তিনিচুকীয়াৰ ৩৩ গৰাকী ব্যক্তিক ঘৰে ঘৰে গৈ জিলা সাংবাদিক সন্থাৰ সম্বৰ্ধনা

ব’হাগৰ প্ৰথম দিনটোত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদোগত বিভিন্ন প্ৰেছ ক্লাৱৰ সহযোগত  ঘৰে ঘৰে  গৈ ৩৩ গৰাকী সমাজজীৱনলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়।

পোন প্ৰথমবাৰৰ বাবে জিলা সাংবাদিক সন্থাই লোৱা এই অভিনৱ কাৰ্যসূচীত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ আৰু সদস্য সমীৰণ বৰঠাকুৰৰ নেতৃত্বত বৰগোলাইৰ ক্ৰীড়া সংগঠক অতুল বৰা আৰু ভানু চক্ৰবৰ্তীক, উপ-সভাপতি পাৰ্থ প্ৰতীম গোস্বামী আৰু মানসপ্ৰতীম গগৈৰ নেতৃত্বত সাহিত্যিক  ইনু মহন্ত কলিতা, সমাজসেৱিকা মলিনা চৌধুৰীক, খিলানাথ অধিকাৰীৰ নেতৃত্বত লীলানাথ শৰ্মা আৰু ডাঃ অপূৰ্ব কুমাৰ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়।

যুটীয়া সম্পাদক তপন দে আৰু শ্যামল নেওগৰ নেতৃত্বত দিপালী বৰপুজাৰী আৰু সাধন গগৈক, ডিগবৈ প্ৰেছ ক্লাবৰ সভাপতি ৰমনী বুঢ়াগোঁহাই, সম্পাদক অৰুপ কলিতা, জিলা প্ৰাক্তন সম্পাদক মনোৰঞ্জন দাসৰ নেতৃত্বত অনিল চন্দ্ৰ শইকীয়া, পোনাৰাম শইকীয়া, পদ্মকান্ত মহন্ত, দুপৰি ফুকন, ৰাণী ধানোৱাৰ, আনন্দ দত্তক, তিনিচুকীয়া প্ৰেছ ক্লাৱৰ সভাপতি সৰোজ গোঁহাই, কমল তালুকদাৰ আৰু জিলা সন্থাৰ সহকাৰী সম্পাদক  উমেশ সিঙৰ নেতৃত্বত সাহিত্যিক পাৰুল শৰ্মা, দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যোগদানন্দ দেৱ গোস্বামী আৰু সাহিত্যিক আব্দুল ৰৌফক সম্বৰ্ধনা জনায়।

ডুমডুমা প্ৰেছ ক্লাৱৰ সম্পাদক তথা জিলা মুখপত্ৰ সম্পাদক মনোজ দত্ত, প্ৰাক্তন জিলা সভাপতি অনুজ কলিতাৰ নেতৃত্বত ডুমডুমা মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফুল্ল মেধি, কবি উজ্জ্বল শইকীয়া আৰু সমাজসংগঠক গোলোক ডেকাক, ছৈখোৱা প্ৰেছ ক্লাৱৰ সভাপতি শান্তুনু গোস্বামীৰ নেতৃত্বত  প্ৰফুল্ল মিশ্ৰ, সুখীধৰ সোনোৱাল, দেবেশ্বৰ মৰাণ, কৈলাশ (মণ্টু) শৰ্মাক, কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি পৰাগ ভূঞা আৰু সম্পাদক দ্বিপেন লহকৰৰ নেতৃত্বত বীণা বৰকাকতী, কুমাৰ দহোটীয়া, সুৰেন্দ্ৰনাথ দহোটীয়া, ৰণীধৰ ডেকাক, শদিয়া প্ৰেছ ক্লাৱৰ সভাপতি বগেন গগৈৰ নেতৃত্বত গুনীন চুতীয়া, ভাগৱতী শৰ্মা, মহঃ চফিকুল আহমেদ, দিল বাহাদুৰ ছেত্ৰী আৰু  দিপালী চাবুকধৰাক সম্বৰ্ধনা জনোৱা হয়।

জিলা সাংবাদিক সন্থাৰ অন্তৰ্গত প্ৰতিটো প্ৰেছ ক্লাবেই এই কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ বাবে প্ৰতিটো প্ৰেছ ক্লাবক জিলা সভাপতি ঋষি দাস আৰু সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে ধন্যবাদ জ্ঞাপন কৰে।