COP26 ত অংশগ্ৰহণকাৰী বিশ্বনেতাৰ সমালোচনাত মুখৰ পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গ

Greta Thunberg Slams COP26 Politicians

জলবায়ু আৰু পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গে মঙলবাৰে, ২ নৱেম্বৰত COP26 সন্মিলনত অংশগ্ৰহণ কৰা বিশ্বনেতাসকলক আক্ৰমণ কৰি কয় যে তেওঁলোকে ভৱিষ্যতক গুৰুত্বসহকাৰে লোৱাৰ ক্ষেত্ৰত কেৱল ভাও দি আছে।

১ নৱেম্বৰৰ পৰা গ্লাছগোত আৰম্ভ হোৱা COP26 সন্মিলন ১২ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব।

COP26 সন্মিলনৰ ওচৰত গ্লাছগোত এক ৰেলীত ভাষণ দি থুনবাৰ্গে প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি কয়, “আপুনিয়েই আপোনাৰ জলবায়ু সংকট কঢ়িয়াই আনিব পাৰে।”

“COP26-ৰ অংশগ্ৰহণকাৰীসকল কেৱল ৰাজনীতিবিদ আৰু ক্ষমতাত থকা লোক সকলে আমাৰ ভৱিষ্যতক গুৰুত্বসহকাৰে লোৱাৰ অভিনয় কৰিছে। জলবায়ু সংকটৰ দ্বাৰা ইতিমধ্যে প্ৰভাৱিত হোৱা লোকসকলৰ বৰ্তমানক গুৰুত্বসহকাৰে লোৱাৰ ভাও ধৰিছে।”— ৰাজনীতিবিদসকলৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ থুনবাৰ্গে কয়।

“ৰাজনৈতিক নেতাসকলৰ পৰা পৰিৱৰ্তন আহিব নোৱাৰে। সেয়া নেতৃত্ব নহয়। এয়া হৈছে নেতৃত্ব। নেতৃত্ব এনেকুৱা দেখাযায়।” তেওঁ লগতে কয়।

থুনবাৰ্গে কয়, “মানুহ, প্ৰকৃতি আৰু গ্ৰহটোৰ আৰু শোষণ নহয়। তেওঁলোকে তাত যি কৰি আছে সেয়া আৰু নহয়। তেওঁলোকে ভাল পায় বা নাপায়- কৰে বা নকৰে কিন্তু আমি পৰিৱৰ্তনটো কৰিম।”

যোৱা মাহত থুনবাৰ্গে জলবায়ু পৰিৱৰ্তনৰ বিষয়ত বিশ্বৰ নেতাসকলৰ সামূহিক নিষ্ক্ৰিয়তাক আক্ৰমণ কৰিছিল। তিনি দশকৰ প্ৰতিশ্ৰুতিসমূহ পূৰণৰ ক্ষেত্ৰত বিশ্বনেতাসকলৰ অকৰ্মন্যতাক থুনবাৰ্গে কঠোৰ সমালোচনা কৰিছিল।

১৮ বছৰীয়া চুইডিছ পৰিৱেশ কৰ্মীগৰাকীয়ে বিশ্বনেতাৰ চৰকাৰসমূহক পুঁজি যোগান ধৰা আৰু নিৰ্গমন হ্ৰাস কৰাৰ পৰ্যাপ্ত প্ৰতিশ্ৰুতিৰ বাবে নিৰ্লজ্জভাৱে নিজকে অভিনন্দন জনোৱাৰ অভিযোগ উত্থাপন কৰিছিল।