• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস; কিন্তু ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতা ক’ত?

প্ৰাঞ্জল দেউৰী, গুৱাহাটী by প্ৰাঞ্জল দেউৰী, গুৱাহাটী
November 16, 2021 6:16 pm
Today is National Press Day; But where is India's press freedom
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। চৰকাৰীভাৱেও উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই চাও আহক ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা কিমান? কিমান সাংবাদিকে জীৱন হেৰুওৱাব লগা হৈছে প্ৰধানমন্ত্ৰী মোদী শাসনকালত? কিমানে চৰকাৰী ৰোষত পৰি ত্ৰাহিমধুসুদন দেখিছে?

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়ে চৰকাৰী আৰু বেচৰাকীৰ উভয় পক্ষই আস্ফালন কৰিছে।

আনকি অসম চৰকাৰৰ তথ্য আৰু জনসংযোগৰ বিভাগৰ দায়িত্ব থকা মন্ত্ৰী পীয়ুষ হাজৰিকাই চৰকাৰী প্ৰেছ দিৱসত দেশৰ স্বনামধন্য মেগেছেচে বঁটা বিজয়ী সাংবাদিক ৰাবিশ কুমাৰক সকিয়নীও দিছে। আপোনালোকে পাহৰি নাযাব সাংবাদিকৰ স্বাধীনতাৰ কথা কোৱা এইজন মন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে সাংবাদিক ফোন যোগে ন’ হুৱেৰ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল।

নিজকে ‘বহুত ওপৰৰমাল’ বুলি ঘোষণা কৰি সাংবাদিকৰ ঠেং ভাঙি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল। সেইজন মন্ত্ৰীয়েই আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে পালন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মুখ্য অতিথি।

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতত সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি মান্যতা দিয়া হৈছে। প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াক স্বীকৃতি প্ৰদান কৰি ভাৰতত এক স্বতন্ত্ৰ আৰু দায়িত্বশীল সংবাদ মাধ্যম হিচাপে প্ৰতিষ্ঠাৰ স্বাৰ্থত ১৬ নৱেম্বৰ দিনটোক ভাৰতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৰূপে পালন কৰা হয়।

২০১৪ চনত ক্ষমতা দখলৰ এমাহৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক বাক স্বাধীনতা প্ৰদান কৰা হ’ব বুলি দম্ভ মাৰিছিল। প্ৰধামন্ত্ৰীয়ে কৈছিল আমি বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ নিশ্চয়তা দিব নোৱাৰিলে গণতন্ত্ৰ বাহাল নাথাকিব। কিন্তু ইয়াৰ পিছতে দেশৰ জনগণে প্ৰত্যক্ষ কৰি আহিছে মোদী চৰকাৰে প্ৰদান কৰা বাক আৰু মত প্ৰকাশৰ স্বাধীনতা কি বস্তু।

চৰকাৰী নীতি সমালোচনা বা বিৰোধ মাত মতা লোকৰ বিৰুদ্ধে হয় দেশদ্ৰোহিতাৰ গোচৰ জাপি দিয়া হৈছে নহয় আৰ্বান নক্সাল বুলি অভিহিত কৰা কাৰাৰুদ্ধ কৰা হৈছে। থানাই থানাই বিজেপি আৰু আৰএছএছৰ সদস্যই চৰকাৰ বিৰোধী লোকৰ বিৰুদ্ধে গোচৰৰ ৰুজু কৰি আইনী অত্যাচাৰ চলাই আহিছে। এয়াই প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক প্ৰধান কৰা বাক আৰু মত প্ৰকাশৰ স্বাধীনতা নেকি?

আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে বাক আৰু মত প্ৰকাশৰ স্বাধীনতা দিয়া ভাৰতীয় গণতন্ত্ৰৰ বাবে আটাইতকৈ পৰিহাসৰ কথাটো হ’ল এই যে বিশ্বৰ ১৮০ খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতৰ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ স্থান হৈছে ১৪২ সংখ্যক। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত শাসন ভাৰ লোৱাৰ পিছৰে পৰা ভাৰতৰ সংবাদ মাধ্যম আৰু সাংবাদিক নিগ্ৰহ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। ইমানেই নহয় নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পিছৰে পৰা দেশৰ অধিকাংশ সংবাদ সংস্থা চৰকাৰী ভৃত্য পৰিণত হোৱা পৰিলক্ষিত।

যিকেইটা সংবাদ সংস্থাই চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছে সেইসমূহৰ ওপৰত শাসকীয় দলৰ সমৰ্থক আৰু চৰকাৰী পক্ষই বিভিন্ন সময় অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি যোৱা ২০১৪ চনৰ পৰা চৰকাৰী বিৰোধী স্থিতি লোৱাৰ বাবে ৪০ জনৰো অধিক সাংবাদিক তথা সংবাদ কৰ্মীয়ে জীৱনো হেৰুওৱাইছে। আৰু ২০০তকৈ অধিক সাংবাদিকৰ ওপৰত আক্ৰমণজনিত ঘটনা ঘটিছে।

বিবিচিৰ এক প্ৰতিবেদনৰ মতে ভাৰতত ২০১৪ চনৰপৰা চলিত বৰ্ষলৈকে চৰকাৰী নীতিক তথা চৰকাৰক বিৰোধিতা কৰা বাবে ৪০০তকৈও অধিক লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰ মাজত বুজন সংখ্যক সাংবাদিকো আছে। ২০২০ চনত গীতা চেছুৰ ফ্ৰী স্পীচ কালেক্টিভৰ এক অধ্যয়ন অনুসৰি বিগত সময়ছোৱাত ৬৭ জন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে।

বিগত বৰ্ষত উত্তৰ প্ৰদেশৰ এগৰাকী দলিত যুৱতীৰ দলবদ্ধ ধৰ্ষণৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী সাংবাদিকক যোগী আদিত্যনাথৰ চৰকাৰে কাৰাৰুদ্ধ কৰি ৰাখিছে। ইমানেই নহয় বেটী বচাও বেটী পঢ়াও শ্লোগান দিয়া মোদী চৰকাৰৰ আমোলত বহু মহিলা সাংবাদিকো চৰকাৰী পক্ষৰ অত্যাচাৰ তথা আক্ৰমণৰ সন্মুখীন হৈছে। অথচ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত চৰকাৰী পক্ষই সাংবাদিকৰ স্বাধীনতাৰ ওপৰত লেকচাৰৰ ফুলজাৰি মাৰিবলৈ ধৰিছে।

অৱশ্যে ইয়াৰ সমান্তৰালভাৱে চৰকাৰী প্ৰপাগণ্ডা প্ৰচাৰ কৰি ভৃত্যত পৰিণত হোৱা সংবাদ সংস্থাসমূহৰ অৱস্থা জয়জয়কাৰ বুলি ক’ব পাৰি। চৰকাৰী ভৃত্যত পৰিণত হোৱা সংবাদ সংস্থা আৰু সাংবাদিক আৰু সংবাদ কৰ্মীক স্বাধীনতাৰ দিয়া বুলিছে, তেনে আমাৰ ক’বলগীয়া একো নাই। তেতিয়া আমাৰ এটাই ক’বলগীয়া আছে যে জনতাইও যদি চৰকাৰী এই প্ৰপাগণ্ডাত ভৰি দিয়ে তেনে ভাৰতীয় গণনন্ত্ৰৰ যি অৱশিষ্টখিনি বাকী আছে সেইখিনিকো আমি বিলোপ কৰাত চৰকাৰী পক্ষৰ লগতে উজান দিয়া হ’ব।

দেশৰ গণতন্ত্ৰ পুনঃপ্ৰতিষ্ঠা আৰু সুৰক্ষিত ৰক্ষাৰ স্বাৰ্থতে চৰকাৰী প্ৰপাগণ্ডা আৰু চৰকাৰী ভৃত্যত পৰিণত হোৱা সংবাদ সংস্থাসমূহক বিৰোধ কৰাটো আজিৰ পৰিস্থিতিৰ সৰ্বাত্মক দাবী।

প্ৰাঞ্জল দেউৰী, গুৱাহাটী

প্ৰাঞ্জল দেউৰী, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd