আজি স্থাপন কৰা হ’ব ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ লাইখুঁটা

Book Fair

প্ৰতিনিধিত্বমূলক ছবি

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আয়োজন কৰা ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা ২০২০ৰ লাইখুঁটা আজি ৫ মাৰ্চত চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত স্থাপন কৰা হ’ব।

অহা ১৪ মাৰ্চৰ পৰা ২৫ মাৰ্চ ২০২০ তাৰিখলৈ বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই গ্ৰন্থমেলাৰ লাইখুঁটা আজি দিনৰ ১১.৩০ বজাত স্থাপন কৰিব বিশিষ্ট বিজ্ঞানী তথা সাহিত্যিক ড০ দীনেশ চন্দ্ৰ গোস্বামীয়ে।

উল্লেখ্য যে, ব্যাপক উৎসাহ-উদ্দীপনাৰে আয়োজন কৰা ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত ইতিমধ্যে ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ নিশ্চিত কৰিছে।

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক প্ৰেছ বিজ্ঞপ্তিত জনোৱা মতে অহা ১৪ মাৰ্চৰ বিয়লি ৩ বজাত ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব। উক্ত উদ্বোধনী অনুষ্ঠানত পৌৰোহিত্য কৰিব বিত্ত-স্বাস্থ্য-শিক্ষা আৰু গডকাপ্টানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত উড়িয়া সাহিত্যিক ড০ প্ৰতিভা ৰায়।

এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ইণ্ডোনেছিয়াৰ প্ৰখ্যাত পাৰফৰমিং পয়েট তাৰা নৌচানতাৰা, বিশিষ্ট উড়িয়া সাহিত্যিক পাৰমিতা সৎপথী।