• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চেঞ্চুৰিয়ানত চেঞ্চুৰি তিলকৰ; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ দুৰ্দান্ত জয়, ছিৰিজত অগ্ৰগতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2024 7:55 am
561
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয়খন টি-২০ মেচত ভাৰতীয় ক্ৰিকেট দলে ১১ ৰানত জয়লাভ কৰে। লগতে চাৰিখন মেচৰ শৃংখলাত টিম ইণ্ডিয়াই ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰে। কোৱা বাহুল্য যে এই জয়ে টিম ইণ্ডিয়াক এক বৃহৎ মানসিক সকাহ প্ৰদান কৰিব। শুকুৰবাৰে (১৫ নৱেম্বৰ) অনুষ্ঠিত হ’ব শৃংখলাৰ চতুৰ্থ আৰু অন্তিমখন খেল।

তৃতীয় টি-২০ত দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰিবলৈ সিদ্ধান্ত লয়। এই মেচত দক্ষিণ আফ্ৰিকাৰ বলাৰক দিশহাৰা কৰে তিলক ভাৰ্মা আৰু অভিষেক শৰ্মাই।  অভিষেক ৫০ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায় যদিও শেষলৈকে ১০৭ ৰানত অপৰাজিত হৈ আছে তিলক। টিম ইণ্ডিয়াই ৬টা উইকেট হেৰুৱাই ২১৯ ৰান সংগ্ৰহ কৰে।

মেচখনত সুযোগৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ যুৱ বেটছমেন তিলক ভাৰ্মাই। তেওঁ এক দৰ্শনীয় শতক অৰ্জন কৰে। তেলেংগানাৰ এইগৰাকী ক্ৰিকেটাৰে ৫১টা বলতে ১০০ ৰান সংগ্ৰহ কৰে। ইতিমধ্যে তেওঁৰ প্ৰতি ক্ৰিকেটাৰ-অনুৰাগীৰ শুভেচ্ছাৰ বৰ্ষণ আৰম্ভ হৈছে।

তাৰ পিছত দক্ষিণ আফ্ৰিকা বেটিং কৰিবলৈ আহে। আৰম্ভণিতে পোক-পতংগৰ আক্ৰমণৰ বাবে মেচখন প্ৰায় আধা ঘণ্টা ধৰি স্থগিত কৰিবলগীয়া হয়। খেল আৰম্ভ হোৱাৰ পাছত ভাৰতীয় বলাৰসকলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়। দক্ষিণ আফ্ৰিকাই নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই থাকে। অন্তিম ২০ অভাৰত ৭ উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাৰ ইনিংছ ২০৮ ৰানত সমাপ্ত হয়।

এই মেচত ভাৰতীয় বলাৰৰ ভিতৰত অৰ্শদীপ সিঙে তিনিটা উইকেট দখল কৰে। টিম ইণ্ডিয়াৰ স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে দুটা উইকেট দখল কৰে। ইয়াৰ উপৰিও হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট দখল কৰে।

দক্ষিণ আফ্ৰিকাৰ বেটছমেনৰ মাজত মাৰ্কো জেনচেনে অৰ্ধশতক অৰ্জন কৰে। তেওঁ মাত্ৰ ১৭টা বলত ৫৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও হেনৰিক ক্লাচেনে ৪১ ৰান সংগ্ৰহ কৰে। 

Recent News

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd