Man-Elephant Conflict: অসম-মেঘালয় সীমান্তৰ গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত ৩ জন নিহত

Three people killed in elephant attack অসম-মেঘালয় সীমান্তৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এটি শিশুসহ কমেও তিনিজন লোক নিহত হয়।

ঘটনাটো সোমবাৰে পুৱা প্ৰায় ৩ বজাত অসম-মেঘালয় সীমান্তৰ লক্ষীপুৰৰ ওচৰৰ কুৰাং গাঁৱত সংঘটিত হয়।

বন বিষয়াই জানিবলৈ দিছে যে বনৰীয়া হাতীৰ এটা জাকে খাদ্যৰ সন্ধানত মেঘালয়ৰ ওচৰৰ পাহাৰ অঞ্চলৰ পৰা গাওঁখনত প্ৰৱেশ কৰিছিল আৰু লোকসকলক আক্ৰমণ কৰিছিল।

লগতে পঢ়ক: স্বাধীনতাৰ সীমা

“হাতীৰ আক্ৰমণত এটি শিশুসহ তিনিজন লোক নিহত হৈছে। ঘটনাটো অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হৈছে,”-লক্ষীপুৰৰ বনাঞ্চলিক বিষয়া ধ্ৰুব দত্তই কয়।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোককেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।

নিহতসকলক হিম কুমাৰ ৰয়, সচিত বিশ্বকৰ্মা আৰু শৰত লামা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে কয় যে ছয় মাহ পূৰ্বে একেধৰণৰ আক্ৰমণত সেই একেখন গাঁৱতে এজন ব্যক্তি নিহত হৈছিল।

লগতে পঢ়ক: স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

ইপিনে, গাওঁবাসীয়ে জানিবলৈ দিয়ে  যে জংঘলত খাদ্যৰ অভাৱৰ বাবে বনৰীয়া হাতীয়ে প্ৰায়ে গাওঁখনত প্ৰৱেশ কৰে।