নতুন প্ৰকল্পৰ নামত ৰাজসাহায্য আত্মসাতৰ ফন্দি টপচেম চিমেণ্টৰ সঞ্চালক মণ্ডলীৰ

Topcem-Cement-750x375

উদ্যোগ স্থাপনৰ বাবে চৰকাৰে আগবঢ়োৱা ৰাজ সাহায্য আত্মসাৎ কৰাৰ বাবে এতিয়া উঠি-পৰি লাগিছে টপচেম চিমেণ্টৰ মুৰব্বীসকলে।

সেই উদ্দেশ্যলৈ টপচেম চিমেণ্টৰ পাঁচজনকৈ সঞ্চালকে এটা নতুন কোম্পানী খুলিবলৈ কৰা পৰিকল্পনাৰ  কথা ইতিমধ্যে আমি পোহৰলৈ আনিছো।

টপচেম চিমেণ্টে উৎপাদন ক্ষমতা ১১০.৭৫ শতাংশলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।

নিত্য নতুন কৌশলেৰে কোম্পানীটোৱে চৰকাৰৰ ৰাজসাহায্য কুক্ষিগত কৰাৰ পাং পাতিছে।

টপচেম চিমেণ্টৰ পদাংক অনুসৰণ কৰি তাজ চিমেণ্টেও মেঘালয়ত এটা বৃহৎ প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰিছে।তাজ চিমেণ্ট আৰু টপচেম চিমেণ্টে নতুন প্ৰকল্প স্থাপন অথবা প্ৰকল্পৰ সম্প্ৰসাৰণ কৰাৰ এটাই লক্ষ্য।

সেয়া হৈছে মেঘালয় চৰকাৰে উদ্যোগ আৰু বিনিয়োগ বৃদ্ধি আঁচনি, ২০১৬ৰ অধীনত আগবঢ়োৱা ৰাজসাহায্য আত্মসাৎ কৰা।

মেঘালয় চৰকাৰে ঘোষণা কৰা উদ্যোগ আৰু বিনিয়োগ বৃদ্ধি আঁচনি, ২০১৬  কাৰ্যকৰী হৈ থাকিব ২০২২ চনৰ ২০ ডিচেম্বৰ পৰ্যন্ত। এই আঁচনি খনক এতিয়া মেঘালয়ত চিমেণ্ট কোম্পানীসমূহে খীৰতী গাইৰ দৰে ব্যৱহাৰ কৰি অবাধে ৰাজসাহায্যৰ ধন লুণ্ঠন কৰি আহিছে।

চিমেণ্ট কোম্পানী বিশেষকৈ টপচেম চিমেণ্টে মেঘালয়ৰ জনজাতীয় লোকসকলক উচ্চ দৰত চিমেম্ঠ বিক্ৰী কৰিও মুনাফা লুটি অহাৰ কথা সৰ্বজন বিদিত। অৰ্থনৈতিক ভাবে মেঘালয়ৰ জনতাক শোষণ কৰি অহা চিমেণ্ট কোম্পানীসমূহে ৰাজ্য খনৰ পৰিবেশৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।এই ক্ষেত্ৰত মেঘালয়ৰ চৰকাৰে ৰাজ্য খনৰ জয়ন্তীয়া পাহাৰত থকা চিমেণ্ট কোম্পানীসমূহক উৎপাদন আৰম্ভ কৰাৰ প্ৰথম দিন টোৰ পৰাই ৯৯ শতাংশ এছজিএছটি ৰেহাই দি  আহিছে।

যিটো সময়ত চিমেণ্টৰ এছজিএছটি ১৪ শতাংশহে ৰেহাই দিব লাগে  সেই সময়ত মেঘালয়ৰ চৰকাৰে সাত বছৰৰ বাবে ৰাজ্য খনৰ চিমেণ্ট কোম্পানীসমূহক ৯৯ শতাংশ এছজিএছটি ৰেহাই দি আহিছে।মেঘালয় চৰকাৰৰ এই উদাৰতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে চিমেণ্ট কোম্পানীসমূহে।চিমেম্ঠ কোম্পানীক দিয়া ৰেহাইৰ ধন আওপকীয়াকৈ চৰকাৰে সাধাৰণ জনতাৰ পৰাই সংগ্ৰহ কৰি আহিছে। ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ লোকসকল।

চিমেণ্ট উদ্যোগ সমূহৰ কমেও ২৫ শতাংশ সম্প্ৰসাৰণ কৰাৰ পিছত ৫ বছৰৰ বাবে জিএছটি ৰেহাই পাব।

ইয়াৰোপৰি চিমেণ্ট কোম্পানী বোৰে উদো্যগ নিৰ্মাণ তথা যন্ত্ৰ-পাতি ক্ৰয়ৰ বাবদ ৩০ শতাংশ অনুদান লাভ কৰে।ইয়াৰ লগতে নতুন চিমেণ্ট কোম্পানীক চৰকাৰে ১৫ শতাংশ ‘সীমান্ত অঞ্চল ৰেহাই’ৰ সুবিধা  প্ৰদান কৰি আহিছে ।মেঘালয় চৰকাৰৰ উদ্যোগ নীতি অনুসৰি চিমেণ্ট কোম্পানীয়ে বেংকৰ পৰা লোৱা ঋণৰ ক্ষেত্ৰত তিনি বছৰলৈ ৪ শতাংশকৈ ৰেহাই পাই আহিছে।

একেদৰে চিমেণ্ট কাৰখানাত ব্যৱহাৰ হোৱা চূণ শিলৰ ক্ষেত্ৰত চৰকাৰে এবছৰলৈ ৰয়েল্টি ৰেহাই দি আহিছে।যন্ত্ৰ-পাতি ক্ৰয়ৰ ক্ষেত্ৰত চিমেণ্ট কোম্পানী সমূহক ১০০ শতাংশ চিজিএছটি ঘূৰাই দিয়াৰ ব্যৱস্থা আছে।

কোৱালিটি কন্ট্ৰ’লৰ ক্ষেত্ৰত মেঘালয়ৰ চৰকাৰে চিমেণ্ট কোম্পানীক ৫০ শতাংশ ৰাজসাহায্য প্ৰদান কৰি আহিছে।প্ৰদূষণ নিয়ন্ত্ৰণ আৰু জেনেৰেটৰ ছেটৰ বাবে চৰকাৰে ক্ৰমে ৫০ আৰু ৩০ শতাংশ ৰাজ সাহায্য দি আহিছে।

এনেবোৰ সুবিধা লাভ কৰাৰ বাবেই এতিয়া টপচেম চিমেণ্টে মেঘালয়ত নতুনকৈ বৃহৎ প্ৰকল্প স্থাপন কৰি ৰাজ সাহায্যৰ ধন আত্মসাতৰ  পৰিকল্পনা কৰাৰ কথা এতিয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে।