ভক্ত “গোদী মিডিয়া”ত প্ৰচাৰ নোহোৱা অথচ দেশৰ ৰাজনীতি উত্তাল কৰা তিনিটা ডাঙৰ খবৰ!

April 18, 2023 9:41 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ গোদী মিডিয়াত স্থান নোপোৱা তিনিটা খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি চৰকাৰৰ গুণাণুকীৰ্তনত ব্যস্ত থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মূলসূঁতিৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা নাই এই তিনিটা খবৰ। যিসমূহ খবৰ স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পোৱাৰ পাছত দেশৰ ৰাজনীতিত তোলপাৰ লাগিবলৈ আৰম্ভ কৰিছে। দেশৰ জনতা, ৰাষ্ট্ৰৰ নিৰাপত্তাৰ সৈতে জড়িত এই খবৰসমূহে স্থান লাভ কৰা নাই মোদীৰ পৰম ভক্ত গোদী মিডিয়াত। এইসমূহ খবৰ এতিয়া গোদী মিডিয়াত ব্লেক আউট।

প্ৰথম খবৰটো হ’ল দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে জড়িত হোৱাৰ বাবে হয়তো মোদী চৰকাৰৰ লালিত পালিত মিডিয়াই প্ৰকাশ কৰিবলৈ সাহস পোৱা নাই। যিটোৰ সম্পৰ্কে নৰ্থ ইষ্ট নাও- এ কালি অৰ্থাৎ সোমবাৰে বিস্তৃত প্ৰতিবেদন আকাৰত প্ৰকাশ কৰিছিল। তথাপি ৰাইজৰ জ্ঞাতাৰ্থে পুনৰ এবাৰ জনাই থওঁ উক্ত খবৰটো। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থকা এক অনুষ্ঠানত প্ৰচণ্ড গৰম আৰু গ্ৰীষ্মাঘাতত ১৩ গৰাকীকৈ সাধাৰণ লোকৰ মৃ্ত্যুৰ লগতে চিকিৎসাধীন হৈছে ৬০০ লোক। বিজেপি আৰু একনাথ সিন্দেৰ শিৱসেনা গোটৰ ৰাজনৈতিক শক্তি প্ৰদৰ্শনকামিতাৰ বাবেই প্ৰাণ গল ১৩ গৰাকী সাধাৰণ প্ৰজাৰ। আৰু লগতে ৬০০ গৰাকী লোকে প্ৰাণ শংকাত চিকিৎসাধীন হৈ আছে। কাঠছিতীয়া চৰকাৰে আৰু ৰাজনেতাই পাঁচৰ পৰা ছঘণ্টা সময় প্ৰচণ্ড ৰদত বহাই থৈছিল প্ৰায় ২ লাখ সাধাৰণ প্ৰজাক!

সমাৱেশৰ উদ্দেশ্য আছিল আপ্পাছাহেব ধৰ্মাধিকাৰী নামেৰে পৰিচিত বিশিষ্ট সমাজকৰ্মী দত্তত্ৰেয় নাৰায়ণ ধৰ্মাধিকাৰীক সম্বৰ্ধনা জনোৱা। তেওঁক মহাৰাষ্ট্ৰ ভূষণ সন্মানেৰে সন্মানিত কৰা হয়। এই সম্বৰ্ধনা অনুষ্ঠানৰ গণসমাৱেশখন আয়োজন কৰা হৈছিল মহাৰাষ্ট্ৰৰ চৰকাৰৰ উদ্যোগত। ইয়াত উপস্থিত আছিল কেন্দ্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰী ক্ৰমে একনাথ ছিন্দে আৰু দেৱেন্দ্ৰ ফাড়নবিছ। কিন্তু এই সম্বৰ্দ্ধনা সমাবেশক একপ্ৰকাৰে ৰাজনৈতিক সমাবেশলৈ ৰূপান্তৰিত কৰিছিল বিজেপি আৰু একনাথ সিন্ধে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে। এই সমাৱেশৰ বাবে পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ ৰ পৰা ডেৰ বজালৈকে প্ৰচণ্ড গৰমত লাখ লাখ জনতাক বহুৱাই ৰাখিছিল।

