• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি- বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন

মুকলি সভাত উপস্থিত নাথাকিল শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
January 9, 2022 3:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন অভিভাৱকে তেওঁলোকৰ ল’ৰা- ছোৱালীক প্ৰথমে প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিয়ে ৷ তাৰ পিছত যেতিয়া ল’ৰা- ছোৱালী আহি বিদ্যালয় চৌহদত ভৰি দিয়ে, তেতিয়া তেওঁলোকৰ প্ৰতি শিক্ষকসকলৰ দায়িত্ব আহি পৰে ৷ এই মন্তব্য অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ অতিৰিক্ত সঞ্চালক নৃপেন দাসৰ ৷

শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে বঙাইগাঁও চহৰত আৰম্ভ হোৱা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৩ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশনখনৰ শনিবাৰে দ্বিতীয় দিনা অনুষ্ঠিত হোৱা মুকলি সভাত শিক্ষামন্ত্ৰীৰ অনুপস্থিতিত প্ৰতিনিধি হিচাপে উপস্থিত থকা মুখ্য অতিথি তথা শিক্ষা বিভাগৰ অতিৰিক্ত সঞ্চালকগৰাকীয়ে এইদৰে কয় ৷

বঙাইগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত জিলা পুথিভঁৰাল সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত শিক্ষা বিষয়া দাসে কয় যে মানুহৰ ভৰি দুখন যদি ঠিক নাথাকে তেতিয়া মানুহজনে খোজ কাঢ়িব নোৱাৰে ৷

ঠিক তেনেকৈ এটা কেবামহলীয়া অট্টালিকা বনালেও ফাউণ্ডেচন যদি ঠিক নাথাকে তেতিয়াহলে অট্টালিকাটো যি কোনো সময়ত বাগৰি পৰিব পাৰে ৷ সেয়ে প্ৰাথমিক শিক্ষকসকলৰ দায়িত্ব অধিক ৷

তেওঁ বৰ্তমানৰ ৰাজ্যখনৰ প্ৰাথমিক শিক্ষক সমাজৰ লগত পূৰ্বৰ শিক্ষক সমাজৰ বহু পাৰ্থক্য দেখিছো বুলি উল্লেখ কৰি কয় যে আজি কালি বহু শিক্ষক – শিক্ষয়িত্ৰী স্মাৰ্ট হৈছে ৷ কিন্তু কেৱল শিক্ষক – শিক্ষয়িত্ৰীসকল স্মাৰ্ট হলে নহ’ব ৷ আমাৰ ছাত্ৰ – ছাত্ৰীসকলকো স্মাৰ্ট কৰিব লাগিব ৷

যেতিয়া ছাত্ৰ – ছাত্ৰীসকল স্মাৰ্ট হৈ উঠিব আৰু শিক্ষকসকলে যেতিয়া তেওঁলোকক স্মাৰ্ট কৰি উঠাব তেতিয়া গাঁওখন আমাৰ স্মাৰ্ট ভিলেইজ হিচাপে পৰিগণিত হ’ব ৷ গাঁওখন যেতিয়া স্মাৰ্ট ভিলেইজ হিচাপে পৰিগণিত হ’ব তেতিয়া আমাৰ চহৰখন স্মাৰ্ট চিটি হিচাপে পৰিগণিত হ’ব আৰু তেনেকৈয়ে দেশখন আগবাঢ়ি যাব ৷

তেওঁ লগতে কয় যে একবিংশ শতিকাত আমাৰ সন্মুখত আহি পৰা বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰত্যাহ্বানক যাতে গ্ৰহণ কৰিব পাৰো তাৰ বাবে শিক্ষকসকলে অধিক সময় কাম কৰি হলেও সেই পথত উপনীত হোৱাৰ বাবে ছাত্ৰ সমাজক সাজু কৰি তুলিব লাগিব ৷ তেওঁ নিজৰ ভাষণত ভাৰতবৰ্ষৰ বাহিৰৰ যিসমূহ উন্নত দেশ আছে তাৰ তুলনাত আমি বহুক্ষেত্ৰত পিছপৰা বুলি কৈ বিদ্যালয়ত শিক্ষকতা কৰা শিক্ষকসকলক পঢ়াত মন নিদিয়া ল’ৰা – ছোৱালীসকলৰ প্ৰতি নজৰ দিবলৈ কয়৷ তেওঁ কয় যে বিদ্যালয়ত কিছুমান ল’ৰা- ছোৱালীয়ে পঢ়াত ধুনীয়াকৈ মন দিয়াৰ বিপৰীতে আন কিছুমানে মন দিয়া নাই ৷ মন নিদিয়াৰ কাৰণটো হ’ল তেওঁলোকৰ এনিমিয়া আছে ৷

