আলফা স্বাধীনত যোগদানৰ যো-জা চলোৱা ৩ জন যুৱকসহ এজন নাবালকক আটক তিনিচুকীয়া আৰক্ষীৰ

ulfa

তিনিচুকীয়া আৰক্ষীয়ে ৭ ছেপ্টেম্বৰত  গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত  বৰডুমচা থানা এলেকাৰ পৰা চাৰিজন যুৱকক আটক কৰে৷ এই চাৰি যুৱকে দীৰ্ঘ দিন ধৰি আলফাৰ(স্বাধীন) নেতৃত্বৰ লগত যোগাযোগ স্থাপন কৰি সংগঠনত যোগদানৰ যো-জা চলাই আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷

এই চাৰি যুৱকৰ ভিতৰত এজন নাবালকো আছে৷ ধৃত যুৱক কেইজন ক্ৰমে সঞ্জীব মৰাণ, নিত্য মৰাণ, তৰুণ মৰাণ আৰু এজন  নাবালক৷ আটকাধীন যুৱককেইজনৰ পৰা অধিক তথ্যৰ বাবে আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে উজনি অসমৰ অঞ্চলসমূহত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। সেয়েহে দিশহাৰা হোৱা যুৱকসকল উগ্ৰপন্থী সংগঠনৰ প্ৰতি আকৃষ্ট হৈ পৰিছে। ইয়াৰ ফলতেই আলফাত (স্বাঃ) অসমীয়া যুৱক-যুৱতীয়ে যোগদান কৰি আহিছে বুলি এক সূত্ৰত প্ৰকাশ৷

এই ক্ষেত্ৰত ভাৰত ৰাষ্ট্ৰই নিবনুৱা সমস্যা, সামাজিক অৰ্থনৈতিক সমস্যা তথা দীৰ্ঘদিনীয়া আলফা স্বাধীন আৰু ভাৰত ৰাষ্ট্ৰৰ মাজত চলি থকা সংঘাত আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ আহ্বান জনাইছে সচেতন মহলে৷

স্মাতব্য, যে সময়ে সময়ে অসম আৰক্ষী তথা কেন্দ্ৰই আলফাৰ (স্বাধীন) শক্তি হ্ৰাস পোৱা আৰু আলফাৰ কঁকাল ভঙা বুলি দাবী কৰি আহিছে যদিও আলফাৰ (স্বাধীন) শক্তি বৃদ্ধিৰ বাবে সাংগঠনিক-সামৰিক শাখাত নতুন যুৱশক্তিৰ আমদানি অব্যাহত ৰাখিছে বুলি সেনা-আৰক্ষীৰ চোৰাংচোৱাৰ সূত্ৰত প্ৰকাশ৷