ক’ৰ’না ভাইৰাছৰ বৰ্দ্ধিত গণ সংক্ৰমণ ৰোধৰ বাবে কামৰূপ মহানগৰ জিলাত ৰাজ্য চৰকাৰে ল’কডাউন ঘোষণা কৰিছিল ৷ আজি লকডাউনৰ চতুৰ্থ দিন ৷
গুৱাহাটী মহানগৰীত ল’কডাউন ভংগ কৰা লোকৰ সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মহানগৰ আৰক্ষী।
এই পৰ্যন্ত ল’কডাউন ভংগ কৰাৰ অপৰাধত গুৱাহাটী মহানগৰীত মহানগৰ আৰক্ষীয়ে মুঠ ১২ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৷
ইপিনে, ল’কডাউন ভংগ কৰাৰ অপৰাধত মহানগৰীত ৫ টাকৈ গোচৰ ৰুজু কৰা হয় ৷
ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজহুৱা স্থানত ৰাজ্য চৰকাৰে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছিল যদিও বহুতো অসচেতন লোকে মাস্ক পৰিধান কৰা পৰিলক্ষিত হোৱা নায়।
মাস্ক নিপিন্ধাৰ বাবে বিভিন্ন লোকৰ পৰা আৰক্ষীয়ে এই পৰ্যন্ত মুঠ ৯,৫০০ টকা জৰিমণা সংগ্ৰহ কৰে।
আনহাতে, আজিৰ দিনটোত ল’কডাউন ভংগ কৰাৰ অপৰাধত আৰক্ষীয়ে দুচকীয়া বাহন ২৩ খন আৰু চাৰিচকীয়া বাহন ২৭ খনকে ধৰি মুঠ ৫০ খন বাহন জব্দ কৰে আৰক্ষীয়ে ৷
ইপিনে, ১ জুলাই পৰ্যন্ত ল’কডাউন ভংগৰ অপৰাধত ৪৩ হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰিছে আৰক্ষীয়ে ৷