প্ৰকাশিত তথ্য মতে গণ সমাৱেশলৈ বিজেপি শাসিত ৰাজ্য মধ্যপ্ৰদেশ, কৰ্ণাটক আৰু গুজৰাটৰ হাজাৰ হাজাৰ সাধাৰণ লোকক অনা হৈছিল। মহাৰাষ্ট্ৰৰ চৰকাৰৰ মতে প্ৰচণ্ড গৰমৰ বাবে ১১ লোকৰহে মৃত্যু হৈছে।

এতিয়া প্ৰশ্ন হয় মহাৰাষ্ট্ৰৰ চৰকাৰী নৱী মুম্বাইৰ এই অনুষ্ঠানলৈ কিয় শ শ মাইল দূৰৈৰ বৰ্হিৰাজ্যৰ পৰা হাজাৰ হাজাৰ লোকক অনা হৈছিল? মহাৰাষ্ট্ৰৰ চৰকাৰী সম্বৰ্ধনা অনুষ্ঠানলৈ লাখৰ ঘৰৰ বিজেপি শাসিত ৰাজ্যসমূহৰ পৰা সাধাৰণ জনতাক অনাৰ উদ্দেশ্য কি? এয়া চৰকাৰী ধনেৰে ৰাজনৈতিক শক্তি প্ৰদৰ্শন আছিল নেকি? চৰকাৰী খৰচত বিজেপি আৰু একনাথ ছিন্দেৰ শিৱসেনাৰ গোটে মাহাৰাষ্ট্ৰত ২০২৪ৰ নিৰ্বাচন ৰণদুন্দুভি বজালে বিজেপিয়ে। দুই দলে ৰণদুন্দুভি বজাই প্ৰাণ ল’লে সাধাৰণ জনতাৰ! এতিয়া প্ৰশ্ন হয় এইদৰে ৰাজনৈতিক দল ৰাজনেতাৰ শক্তি প্ৰদৰ্শনৰ পৰাকাষ্ঠাৰ বাবে আৰু কিমান সাধাৰণ লোকে প্ৰাণ হেৰুওৱাব লাগিব?

এইবোৰ প্ৰশ্ন কৰিবৰ বাবে সাহস নহ’ল মোদী চৰকাৰৰ গুণানুকীৰ্তনত ব্যস্ত থকা গোদী মিডিয়াৰ। তেওঁলোক এতিয়া নিশ্চুপ। কিন্তু আপোনালোকে কল্পনা কৰক এনেধৰণৰ ৰেলী যদি কেনেবাকৈ বিৰোধী শিবিৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা ধৰি লওঁক ৰাহুল গান্ধী বা অৰবিন্দ কেজৰিৱালৰ দ্বাৰা হ’লহেঁতেন বা তাত এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈ জনতা মৃত্যুমুখত পৰিলহেঁতেন, তেতিয়া হয়তো হাজাৰটা প্ৰশ্নৰে বিৰোধী নেতাসকলক থকা-সৰকা কৰিলেহেঁতেন গোডী মিডিয়াই। হয়তো বিভিন্ন প্ৰশ্ন উত্থাপন কৰি এঘন্টীয়া দুঘন্টীয়া টক শ্ব’ অনুষ্ঠিত কৰি বিৰোধী নেতাক নেফা-নেফ কৰি পেলালেহেঁতেন। দিনটো হয়তো এইটো বাতৰিয়েই স্থান পালেহেঁতেন। কিন্তু আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এনে ঘটনা ঘটাৰ বাবে এতিয়া মৌনতা অৱলম্বন কৰিছে গোদী মিডিয়াই।

কিছুমান সংবাদ প্ৰতিষ্ঠানত খবৰটো প্ৰকাশ পাইছে যদিও অমিত শ্বাহৰ কথা মাজৰ ফালেহে চেগা চুৰুকাকৈ উল্লেখ কৰিছে।

কিন্তু সেইদিনা মহাৰাষ্ট্ৰৰ ৪২ ডিগ্ৰী তাপমাত্ৰা আৰু উত্কট গৰমৰ কথা অমিত শ্বাহে বাৰুকৈয়ে উপলব্ধি কৰিছিল। উৎকট গৰমক নেওচি লাখ লাখ লোকৰ উপস্থিতি হেনো অমিত শ্বাহে ওৰেটো জীৱনতে কেতিয়াও দেখা পোৱা নাছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে অংশ লোৱা সমাৱেশত অংশগ্ৰহণ কৰা ১৩ জন লোকৰ মৃত্যু, প্ৰায় ৬০০ গৰাকী লোক চিকিত্সালয়ত চিকিত্সাধীন, ইমান এক ডাঙৰ ঘটনা ঘটিল, তাৰ পাছতো একাংশ মিডিয়াই মহাৰাষ্ট্ৰ চৰকাৰে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাহে প্ৰকাশ কৰিলে……

গোডী মিডিয়াত প্ৰকাশ নোপোৱা দ্বিতীয়টো ডাঙৰ তথা দেশ কপোৱা খবৰ হৈছে কৰণ থাপাৰৰ লগত জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ সাক্ষাত্কাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব পৰ্টেল দা ৱায়াৰত প্ৰকাশ পাইছে এই সাক্ষাত্কাৰ। সামাজিক মাধ্যমত এতিয়া চৌদিশে এই সাক্ষাত্কাৰ দ্ৰুতগতিত ভাইৰেল হৈছে। কিন্তু এই খবৰ ঘুণাক্ষৰেও প্ৰকাশ পোৱা নাই গোদী মিডিয়াত। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একালৰ সতীৰ্থ আছিল আৰু বিজেপিৰ সক্ৰিয় নেতা আছিল। তেওঁৱেই সাক্ষাত্কাৰটোত বিস্ফোৰক অভিযোগ তুলিলে যে CRPFএ তেওঁলোকৰ জোৱানসকলক কঢ়িয়াই নিবলৈ বিমান  বিচাৰিছিল। কিন্তু মোদীৰ কেন্দ্ৰীয় চৰকাৰ তথা গৃহ মন্ত্ৰণালয়ৰ CRPFক বিমান প্ৰদান কৰা নাছিল। সেয়ে CRPFৰ ৭৮ খন নিজা বাহনেৰে বৃহৎ কনভয়টো ৪৪নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাবলৈ বাধ্য হৈ পৰে। আৰু সেই পথতে সন্ত্ৰাসবাদীয়ে ভয়াৱহ বোমা বিস্ফোৰণেৰে আক্ৰমণ কৰে। যাৰ ফলত ৪০ গৰাকী জোৱান ছহিদ হয়। প্ৰাক্তন ৰাজ্যপাল মালিকৰ মতে মাত্ৰ পাঁচখন বিমান বা Air Craft ৰ যোগান গৃহ মন্ত্ৰণালয়ে যোগান ধৰা হলেই ৪০ গৰাকীকৈ জোৱানৰ প্ৰাণ ৰক্ষা পৰিলহেঁতেন! কিন্তু সত্যপাল মালিকক প্ৰধামনন্ত্ৰী মোদীয়ে মুখ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিলে বুলি সাক্ষাত্কাৰটোত তেওঁ নিজে বিস্ফোৰণ ঘটালে। তেওঁৰ সাক্ষাত্কাৰটোৰ পৰা স্পষ্ট সকলো দোষ পাকিস্তানলৈ ঠেলি নিজৰ দোষ লুকুৱালে চৰকাৰে। নিৰাপত্তা ব্যৱস্থাত চূড়ান্ত গাফিলতি বা বিফলতা পোহৰলৈ আনিলে সত্যপাল মালিকে। চৰকাৰৰ তৰফৰ পৰাও বৰ্তমানলৈকে কোনোধৰণৰ স্পষ্টীকৰণ নিদিলে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এই বিফলতাৰ অভিযোগ কিমান সঁচা বা যদি যদি সঁচা হয় সেয়া কিমান ভয়ংকৰ হ’ব পাৰে সেই সন্দৰ্ভত হাজাৰটা প্ৰশ্ন উত্থাপন কৰাৰ সাহস কৰিব লাগিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ মূল সুঁতিৰ সংবাদ প্ৰতিষ্ঠানসমূহে। কিন্তু এইবোৰত সকলো নিমাত কিয়নো সকলো এতিয়া চৰকাৰ পকেটত। সত্যপাল মালিকৰ সাক্ষাত্কাৰ ল’বলৈ সাহস নকৰা গোদী মিডিয়াই কিন্তু সদ্য কংগ্ৰেছ ত্যাগী তথা বিজেপিত যোগ দিয়া গোলাম নবী আজাদৰ আছুতীয়া সাক্ষাত্কাৰ গ্ৰহণ কৰিলে আৰু কিছুক্ষেত্ৰত কংগ্ৰেছত মুছলমানে উপযুক্ত পদবী লাভ নকৰে বুলি সাম্প্ৰদায়িক ৰহন সনাত ব্যস্ত হৈ পৰিছিল। পুলৱামা কাণ্ডত শ্বহীদীবৰণ কৰা CRPF ৰ জোৱানক লৈ বহু বাতৰি কৰিলে আৰু আৱেগ জৰ্জৰিত হেডলাইনৰে টিআৰপি গোটালে। কিন্তু কাৰ গাফিলতিৰ ফলত পুলৱামাত নিৰাপত্তাহীনতাত ভুগি ৪০ জন জোৱান শ্বহীদ হ’ল বা শতাধিক জোৱান গুৰুতৰভাৱে আহত হ’ল তাৰ ওপৰত এটাও বাতৰি গোদী মিডিয়াত নাই বা তেওঁলোক এতিয়া নিমাত হৈ আছে। ঠিক সেইদৰে সত্যপাল মালিকে দাবী কৰাৰ দৰে সঁচাকৈ ৫ খন এয়াৰ ক্ৰাফ্ট কিয় দেশমাতৃৰ সেৱাত নিয়োজিত CRPF ৰ জোৱানসকলক যোগান ধৰা নহ’ল। যোগান ধৰাহেঁতেন কিজানি ইমান ডাঙৰ ঘটনা ঘটিবই নাপালেহেঁতেন। কিন্তু এইবোৰ চৰ্চা এতিয়া গোদী মিডিয়াত শুনিবলৈ নাপায়।

