NORTHEAST NOW (Assamese)

আজি ডিমা হাচাওলৈ যাব মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱাল

April 3, 2020 7:32 am · পংকজ কুমাৰ দেব
সৰ্বানন্দ সোণোৱাল। উৎস-ইণ্টাৰনেট

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ উদ্দেশ্যে দেশত চলি থকা লকডাউনৰ মাজতেই আজি ডিমা হাচাও জিলা ভ্ৰমণ কৰিব অসমৰ মুখ্য মন্ত্ৰী সর্বানন্দ সোণোৱাল।

জানিব পৰা মতে, মুখ্য মন্ত্ৰীয়ে আজি ৰাতিপুৱা ১১ বাজি ৫০ মিনিটত গুৱাহাটিৰ পৰা বিশেষ হেলিকপ্টাৰেৰে হাফলং চৰকাৰী বাগানৰ কেন্দ্রীয় বিদ্যালয়ৰ খেল পথাৰত অৱতৰণ কৰিব।

ইয়াৰ পৰা ঘাইপথেৰে পোনে পোনে হাফলং আৱৰ্ত ভৱনত উপস্থিত হ’ব। আৱৰ্ত ভৱনত দুপৰীয়া ১২ মান বজাত উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম দেব’লাল গার্লচা, স্বাস্থ্য বিভাগৰ ই এম চ্যামুয়াল চাংছান, জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা আৰু স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়ববীয়াৰ সৈতে কোভিদ-১৯ লৈ আলোচনাত মিলিত হ’ব।

ইয়াৰ পিছতে বিয়লি ২ মান বজাত পশ্চিম কার্বি আংলঙৰ উদ্দেশ্যে ৰাওনা হ’ব মুখ্য মন্ত্ৰী সোণোৱাল।

ইতিমধ্যে মুখ্য মন্ত্রী অহাৰ খবৰ পোৱাৰ পিছতে ডিমা হাচাও জিলা প্রশাসনে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে প্ৰশাসনৰ কর্ম কর্তা সকলৰ মাজত ব্যস্ততা যথেষ্ট পৰিমানে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

Related News