অমৰাৱতীত নুপূৰ শৰ্মাৰ মন্তব্যক সমৰ্থন কৰি হত্যাৰ বলি হোৱা কেমিষ্টৰ হত্যাক গাপ দিব বিচাৰিছিল আৰক্ষীয়ে, সাংসদ নৱনীত ৰাণাৰ দাবী

নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদকলৈ কৰা মন্তব্যৰ পাৰ্শ্ব ক্ৰিয়া হিচাবে শেহতীয়াকৈ দেশত একাধিক হত্যাকাণ্ড সংঘটিত হৈছে। ইয়াৰ মাজতে অমৰাৱতীতত হত্যা কৰা হৈছে এজন কেমিষ্টক।

কেমিষ্ট হত্যাৰ সমগ্ৰ ঘটনাটোকে আৰক্ষীয়ে গাপ দিব বিচাৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহাৰাষ্ট্ৰৰ নিৰ্দলীয় সাংসদ নৱনীত ৰাণাই। ৰাণাই এই প্ৰসংগত অভিযোগ কৰে যে অমৰাৱতীৰ আৰক্ষী আয়ুক্ত আৰতি সিঙে চহৰখনত ৫৪ বছৰীয়া ৰসায়নবিদগৰাকীৰ হত্যাৰ গোচৰটো “গাপ ” দিয়াৰ চেষ্টা কৰিছিল ।

সেয়ে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে ৰাণাই। পূব মহাৰাষ্ট্ৰ চহৰৰ ৫৪ বছৰীয়া ৰসায়নবিদ উমেশ প্ৰহ্লাদৰাও কোলহেই নিলম্বিত বিজেপি নেত্ৰী নুপূৰ শৰ্মাক সমৰ্থন কৰি সামাজিক মাধ্যমত পোষ্ট দিছিল। ইয়াৰ পিছতে তেওঁক মৌলবাদীয়ে হত্যা কৰে। সাংসদ ৰাণাই এই হত্যাকাণ্ডৰ উচিৎ তদন্ত দাবী কৰাৰ লগতে আৰক্ষীয়ে কিয় ঘটনাটো গাপ দিব বিচাৰিছিল তাৰো উত্তৰ বিচাৰে।

ৰাণাই কয় যে আৰক্ষীয়ে প্ৰথমে কৈছিল যে এইটো এটা ডকাইতিৰ ঘটনা আছিল আৰু এনেদৰেই আৰক্ষীয়ে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিল। অমৰাৱতীৰ আৰক্ষী আয়ুক্ত আৰতি সিঙৰ বিৰুদ্ধেও তদন্ত কৰিব লাগিব বুলি সেয়ে ৰাণাই দাবী জনায়। তেওঁ লগতে কয় যে আৰক্ষীয়ে শনিবাৰে উমেশ প্ৰহ্লাদৰাও কোলহেৰ হত্যাৰ অভিযুক্ত মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিছিল আৰু গোচৰটো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক হস্তান্তৰ কৰা হৈছিল। ঘটনাটোত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাগপুৰৰ স্থানীয় বাসিন্দা ৩২ বছৰীয়া ইৰফান খানক।

তেওঁ কলহেক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল । ইয়াৰ পূৰ্বে আৰক্ষীয়ে মুদাছাৰ আহমেদ ওৰফে চনু ৰাজা শ্বেখ ইব্ৰাহিম (২২), শ্বাহৰুখ পাঠান ওৰফে বদশাশা হিদায়াত খান (২৫), আব্দুল তৌফিক ওৰফে নানু শ্বেখ তাছলিম (২৪), শ্বুব খান ওৰফে ভূৰ্য চাবিৰ খান (২২), আতিব ৰছিদ আদিল ৰছিদ (২২) আৰু ইউছুফ বাহাদুৰ খান (৪৪)ক গ্ৰেপ্তাৰ কৰিছিল।