NORTHEAST NOW (Assamese)

কাৰাগাৰৰ ভিতৰত অখিল গগৈক হত্যা কৰাৰ ষড়যন্ত্ৰ চলিছিল: ধৈৰ্য কোঁৱৰ

March 19, 2020 4:44 pm · কল্পজ্যোতি শইকীয়া

‘কাৰাগাৰৰ ভিতৰত অখিল গগৈক হত্যা কৰাৰ ষড়যন্ত্ৰ চলিছিল।’ আজি জি এম চি এইছলৈ চিকিৎসাৰ বাবে অনাৰ সময়ত এই গুৰুতৰ অভিযোগ তোলে কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰে।

কোঁৱৰে কয়, ‘ৰাইজ লগত থকা বাবে অখিল গগৈক হত্যা কৰিব নোৱাৰিলে। ফলত দীৰ্ঘদিন ধৰি NIAৰ জৰিয়তে কাৰাবন্দী কৰি ৰাখিবলৈ চেষ্টা কৰিছিল চৰকাৰে। আদালতে অসমৰ ৰাইজ, ছাত্ৰ সমাজ আৰু দেশ-বিদেশত হোৱা ব্যাপক প্ৰতিবাদত  জামিন মঞ্জুৰ কৰিলে।’

ইপিনে, অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু নেতাৰ ওপৰত আক্ৰমণ হোৱা বুলি গুৰুতৰ অভিযোগ তুলি ধৈৰ্য কোঁৱৰে লগতে কয়, ‘চৰকাৰৰ এই ষড়যন্ত্ৰ বিফল হ’ব। ফেচিষ্ট-স্বেচ্ছাচাৰি নিপাত যাব। সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা নিপাত যাব।’

আনহাতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কতৃপক্ষৰ বিৰুদ্ধে অন্য এক অভিযোগ তুলি কোঁৱৰে কয়, ‘চাৰিওফালে ক’ৰ’নাৰ আতংক বিৰাজমান। কিন্তু জেইল কতৃপক্ষই পদক্ষেপ হিচাপে একো কৰা নাই। চেনিতাইজাৰ, মাস্ক আদি যোগান ধৰা নাই।’

ইয়াৰ উপৰি জেইলৰ কয়দীৰ মাজত কতৃপক্ষই ক’ৰ’নাৰ সংক্ৰমণ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও কোঁৱৰে অভিযোগ কৰে।

Related News