মানসিক স্বাস্থ্যৰ বিষয়সমূহৰ বিষয়ে সজাগতা বৃদ্ধি, মানসিক সুস্থতা ৰক্ষা, মানসিক স্বাস্থ্যৰ উন্নত যত্ন আৰু চিকিৎসা প্ৰদানক আগুৱাই লৈ যোৱাৰ বাবে প্ৰতি বছৰে ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয়।
এই দিনটোৱে মানসিক স্বাস্থ্যক কেন্দ্ৰ কৰি থকা বিভিন্ন ভ্ৰান্ত ধাৰণা দূৰ কৰি প্ৰয়োজনৰ সময়ত সহায় বিচাৰিবলৈ উৎসাহিত কৰে।
বিশ্ব স্বাস্থ্য সংস্থাই ১৯৯২ চনত বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই এই দিৱস বিশ্বব্যাপী অনুষ্ঠিত কৰি অহা হৈছে।
বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ কিছুমান সাধাৰণ বিষয়বস্তু আৰু উদ্দেশ্য হ’ল-
১) সজাগতা বৃদ্ধি : মানসিক স্বাস্থ্যৰ বিষয়, মানসিক ৰোগৰ লগতে ব্যক্তি, পৰিয়াল আৰু সমাজত ইয়াৰ প্ৰভাৱৰ বিষয়ে জনসচেতনতা সৃষ্টি কৰা।
২) বিভ্ৰান্তি দূৰ কৰা : মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৈতে প্ৰায়ে বিভ্ৰান্তিকৰ কথা প্ৰচাৰিত হৈ থাকে, ফলত মানসিক যন্ত্ৰণাৰ ভুক্তভোগী ব্যক্তিজনৰ মানসিক অৱস্থা অধিক বেয়াৰ ফালে ঢাল খায়। গতিকে এনে বৈষম্যমূলক আচৰণ আৰু চিন্তাক প্ৰত্যাহ্বান জনোৱাটোও এই দিৱসৰ এক প্ৰধান উদ্দেশ্য।
৩) মানসিক সুস্থতাক প্ৰসাৰ কৰা : সামগ্ৰিক স্বাস্থ্যৰ অপৰিহাৰ্য দিশ হিচাপে মানসিক সুস্থতা আৰু আত্ম-যত্নৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা।
৪) উন্নত মানসিক স্বাস্থ্যসেৱাৰ পোষকতা কৰা : উন্নত মানসিক স্বাস্থ্য সেৱা, চিকিৎসাৰ সুবিধা, আৰু মানসিক স্বাস্থ্য নীতি প্ৰস্তুতৰ পোষকতা কৰা।
৫) শিক্ষা প্ৰদান কৰা : ব্যক্তিক মানসিক স্বাস্থ্যৰ সমস্যা, ইয়াৰ কাৰণ, আৰু উপলব্ধ চিকিৎসাৰ বিষয়ে বুজিবলৈ সহায় কৰিবলৈ শৈক্ষিক সম্পদ আৰু তথ্য প্ৰদান কৰা।
৬) আক্ৰান্তসকলক সহায় কৰা : মানসিক সমস্যাৰ সৈতে জীয়াই থকা ব্যক্তি আৰু তেওঁলোকৰ পৰিয়াল, বন্ধু-বান্ধৱীক সহায় কৰিবলৈ উৎসাহিত কৰা।
এতিয়া জানো আহক, কিদৰে নিজাববীয়াকৈ মানসিকভাবে সুস্থ হৈ থাকিব পাৰি। সাধাৰণভাবে আপুনি কৰা কেইটামান অভ্যাসে আপোনাৰ মানসিক সমস্যা যেনে উদ্বেগ, হতাশা, বিষণ্ণতা, একাকীত্বৰ পৰা আঁতৰাই ৰখাত সফায় কৰিব পাৰে –
১) শ্বাস-প্ৰশ্বাসৰ ব্যায়াম : গভীৰ উশাহ-নিশাহ ল’লে আপোনাৰ স্নায়ুতন্ত্ৰ শান্ত হয়। নাকেৰে গভীৰভাৱে উশাহ ল’বলৈ চেষ্টা কৰক, কেই চেকেণ্ডমান উশাহ বন্ধ কৰি ৰাখক আৰু তাৰ পিছত মুখৰ মাজেৰে লাহে লাহে উশাহ এৰি দিয়ক। এইদৰে কেইবাবাৰো পুনৰাবৃত্তি কৰক।
২) পেশী শিথিলতাৰ কৌশল (Progressive Muscle Relaxation) : এই কৌশলত আপোনাৰ শৰীৰৰ বিভিন্ন পেশীৰ গোটক টেনচিং কৰা হয় আৰু তাৰ পিছত ইয়াক শিথিল কৰা হয়। ই উদ্বেগৰ লগত জড়িত শাৰীৰিক উত্তেজনা দূৰ কৰাত সহায় কৰিব পাৰে।
৩) ধ্যান : এই অভ্যাসে আপোনাক চিন্তা আৰু অনুভৱৰ প্ৰতি অধিক সচেতন হোৱাত সহায় কৰিব পাৰে। সময়ৰ লগে লগে ধ্যানে উদ্বেগ কমাব পাৰে আৰু আপোনাৰ সামগ্ৰিক সুস্থতা উন্নত কৰিব পাৰে।
৪) শাৰীৰিক ক্ৰিয়া-কলাপ : নিয়মিত ব্যায়ামে দেহৰ লগতে মনটো শান্ত কৰি ৰখাতো সহায় কৰে। ই এণ্ড’ৰ্ফিন মুক্ত কৰি উদ্বেগ হ্ৰাস কৰিব পাৰে।
৫) কেফেইন আৰু সুৰা সীমিত কৰক : কেফেইন আৰু সুৰা দুয়োটাই উদ্বেগৰ লক্ষণ বৃদ্ধি কৰিব পাৰে। গতিকে পাৰিলে বাদ দিয়ক অন্যাথা সীমিত পৰিমাণত সেৱন কৰক কেফেইন আৰু সুৰা।
৬) স্বাস্থ্যকৰ খাদ্য : প্ৰচুৰ পৰিমাণে ফল-মূল, শাক-পাচলি, গোটা শস্য, আৰু ক্ষীণ প্ৰটিনযুক্ত সুষম খাদ্য গ্ৰহণ কৰিলে সামগ্ৰিক সুস্থতাৰ লগতে মানসিক উদ্বেগ হ্ৰাস কৰিব পাৰে।
৭) টোপনি : টোপনিৰ বাবে এটা সময়সূচীৰ নিৰ্ধাৰণ কৰক, পৰ্যাপ্ত টোপনিক অগ্ৰাধিকাৰ দিয়ক। টোপনিৰ অভাৱে উদ্বেগ বৃদ্ধি কৰিব পাৰে।
৮) মানসিক চাপ নিয়ন্ত্ৰণ : আপোনাৰ জীৱনতমানসিক চাপৰ কাৰকবোৰ চিনাক্ত কৰক। ইয়াৰ বাবে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ পৰা সহায় বিচাৰিব পাৰে।
৯) সহায় বিচাৰিব : আপোনাৰ মানসিক সমস্যাৰ বিষয়ে বিশ্বাসী কোনোবা এজনৰ লগত কথা পাতক, সেয়া বন্ধুৱেই হওক, পৰিয়ালৰ সদস্যই হওক বা থেৰাপিষ্টেই হওক।
১০) আত্ম-যত্ন : আপুনি ভাল পোৱা কামৰ বাবে সময় উলিয়াওক। আপোনাক আনন্দ কঢ়িয়াই অনা কামত লিপ্ত হ’লে উদ্বিগ্ন চিন্তাৰ পৰা আঁতৰি থাকিব পাৰিব।
১১) ট্ৰিগাৰ এৰক : আপোনাৰ উদ্বেগ সৃষ্টি কৰা পৰিস্থিতি বা বস্তুবোৰ চিনাক্ত কৰক আৰু সেইবোৰ এৰাই চলিবলৈ চেষ্টা কৰক।
মনত ৰাখিব যে উদ্বেগ দূৰ কৰিবলৈ প্ৰায়ে সময় আৰু কষ্টৰ প্ৰয়োজন হয়। নিজে ধৈৰ্য্য ধৰিব, আৰু যদি আপোনাৰ মানসিক উদ্বেগে আপোনাৰ দৈনন্দিন জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে তেন্তে চিকিৎসকৰ সহায় ল’বলৈ কুণ্ঠাবোধ নকৰিব।