আপোনালোকে একাংশ গোদী মিডিয়াত কেৱল শুনিবলৈ পাব হিন্দু-মুছলমানৰ ৰাজনীতি প্ৰসংগ, ধৰ্মান্ধৰ বিলাপ, হিন্দুত্ববাদ, ধৰ্মীয় বিষবাস্প বিয়পোৱা একাংশ খবৰৰ লগতে বিৰোধী নেতাৰ ওপৰত CBI, ED ৰ তালাচী বা জেৰাৰ বহুলভাৱে প্ৰচাৰ।

তৃতীয় এটা খবৰ… যিটোৰ বহুলভাৱে চৰ্চা চলা নাই গোদী মিডিয়াসমূহত। চেগা চুৰুকাকৈ কিছু খবৰ প্ৰকাশ পাইছে যদিও বহুলভাৱে চৰ্চা লাভ কৰা নাই। গেৰুৱা শিবিৰক বিচ্ছেদ দি কংগ্ৰেছৰ হাত খামুচিলে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কৰ্ণাটক বিজেপিৰ জ্যেষ্ঠ আৰু লিংগায়ত সমাজৰ প্ৰভাৱশালী নেতা জগদিশ চেত্তাৰে৷ তাৰ বিপৰীতে অন্দ্ৰপ্ৰদেশৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী কিৰণ ৰেড্ডী, কিছুসময় পূৰ্বে উল্লেখ কৰা জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদ আৰু এ. কে এন্টনীৰ পুত্ৰ অনিল এন্টনীয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা এইবোৰ বাতৰি বহু গুৰুত্বসহকাৰে লয় বা প্ৰাইম টাইম ডিবেট আছুতীয়া সাক্ষাত্কাৰ কৰি কংগ্ৰেছ বা বিৰোধী শিবিৰত মোক্ষম আঘাত হোৱা বুলি প্ৰচাৰ চলায়। কিন্তু বিজেপিৰ কোনো প্ৰভাৱশালী নেতাই যদি কংগ্ৰেছত যোগদান কৰে তেন্তে গোদী মিডিয়াত এনেধৰণৰ প্ৰাইম টাইম ডিবেট আপুনি দেখা নাপায়।

ভাৰতৰ দৰে শক্তিশালী গণতন্ত্ৰ থকা বুলি গণ্য কৰা দেশ এখনত যদি গণতন্ত্ৰৰ চতুৰ্থস্তম্ভৰ এই দশা হয় বা চৰকাৰৰ বহতীয়া হৈ কাম কৰে তেন্তে সুস্থিৰ গণতন্ত্ৰৰ সন্ধান লাভ কৰাটো আপোনাৰ বা মোৰ পৰা বহু দূৰত। দেশ এখনত শাসকীয় দলৰ পক্ষপাতিত্ব লৈ মিডিয়াৰ এনে গতি হ’লে আপোনাৰ মোৰো বাকৰুদ্ধ কৰিবলৈ একেবাৰে কুন্ঠাবোধ নকৰিব এইখন ফেচিষ্ট তথা স্বৈৰাচাৰী চৰকাৰে।

Related News