• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘পাকিস্তানৰ হিন্দুসকলক ভাৰতলৈ পঠোৱাৰ স্বাৰ্থতে মোদী চৰকাৰ ক্ষমতালৈ অহাটো বিচাৰিছে ইমৰান খানে’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 16, 2019 8:52 pm
934
VIEWS
Share on FacebookShare on Twitter

‘পাকিস্তানত থকা হিন্দু লোকক ভাৰতলৈ পঠোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰি পুনৰবাৰ মোদী চৰকাৰ শাসনলৈ অহাতো কামনা কৰিছে পাকিস্তানৰ প্ৰধান মন্ত্ৰীয়ে।‘ এই গুৰুতৰ অভিযোগ অগপৰ পৰা পদত্যাগী নেতা তথা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক চৰণ ডেকাৰ।

মঙলবাৰে গুৱাহাটী প্ৰেছক্লাবত এক সংবাদমেল সম্বোধন কৰি ডেকাই কয়, ‘পাকিস্তানৰ প্ৰধান মন্ত্ৰীয়ে মোদী চৰকাৰ আহিলে শান্তি হ’ব বুলি কৈছিল। এই কথাটো কি যুক্তিত কৈছে? এইকাৰণেই কৈছে যে পাকিস্তান বা বাংলাদেশত যিবোৰ হিন্দু লোক আছে সেইবিলাকক অত্যাচাৰ কৰিব আৰু অসমত পঠিয়াই দিব। এনেকুৱা এক ভয়ানক পৰিবেশ সৃষ্টিৰ কাৰণে পাকিস্তান চৰকাৰ আগবাঢ়িছে।‘

পাকিস্তান আৰু বাংলাদেশৰ প্ৰসংগ উত্থাপন কৰি তেওঁ আৰু কয়, ‘দুয়োখন দেশতে হিন্দুৰ ওপৰত ৰাজনৈতিক অত্যাচাৰ হোৱা নাছিল যদিও এতিয়া ৰাজনৈতিক অত্যাচাৰ হ’ব আৰু তেওঁলোকক অসমলৈ খেদি দিব।‘

চৰণ ডেকা, বাওঁফালৰ জন। ফটো য়ু বি

‘যদি ১ কোটি মানুহ পাকিস্তান আৰু বাংলাদেশৰ পৰা আহি যায়, অসমৰ অস্তিত্ব কি হ’ব?’ ডেকাৰ প্ৰশ্ন।

তেওঁ কয় যে ইতিমধ্যে কোনোধৰণৰ নথি-পত্ৰ নোহোৱাকৈ ১৯৭১ চনৰ পৰা ২০১৪ চনৰ ডিচেম্বৰ পৰ্য্যন্ত অসমলৈ প্ৰায় ২০ লাখ হিন্দু ধৰ্মী বাংলাদেশীয়ে অনুপ্ৰৱেশ কৰিছে বুলি থাৱৰ কৰা হৈছে।

‘মোদী চৰকাৰক পুনৰবাৰ শাসনৰ গাদীলৈ অনাটো ৰাইজৰ কাৰণে উচিত হ’ব নে অনুচিত হ’ব?’ সংবাদমেলত এই প্ৰশ্ন তুলি ডেকাই কয় ‘অসমীয়া মানুহক লগত লৈ অসমীয়াৰ বুকুতে মোদী চৰকাৰে চুৰি মাৰিব খুজিছে।‘ সেয়ে তেওঁ ৰাইজক ‘জাতীয় জীৱনৰ স্বাৰ্থ উৰ্দ্ধত ৰাখি’ বাকি থকা দুটা পৰ্য্যায়ৰ ভোটগ্ৰহণত ভোট দিবৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অগপৰ সভাপতি অতুল বৰাক ‘ক্ষমতালোভী’ আখ্যাৰে দলৰ পৰা ওলাই অহা ডেকাই আজিৰ সংবাদমেলত পুনৰবাৰ দলটোৰ নেতৃত্বক আক্ৰমণৰ লক্ষ্য কৰি লয়।

‘অগপ দলটো গঠন হোৱাৰ পাছত তাৰ নেতাসকল ইমান ভ্ৰষ্টাচাৰী হ’ল আৰু দুৰ্নীতিগ্ৰস্ত হ’ল, তেওঁলোকে টকা-পইছাৰ বাহিৰে পৃথিৱীত একোৱেই চিনি নাপালে। আজিৰ কিছুসংখ্যক নেতৃত্বই দলটোক বিক্ৰী কৰিলে। এই পৰিস্থিতিত এটা আঞ্চলিক ৰাজনৈতিক দল শক্তিশালী হ’ব নোৱাৰে।‘ ডেকাই কয়।

Recent News

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বন

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বন

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd