জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত জৈছ-ই-মহম্মদৰ কমাণ্ডাৰ ছইফুল্লাহ আৰু তেওঁৰ দুই সহযোগীক গুলীয়াই হত্যা কৰি সেনাই এক বৃহৎ সফলতা লাভ কৰিছে। শুকুৰবাৰে নিশা দুদিনীয়া অভিযানৰ অন্ত পৰে। কিষ্টৱাৰৰ চতৰুৰ ঘন জংঘলৰ পৰা উদ্ধাৰ হৈছে ছইফুল্লাহ আৰু তেওঁৰ দুই সহযোগীৰ গুলীবিদ্ধ মৃতদেহ।
অৱশ্যে কম্বিং তালাচীৰ সময়ত জৈছ-ই-মহম্মদৰ সেনাপতিৰ সৈতে থকা আন এজন উগ্ৰপন্থীয়ে পলায়ন কৰিবলৈ সক্ষম হয়। সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
জম্মু-কাশ্মীৰৰ আখনূৰ অঞ্চলত পাকিস্তানী অনুপ্ৰৱেশকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত এজন সেনা জোৱান নিহত হয়।
সূত্ৰ অনুসৰি, ২০২৪ চনত জম্মু-কাশ্মীৰত সেনাবাহিনীৰ ওপৰত সংঘটিত দুটা বৃহৎ আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল ছইফুল্লা। সেই দুটা আক্ৰমণত কেইবাজনো সেনা জোৱান শ্বহীদ হৈছিল।
এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত সেনাই গোপন তথ্য লাভ কৰিছিল যে চাৰিজন সক্ৰিয় জৈছ-ই-মহম্মদ উগ্ৰপন্থীয়ে পাকিস্তান সীমান্ত পাৰ হৈ কিষ্টৱাৰত প্ৰৱেশ কৰিছে। জম্মু-কাশ্মীৰ আৰক্ষীৰ সহায়ত তালাচী চলোৱাৰ পাছতো সেনাই উগ্ৰপন্থী চাৰিজনক বিচাৰি উলিয়াব পৰা নাছিল।
ইয়াৰ লগে লগে সেনা বিষয়া এজনে ঘোষণা কৰে যে চাৰিওজন উগ্ৰপন্থীক বিচাৰি উলিওৱাত যিকোনো ব্যক্তিয়ে সহায় কৰিব পাৰে তেওঁক বৃহৎ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব। এই পুৰস্কাৰৰ ঘোষণাটোৱেই সেনাবাহিনীক ছইফুল্লাৰ ঘাটিৰ স্থানৰ সন্ধান দিয়ে। এজন সেনা বিষয়াই কয় যে ছইফুল্লাক নিহত কৰাটো এটা ডাঙৰ সফলতা।
কাৰণ, জম্মু-কাশ্মীৰত একাধিক বিধ্বংসী আক্ৰমণৰ পৰিকল্পনা কৰিছিল জৈছ কমাণ্ডাৰজনে। কিষ্টৱাৰ আৰু ডোডা জিলাৰ বহু যুৱকক ছইফুল্লাই ব্ৰেইনৱাছ কৰি উগ্ৰপন্থী সংগঠনটোত ভৰ্তি কৰে।
পাকিস্তানৰ সৈতে তেওঁৰ প্ৰত্যক্ষ সম্পৰ্ক আছিল। কেৱল সেয়াই নহয়, পাকিস্তানৰ পৰা সীমান্ত পাৰ কৰি অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰই তেওঁৰ ওচৰলৈ আহিছিল। যোৱা ২ বছৰ ধৰি সেনাবাহিনীয়ে তেওঁক ধৰিবলৈ চেষ্টা কৰি আহিছে। জম্মু সংমণ্ডলৰ কেইবাটাও স্থানত বৃহৎ কূটাঘাতৰ আঁৰত আছিল ছইফুল্লা।