NORTHEAST NOW (Assamese)

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

January 26, 2021 11:39 am · এন ই নাও নিউজ
শীৰ্ষ সেনা বিষয়া ৰাণা প্ৰতাপ কলিতা। ফাইল ফটো।

গণৰাজ্য দিৱসৰ প্ৰাকমূৰ্হুতত দেশৰ সুৰক্ষাৰ দিশত আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে সেনা বিষয়া-জোৱানসকলক প্ৰদান কৰা সাহসিকতাৰ সন্মান লাভ কৰা তালিকাত স্থান পাইছে অসমৰ তিনিগৰাকীকৈ সেনা বিষয়াই।

ডিমাপুৰৰ ৰঙা পাহাৰত থকা সেনা থ্ৰি ক’ৰ জি অ’ চি লেঃ জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই লাভ কৰিছে উত্তম বিশিষ্ট যুদ্ধ মেডেল। ইয়াৰ উপৰিও লেঃ কৰ্ণেল ৰাজকুমাৰ পল্লৱ গোহাঁয়ে সাহসিকতাৰ বাবে বাৰ টু সেনা মেডেল আৰু আসাম ৰাইফলছৰ প্ৰণৱ জ্যোতি দাসে লাভ কৰিছে সূৰ্য চক্ৰ সন্মান।

ৰাণা প্ৰতাপ কলিতা বৰ্তমানৰ পদটোত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী অসমীয়া আৰু উত্তৰ-পূবৰ দ্বিতীয়গৰাকী সেনা বিষয়া। কলিতা গোৱালপাৰাৰ সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ।

উল্লেখযোগ্য যে ৰঙিয়াৰ প্ৰয়াত শিক্ষক যোগেন কলিতা আৰু ৰেনু কলিতাৰ সন্তান ৰাণা প্ৰতাপ কলিতাই প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্তিম সংস্কাৰ যাত্ৰাৰ সমন্বয়ক হিচাপে দায়িত্ব পালন কৰিছিল।

১৯৮৪ চনত ভাৰতীয় সেনাৰ কুমাও ৰেজিমেণ্টৰ কমিশ্যন বিষয়া হিচাপে যোগদান কৰি ৰাণা প্ৰতাপ কলিতাই কাশ্মীৰত ১৩ ৰাষ্ট্ৰীয় ৰাইফলছ, লক্ষ্ণৌত ৭১ ইনফেণ্ট্ৰি ব্ৰিগেড আৰু কাশ্মীৰৰ বাৰামুলাৰ এল অ’ চিত ১৯ ইনফেণ্ট্ৰি ডিভিজনকো নেতৃত্ব দিয়াৰ কৃতিত্ব বহন কৰিছে।

পূৰ্বে ভাৰতীয় সেনাৰ ‘অতি বিশিষ্ট সেৱা মেডেল’ প্ৰাপ্ত কলিতাই ইয়াৰ পূৰ্বে সেনা বাহিনীৰ কলকাতাৰ ফৰ্ট উইলিয়ামৰ ইষ্টাৰ্ণ কামাণ্ডৰ চীফ অৱ ষ্টাফ (চি অ’ এছ) হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল।

Related News