উঃ কাছাৰ পাঃ স্বাঃ পৰিষদৰ নিৰ্বাচন : লাংটিঙত বিজেপিৰ টিকট বঞ্চিত নেতাৰ অগপলৈ সমৰ্থন

AGP in NC hills

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লংটিঙত অগপৰ নেতা-কৰ্মীৰ সমদল।

অহা ১৯ তাৰিখে অনুষ্ঠিত হ’ব লগীয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পাৰ্বত্য জিলাখনত বাঢ়িছে ৰাজনৈতিক দলবোৰৰ তৎপৰতা। ইয়াৰ মাজতে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তথা অসন্তুষ্টিয়ে পাৰ্বত্য জিলাখনত দিল্লী, দিচপুৰত গাদীত থকা দলটোৰ বাবে সংকট নমাই আনিছে। মন কৰিব লগীয়া যে ৰাজ্যত মিত্ৰজোঁটৰ অন্যতম অগপ পাৰ্বত্য জিলাখনত বিজেপিৰ বিৰোধী শিবিৰত আছে।

ফলত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত বিতুষ্ট হোৱা বিজেপিৰ ভালে সংখ্যক নেতা-কৰ্মীয়ে দল ত্যাগ কৰি অগপৰ কাষত থিয় হোৱা দেখা গৈছে। তাৰোপৰি নিৰ্দলীয় প্ৰাৰ্থীৰ উত্থান বৃদ্ধি পোৱাৰ ফলত বিজেপি বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে।

বিজেপি টিকটৰ পৰা বঞ্চিত হৈ ইতিমধ্যে বহুকেইজন নেতা-কৰ্মীয়ে অগপ দলত যোগদান কৰিছে। ইপিনে দলটোলৈ সমৰ্থন আগ বঢ়াইছে লাংটিঙত টিকট বঞ্চিত বিজেপি নেতা হেমন লাংঠাছা। হেমনে লাংটিং আসনৰ পৰা প্ৰাৰ্থিত্ব নাপাই আজি প্ৰাক্তন চি ই এম তথা অগপ কেন্দ্ৰীয় কমিটীৰ নেতা দেবজিত থাউচেনৰ উপস্থিতিত অগপ দলৰ সভাত উপস্থিত থাকে। এই ঘটনাই লাংটিঙত অগপৰ আশা বৃদ্ধি কৰিলে। উল্লেখ্য যে দেবজিত থাউচেন ১৪ নম্বৰ লাংটিং আসনৰ পৰা অগপ দলৰ মনোনয়নত প্ৰতিদ্বন্দ্বিতা কৰিব।

আজি অগপ দলক আনুষ্ঠানিকভাৱে সমৰ্থন কৰি হেমন লাংঠাছাই বিজেপি ডিমা হাচাও নেতৃত্বক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় “বিজেপি দলৰ আদৰ্শ ভাল। নৰেন্দ্ৰ মোদীৰ নিচিনা নেতা দেশৰ প্ৰধান মন্ত্ৰী যি আমাৰ কাৰণে গৰ্ব। কিন্তু স্বাৰ্থান্বেষী নেতৃত্বৰ কাৰণে জিলাৰ বিভিন্ন আসনত উপযুক্ত দলীয় নেতা প্ৰাৰ্থীৰ পৰা বঞ্চিত হৈছে।” হেমনে অভিযোগ আনে যে শিক্ষাগত যোগ্যতা নথকা অধিকাংশ  ব্যক্তিক প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে।

তেওঁ এখন নিৰ্বাচনী সভাত বক্তব্য প্ৰসংগত কয়, “লাংটিং মণ্ডল বিজেপিৰ অধিকাংশ নেতা-কৰ্মী বিজেপি এৰি অগপত আজি যোগদান কৰিছে। সেই কাৰণে অহা ১৯ তাৰিখৰ নিৰ্বাচনত লাংটিং সমষ্টিত বিজেপিৰ পৰাজয় অৱশ্যম্ভাবী।”

তেওঁ লগতে কয় “দেৱজিত থাউচেন জয় লাভ কৰি তৃতীয়বাৰৰ কাৰণে পৰিষদৰ চি ই এম হ’ব আৰু লাংটিঙৰ উপৰি পাৰ্বত্য জিলাৰ উন্নয়নত অধিক গুৰুত্ব দিব।”

৫৫৫৭ ভোটাৰ ৰাইজৰ ভিতৰত দেবজিত থাউচেনক ৩০০০ ভোটাৰে ভোট দিব বুলি হেমনে দাবী কৰে।

আনহাতে অগপ প্ৰাৰ্থী দেবজিত থাউচেনেও ৰাইজৰ স্বতঃস্ফূৰ্ত সমৰ্থন দেখি আৱেগিক হৈ পৰে। তেওঁ কয়, “লাংটিঙৰ সামগ্ৰিক উন্নয়নৰ কাৰণে মই প্ৰতিশ্ৰুতিবদ্ধ। অৱশ্যে হেমন লাংঠাছা ২০০৭ চনৰ পৰা মোৰ প্ৰতিদ্বন্দী আছিল। কিন্তু এতিয়া দুয়ো এটা দলৰ হৈ কাম কৰিম।  এনে ক্ষেত্ৰত লাংটিঙৰ উন্নয়ন কোনেও ৰখিব নোৱাৰিব। আজিৰ সভা তথা সমদলত কেইবা শতাধিক অগপ নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে।