NORTHEAST NOW (Assamese)

গুৱাহাটীত শিক্ষানুষ্ঠানৰ সন্মুখতে মুকলিভাৱে বিক্ৰী হৈ আছে ধঁপাত : সমীক্ষা

March 30, 2019 6:47 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীসমূহে গুৱাহাটী মহানগৰীত অতি কৌশলেৰে আৰু পৰিকল্পিতভাৱে বিদ্যালয়ৰ ছাত্র-ছাত্ৰীক ধঁপাতৰ প্ৰতি আকৰ্ষিত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানৰ কাষত এনে সামগ্ৰীৰ বিজ্ঞাপন প্ৰচাৰ আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে।

অসমত দীৰ্ঘদিন ধৰি ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত কাম কৰি থকা কনজিউমাৰছ লিগেল প্ৰটেকশ্যন ফৰাম, অসম আৰু নতুন দিল্লীৰ কনজিউমাৰ ভয়েচে শেহতীয়াভাৱে গুৱাহাটী, যোৰহাটকে ধৰি ডিব্ৰুগড় চহৰত চলোৱা এক সমীক্ষাত ধঁপাতক কেন্দ্ৰ কৰি এনে কিছুমান ভয়াৱহ তথ্য পোহৰলৈ আহে।

চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন (COTPA) মুকলিভাবে উলংঘা কৰি কোম্পানীসমূহে আনকি ৮ বছৰীয়া শিশুকো ধঁপাত বিক্ৰী কৰাৰ ভয়াৱহ তথ্য সমীক্ষাত পোহৰলৈ আহিছে।

শুকুৰবাৰে গুৱাহাটীৰ হোটেল ৰিভেৰাত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ এখন কৰ্মশালাত সমীক্ষাৰ তথ্যসমূহ সদৰী কৰি কনজিউমাৰছ লিগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই জানিবলৈ দিয়ে যে গুৱাহাটীৰ ৭১ শতাংশ শিক্ষানুষ্ঠানৰ চৌহদৰ কাষতে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী মুকলিভাৱে বিক্ৰী হৈ আছে।

বহুজাতিক ধঁপাত কোম্পানীসমূহে সৰু সৰু আৰু অস্থায়ী দোকানৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰী ছাত্ৰ -ছাত্ৰীৰ মাজত বিক্ৰী কৰি আছে। মহানগৰীৰ ৫৯ শতাংশ শিক্ষানুষ্ঠানৰ চৌহদৰ বাহিৰত ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ বিজ্ঞাপন আছে। ৮২ শতাংশ এনে দোকানে চিগাৰেট আৰু বিড়িৰ সৈতে ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰিবলৈ চিপছৰ দৰে সামগ্ৰীও বিক্ৰী কৰি আছে। শিক্ষানুষ্ঠানৰ বাহিৰত থকা স্থায়ী আৰু অস্থায়ী দোকানে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী মুকলিমূৰীয়াভাবে প্ৰদৰ্শন কৰি থৈছে।

কৰ্মশালাত ধঁপাত বিক্ৰীৰ বাবে অনুজ্ঞা পত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি যুৱ প্ৰজন্মক ধঁপাত বিক্ৰী কৰাৰ ক্ষেত্ৰত কিদৰে বাধা দিব পাৰি সেই বিষয়ে স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্ৰণ কোষৰ ৰাজ্যিক নডেল বিষয়া ডাঃ অৰুন্ধতী ডেকাই  বিস্তৃতভাবে আলোচনা আগবঢ়ায়।

তদুপৰি, যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰ পৰা কেনেকৈ ৰক্ষা ৰাখিব পাৰি সেই বিষয়ে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডি আই জি প্ৰতুল ফুকন, ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক ডাঃ শ্ৰাৱনা মিশ্ৰ ভাগৱতী, দৈনিক পূৰ্বদয়ৰ সম্পাদক ৰবি শংকৰ ৰবি, সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দ্বিজেন্দ্ৰ নাথ বৰঠাকুৰ, চাইল্ড লাইন, গুৱাহাটী শাখাৰ সিদ্ধেশ্বৰ দাসে মতামত আগবঢ়ায়।

COTPA আইন অতি কঠোৰভাৱে বলবৎ কৰি শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ দূৰত্বৰ ভিতৰত ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী আৰু বিজ্ঞাপন নিষিদ্ধ কৰিবলৈ কনজিউমাৰছ লিগেল প্ৰটেকশ্যন ফৰামৰ আঞ্চলিক সমন্বয়ক হৃদয় পংকজ দাসে প্ৰশাসনক দাবী জনায়।

Related News