সম্প্ৰতি টান জিন্স আৰু টাইট আণ্ডাৰগাৰ্মেণ্ট পৰিধান কৰাটো যুৱকসকলৰ মাজত জনপ্ৰিয় ফেশ্বন হৈ পৰিছে। কিন্তু গৱেষণাই কয়, এই অভ্যাসে পুৰুষৰ প্ৰজনন ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। টান কাপোৰৰ লগতে পেণ্টৰ পকেটত মোবাইল ফোন ৰখাৰ অভ্যাসেও শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰিব পাৰে বুলি চিকিৎসা বিজ্ঞানীসকলে সতৰ্ক কৰিছে।
চিকিৎসা গৱেষণা অনুসৰি, টান কাপোৰ, বিশেষকৈ টাইট আণ্ডাৰৱেৰ বা জিন্স পৰিধানৰ ফলত অণ্ডকোষৰ আশে-পাশৰ উষ্ণতা বৃদ্ধি পায়। শুক্ৰাণু গঠনৰ বাবে অণ্ডকোষৰ উষ্ণতা শৰীৰৰ স্বাভাৱিক উষ্ণতাতকৈ অলপ কম হোৱা প্ৰয়োজন। টান কাপোৰে বায়ু চলাচলত বাধা দিয়ে, যাৰ ফলত অণ্ডকোষৰ উষ্ণতা বাঢ়ি শুক্ৰাণু উৎপাদনৰ প্ৰক্ৰিয়া লেহেমীয়া হয়।
ব্ৰিটেইনৰ এক অধ্যয়নত দেখা গৈছে যে সঘনাই টান আণ্ডাৰৱেৰ পৰিধান কৰা পুৰুষৰ শুক্ৰাণুৰ সংখ্যা ঢিলা কাপোৰ পৰিধান কৰাসকলৰ তুলনাত কম। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণাৰ মতে, টাইট আণ্ডাৰগাৰ্মেণ্টৰ ফলত শুক্ৰাণুৰ সংখ্যা ২৫ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে।
আন্হাতে পেণ্টৰ পকেটত মোবাইল ফোন ৰখাটোও শুক্ৰাণুৰ সংখ্যা হ্ৰাসৰ অন্যতম কাৰণ হ’ব পাৰে। মোবাইল ফোনৰ পৰা নিৰ্গত তড়িৎচুম্বকীয় তৰংগ আৰু তাপে অণ্ডকোষৰ কোষৰ ক্ষতি কৰিব পাৰে। ইয়াৰ উপৰি, কোলাত লেপটপ ৰাখি দীৰ্ঘ সময় কাম কৰাৰ অভ্যাসেও শুক্ৰাণু উৎপাদনত বাধাৰ সৃষ্টি কৰে।
প্ৰজনন ক্ষমতা সুৰক্ষিত ৰাখিবলৈ বিশেষজ্ঞসকলে কেইটামান সাৱধানতা অৱলম্বনৰ পৰামৰ্শ দিছে:
ঢিলা কাপোৰ পৰিধান কৰক: পাতল কপাহী আণ্ডাৰৱেৰ বা ঢিলা পেণ্ট পৰিধান কৰিলে অণ্ডকোষৰ উষ্ণতা নিয়ন্ত্ৰণত থাকে।
পকেটত মোবাইল নৰাখিব: মোবাইল ফোন শৰীৰৰ পৰা দূৰত ৰাখক, বিশেষকৈ পেণ্টৰ পকেটত।
স্বাস্থ্যকৰ জীৱনশৈলী: নিয়মীয়া ব্যায়াম কৰক, ধূমপান আৰু মদ্যপানৰ পৰা দূৰত থাকক।
সুষম খাদ্য: কণী, জামু, আখৰোট, সতেজ ফল-মূল আৰু শাক-পাচলিৰ দৰে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক।
ব্যক্তিগত পৰিচ্ছন্নতা: শৰীৰৰ ব্যক্তিগত অংশ পৰিষ্কাৰ ৰাখক।
বিশেষজ্ঞৰ পৰামৰ্শ: প্ৰজনন সম্পৰ্কীয় কোনো উদ্বেগ থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক।
উল্লেখ্য যএ এই বিষয়ত বৰ্তমান সীমিত পৰিমাণে গৱেষণা হৈছে, আৰু শুক্ৰাণুৰ সংখ্যা হ্ৰাসৰ পিছত এইবিলাকৰ উপৰিও একাধিক কাৰণ থাকিব পাৰে। তথাপিও, টান কাপোৰ আৰু মোবাইল ফোনৰ অপব্যৱহাৰৰ প্ৰভাৱ অস্বীকাৰ কৰিব নোৱাৰি। সুস্থ জীৱনশৈলী আৰু সঠিক পোছাকৰ অভ্যাসে পুৰুষৰ প্ৰজনন স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰিব পাৰে।