এইক্ষেত্ৰত উন্নত দেশবিলাক সদায় সচেতন ৷ সেয়ে আমি লক্ষ্য ৰাখিব লাগব আমাৰ ছাত্ৰ – ছাত্ৰীসকলৰ হিম’গ্লবিনৰ অভাৱ আছে নেকি? হিম’গ্লবিন কম থকা ল’ৰা – ছোৱালীক যিমানে চেষ্টা নকৰাওক কিয় পঢ়া – শুনাত মনোনিৱেশ কৰাব নোৱাৰে ৷ এই ক্ষেত্ৰত শিক্ষকসকলক গুৰুত্ব দিবলৈ আহ্বান জনায় ৷ তেওঁ লগতে বিদ্যালয়সমূহত মধ্যহ্ন ভোজনৰ বাবে অৰ্গেনিক কিছেন গাৰ্ডেন গঢ়ি তোলাৰ বাবেও গুৰুত্বাৰোপ কৰে ৷

যাতে সতেজ শাক – পাচলি ছাত্ৰ – ছাত্ৰীসকলক খুৱাব পাৰে ৷ আনহাতে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত শিক্ষক সমাজে যাতে আমাৰ ছাত্ৰ – ছাত্ৰীসকলক আগবঢ়াই নিব পাৰে সেয়া লক্ষ্য হ’ব লাগিব বুলি কৈ কয় যে কাৰণ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত যদি আগবঢ়াই নিব নোৱাৰো তেতিয়াহলে আমি সদায় পিছপৰি থাকিম ৷

কিছুমান শিক্ষক আছে যিসকলে বিদ্যালয়খনতে বেছি সময় থাকে আৰু অতি নিয়াৰিকৈ বিদ্যালয়খন চলাই আছে ৷ আন কিছুমান শিক্ষক আছে যিসকলে কেৱল নিজৰ ক্লাচটো কৰি কেনেকৈ যাব পাৰে সেয়া ভাৱে ৷ এই দুই শ্ৰেণীৰ শিক্ষক দেখিছো ৷ কিন্তু কথা হ’ল শিক্ষকতা বৃত্তিটো এটা বৰ সন্মানীয় বৃত্তি ৷

এই বৃত্তিটো যদি আপোনালোকে ভালদৰে ৰাখিব পাৰে তেতিয়াহলে আপোনালোকে নিশ্চয় সেই সন্মানটো সদায় পাই থাকিব ৷ সেয়ে শিক্ষকসকলে এনে কাম কৰি যোৱা উচিত যিটো সদায় সন্মানৰ পাত্ৰ হৈ থাকে ৷ এনে কাম নকৰিব যিটো কামৰ বাবে আপোনাক মৃত্যুৰ পিছতো আনে ধিক্কাৰ দিবলগীয়া হয় ৷

কেৱল শিক্ষকতা কৰিলেই নহ’ব , সমাজখনক আগবঢ়াই নিয়াৰ দায়িত্বও আপোনালোকৰ আছে ৷ সমাজখনত যাতে শিশু শ্ৰমিক বন্ধ হয়, বাল্য বিবাহ বন্ধ হয়, সেই ক্ষেত্ৰতো শিক্ষক সমাজৰ দায়িত্ব আছে বুলি কয় ৷ শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰে কয় যে যদি কোনোবা শিক্ষকক কোনোবা মানুহে সন্মান কৰে তেতিয়াহলে সেইজন হৈছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৷ মানুহ এজন যিমানে উচ্চ পৰ্যায়লৈকে নাযাওক কিয় কোনেও কিন্তু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক পাহৰিব নোৱাৰে ৷ সদায় তেওঁলোকক সন্মান যাঁচে ৷

বিধায়কগৰাকীয়ে সভাত উপস্থিত থাকি নিজকে হতাশ অনুভৱ কৰা বুলি কৈ কয় যে আমাৰ সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল শিক্ষা বিভাগৰ প্ৰাথমিক শিক্ষকসকল ৷ তেওঁলোকৰ দ্বি- বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে, কিন্তু আমাৰ চৰকাৰৰ যিসকল নীতি নিৰ্ধাৰণকাৰী ব্যক্তি তথা যিসকল মঞ্চত থাকিব লাগিছিল সেইসকল কিন্তু নাই ৷ এই কথাখিনি মই ৰাজনৈতিক ব্যক্তি হিচাপে কোৱা নাই ৷ এয়া মোৰ ব্যক্তিগত অনুভৱ ৷যদি আমি প্ৰাথমিক শিক্ষকসকলক গুৰুত্ব দিব নিশিকো, তেতিয়াহলে আমাৰ সমাজখন কেনেকৈ এখন শিক্ষিত ধুনীয়া সমাজ গঢ়ি উঠিব তাত সন্দেহ থাকে ৷ শিক্ষামন্ত্ৰী উপস্থিত নাথাকিলেও অভিভাৱকমন্ত্ৰী উপস্থিত থাকিলেও ভাল লাগিল হেতেন ৷ কাৰণ শিক্ষকসকলৰ যিসমূহ দাবী আছে সেয়া বিষয়া পৰ্যায়ত তাৎক্ষণিকভাৱে সিদ্ধান্ত দিব পৰাটো সম্ভৱ নহয় ৷

এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতি যিটো সন্মান দিব লাগিছিল সেই ক্ষেত্ৰত কিছু ত্ৰুটি হোৱা যেন অনুভৱ হৈছে ৷ বিধায়কগৰাকীয়ে লগতে কয় যে আপোনালোকে কথাবোৰ নিজে আত্ম সমালোচনা কৰি চোৱা উচিত যে আজি কালি কিয় গাঁৱৰো ল’ৰা – ছোৱালীসকলক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাবৰ কাৰণে অভিভাৱকলকলৰ হেতা ওপৰা লাগিছে? এই সম্পৰ্কত প্ৰাথমিক শিক্ষকসকলে অলপ চিন্তা – চৰ্চা কৰি চোৱাতো ভাল হ’ব ৷ আনকি আপুনি নিজেও বিচাৰে যে আপোনাৰ সন্তান ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ক ৷ ইয়াৰ কাৰণ হ’ল নিশ্চয় আপোনালোকৰ কৰণীয় কিছু কাম ৰৈ গৈছে ৷ আমাৰ সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় নাছিল ৷

কেৱল মিছনাৰী বিদ্যালয় আছিল ৷ কিন্তু বৰ্তমান বেঙৰ ছাতিৰ দৰে যিটো হাৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ়ি উঠি আছে আৰু অভিভাৱকসকলে নিজৰ সন্তানক পঢ়ুৱাবলৈ হেতা ওপৰা লাগাই আছে এই সোঁতটো যাতে ওলোটাই দিব পাৰো ,এইক্ষেত্ৰত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে চিন্তা কৰিব লাগিব বুলিও কয় ৷ তেওঁ শিক্ষকসকলৰ যদি কিবা বিষয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ বিধান সভাৰ মজিয়াত উত্থাপন কৰিব লাগে, তেতিয়াহলে কৰিব বুলিও কয় ৷ সভাত অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ দ্বাৰা ঘোষিত শিক্ষকশ্ৰী, দ্ৰোণাচাৰ্য, হীৰালাল পাটোৱাৰী, ভিডিঅ’ আৰু আলোচনী প্ৰতিযোগিতাৰ বঁটাসমূূহ বিতৰণ কৰা হয় ৷ সেইদৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মুখপত্ৰ ‘ শিক্ষাজ্যোতি উন্মোচন কৰে সন্মিলনীৰ প্ৰাক্তন সভাপতি জীৱন চন্দ্ৰ বৰাই আৰু আদৰণি সমিতিৰ স্মৃতিগ্ৰন্থ ‘জ্ঞানৰত্ন’ উন্মোচন কৰে সন্মিলনীৰ উপদেষ্টা আব্দুল ৰছিদে ৷ অধিৱেশনৰ মুকলি সভাত ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল লক্ষ্য হিচাপে দেশৰ ৩ কোটি ২২ লক্ষ বিদ্যালয় বহিৰ্ভূত শিশুক ২০২৫ চনৰ ভিতৰত বিদ্যালয়মুখী কৰাৰ বাবে যি এটা দায়িত্ব প্ৰদান কৰিছে তাৰ অংশ হিচাপে এখন পষ্টাৰ মুকলি কৰা হয় ৷

লগতে শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে ছাতি মেলিও সংকল্প লয় ৷ পষ্টাৰ মুকলি কৰে বিধায়ক আৰু শিক্ষা বিভাগৰ অতিৰিক্ত সঞ্চালকে ৷ সভাত বিদ্যালয় বহিৰ্ভূত শিশুসকলক বিদ্যালয়মুখী কৰা আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে সকলোৱে শপঠ বাক্য পাঠ কৰি সংকল্প গ্ৰহণ কৰে ৷

শপত বাক্য পাঠ কৰোৱায় শিক্ষা বিভাগৰ অতিৰিক্ত সঞ্চালক নৃপেন দাসে ৷ সভাত বঙাইগাঁৱৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক জলেশ্বৰ নাৰ্জাৰী, বিদ্যালয়সমূহৰ সহ পৰিদৰ্শক ভদ্ৰাৱতী বৰ্মনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, সন্মিলনীৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

নিশা প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হয় ৷ উল্লেখ্য যে মুকলি সভাত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, খাদ্য আৰু যোগান তথা বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস আৰু শিক্ষা উপদেষ্টা ডঃ ননী গোপাল মহন্ত উপস্থিত থকাৰ কথা আছিল যদিও কোনো উপস্থিত নাথাকিল ৷ ইপিনে ক’ভিড পৰিস্থিতিৰ বাবে বাতিল হয় সাংস্কৃতিক শোভাযাত্ৰা ৷ সভাত শিক্ষামন্ত্ৰীগৰাকী উপস্থিত নথকা বিষয়টোৱে শিক্ষক সমাজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd