• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাংলাদেশী ‘মহিলা’ক Topcem চিমেন্টে নিযুক্তি দি ভংগ কৰিছে অসম চুক্তি : গৰজি উঠিল আছু, KMSS আৰু ছাত্ৰ সমাজ

নৰ্থ ইষ্ট নাওৰ ধাৰাবাহিক পাছতো কোনো স্পষ্টীকৰণ নাই টপচেম চিমেন্ট কতৃপক্ষৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 13, 2020 9:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিবনুৱাৰে ভাৰাক্ৰান্ত অসমত বাংলাদেশীক নিযুক্তি।

অসমত নোহোৱা হ’ল নেকি নিৱনুৱা সমস্যা? ‘কিহৰ ভিত্তিত টপচেম চিমেন্টে এগৰাকী বিদেশীক উচ্চ পদত নিযুক্তি দিলে? এনেবোৰ প্ৰশ্নই এতিয়া দোলা দিছে অসমৰ জনসাধাৰণৰ মন-মগজুত।

স্বয়ং গুৱাহাটীতেই আকৰ্ষণীয় পদত চাকৰি পাইছে বাংলাদেশী মহিলাই।

অসমৰ নিবনুৱাৰ পেটত গোৰ মাৰি বাংলাদেশী মহিলাক চাকৰি দিছে টপচেম চিমেন্টে।

মেগা প্লাজাত থকা টপচেম চিমেন্টৰ কৰ্পোৰেট কাৰ্যালয়ত ছিনিয়ৰ মেনেজাৰ হিচাপে নিযুক্ত হৈ আছে মুনেৰা আজম নামৰ মহিলাগৰাকী।

গুৱাহাটীত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তনভিৰ মনছুৰৰ পত্নী মুনেৰা।

এক সূত্ৰৰ পৰা জানিব পৰা মতে বাংলাদেশী কূটনীতিকগৰাকীৰ পত্নীয়ে যোৱা মাৰ্চ মাহৰ পৰা গুৱাহাটীত চাকৰি কৰি আছে।

ইয়াক লৈ এতিয়া গৰজি উঠিছে আছুকে ধৰি অন্যান্য জাতীয় সংগঠনৰ নেতৃত্ব।

গৰজি উঠিছে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য্য। এই কাৰ্য অসম চুক্তিৰ পৰিপন্থী আখ্যা ভট্টাচাৰ্য্যৰ। তেওঁ লগতে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োখনকে দোষাৰোপ কৰে।

‘যিসময়ত ৰাজ্যত লাখ লাখ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপনৰ বাবে হাবাথুৰি খাই ফুৰিছে সেই সময়ত বিদেশৰ এগৰাকী নাগৰিকক মকৰল কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। এইক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আছিল কিন্তু চৰকাৰ দায়িত্ব পালনত ব্যৰ্থ হৈছে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা যুৱক-যুৱতীক নিযুক্তি দিব লাগে।’ ভট্টাচাৰ্য্যই আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।

ইপিনে, এই কাম অসম চুক্তিৰ ৬ নং দফাৰ পৰিপন্থী বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘সেয়েহে অসম চুক্তিৰ ৬ নং দফাত সাংবিধানিক সুৰক্ষা কৱচ হিচাপে মকৰল সন্দৰ্ভত যুক্তি আছে যাতে নিবনুৱাৰ স্বাৰ্থত কেন্দ্ৰীয়, অৰ্দ্ধকেন্দ্ৰীয় ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ সকলো চাকৰি নিবনুৱাৰ স্বাৰ্থত সুৰক্ষিত হয়। অসমত থকা কৰ্পোৰেট প্ৰতিষ্ঠানত কোনে কাক ক’ত মকৰল কৰি ৰাখিছে ৰাজ্য চৰকাৰে ইয়াৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে।’

ইপিনে, টপচেম চিমেন্ট কতৃপক্ষৰ এই হঠকাৰী কাৰ্যক ধিক্কাৰ দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মহানগৰ জিলা সমিতিৰ সভাপতি দেবেন শৰ্মাই কয় ‘অসমৰ নিবনুৱা সমস্যাক লৈ কোনো কৰ্পোৰেট গোষ্ঠী দায়ৱদ্ধ নহয়। তেওঁলোকে কেৱল টকা ঘটিব লাগে আৰু যিকোনো প্ৰকাৰে বহিঃৰাজ্য তথা বিদেশৰ পৰা মানুহ আনি অসমত সংস্থাপন দিয়াৰ বাবে চেষ্টা চলাই আছে। অসমত কি শিক্ষিত নিবনুৱা নাই নেকি? অসমত কি নিবনুৱাৰ অভাৱ আছে নেকি?’

ইপিনে, জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কথা কোৱা সৰ্বানন্দ সোণোৱালে সকলো প্ৰতিশ্ৰুতি পাহৰি কেৱল কৰ্পোৰেট গোষ্ঠীৰ লগত সমন্বয় ৰক্ষা কৰি চলিছে বুলি শৰ্মাই গুৰুতৰ অভিযোগ তোলে।

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আকাশ দলেই এই সন্দৰ্ভত মন্তব্য কৰি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় ‘বিজেপি চৰকাৰে কৰ্পোৰেট গোষ্ঠীসমূহৰ গোলাম হিচাপে কাম কৰি আছে। এগৰাকী বাংলাদেশী মহিলাক গুৱাহাটীত এটা কৰ্পোৰেট গোষ্ঠীয়ে সংস্থাপন দিবলৈ সাহস কৰাটোৰ দৰে ভয়ংকৰ কথা কেতিয়াও হ’ব নোৱাৰে। লকডাউনৰ সময়ত লাখে লাখে নিবনুৱা যুৱক-যুৱতীয়ে নিজৰ কৰ্ম সংস্থাপন হেৰুৱাইছে সেই সময়ত ইয়াত বাংলাদেশীয়ে চাকৰি পায়।’

‘এই চৰকাৰখন কোনো ভিত্তিতে জাতি-মাটি ভেটিৰ চৰকাৰ হ’ব নোৱাৰে। গতিকে এই চৰকাৰক ২০২১ চনত পুলিয়ে পোখাই উৎখাত কৰিই লাগিব।’ দলেই লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দি কয়।

ইয়াক লৈ গৰজি উঠিছে ছাত্ৰ সমাজো। ছাত্ৰ নেতা হীৰকজ্যোতি বৰাই বিজেপি চৰকাৰকে ইয়াৰ বাবে দোষাৰোপ কৰে। বিজেপি চৰকাৰৰ বাংলাদেশী প্ৰীতিৰ বাবেই এনেদৰে কৰ্পোৰেট গোষ্ঠীয়ে বাংলাদেশী মহিলাক গুৱাহাটীৰ দৰে ঠাইত নিযুক্তি দিয়াৰ সাহস কৰা বুলি মন্তব্য প্ৰকাশ কৰে হীৰকে।

তেওঁ কয় ‘এইখন চৰকাৰে জাতি-মাটি ভেটিৰ কথা কৈ গাদীত বহিলে। কিন্তু তেওঁলোকৰ মূল লক্ষ্যই বহিৰাগত আৰু বিদেশীক আনি ইয়াত সংস্থাপিত কৰা। গোটেই অসমখনত চিনিয়ৰ মেনেজাৰ পদৰ বাবে এজনো ব্যক্তি উপযুক্ত নাছিল নেকি? ইয়াত ডাঙৰ ৰহস্য সোমাই আছে আৰু বাংলাদেশলৈ ধন সৰবৰাহ কৰি আছে। তেওঁলোকে বাৰেপতি বাংলাদেশী খেদাম বুলি কৈ ওলোটাই বাংলাদেশীক ইয়াত নিযুক্তি দিয়াত সুবিধা কৰি দিয়ে।’

যি সময়ত ক’ৰ’ণা অতিমাৰি আৰু লকডাউনৰ বাবে ভাৰতত সকলো খণ্ডৰ মাৰ্কেটিং আৰু ছেলছৰ কাৰ্যবাহীসকলে চাকৰি হেৰুৱাইছে বা দৰমহা কৰ্তন হৈছে, তেনে সময়তে বাংলাদেশী কূটনীতিকৰ পত্নীক চাকৰিৰ ‘স্পেচিয়েল অফাৰ’ কৰিছে টপচেম চিমেন্টে। যি কথাই সকলোৰে চকু কপালত তুলিছে।

প্রাথমিক অনুসন্ধানত পোবা তথ্য মতে মুনেৰা আজমৰ মাৰ্কেটিং এণ্ড ছেলছৰ ছিনিয়ৰ মেনেজাৰ পদৰ বাবে কোনো ‘বিশেষ দক্ষতা নাই’।

এক সূত্ৰৰ পৰা জানিব পৰা মতে নৰ্থ ইষ্ট নাও-ত এই সন্দৰ্ভত ধাৰাবাহিক বাতৰি প্ৰকাশ পোৱাৰ পাছত শনিবাৰে পুৱাৰ প্ৰায় ৮:৩০ বজাত টপচেম চিমেণ্ট, অসম শাখাৰ সভাপতি অণিল কাপুৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয় আৰম্ভ হোৱাৰ পূৰ্বে উভটি যায় কাৰ্যালয়ৰ পৰা। কিন্তু বৰ্তমানলৈকে কোনোধৰণৰ স্পষ্টীকৰণ দিয়া নাই টপচেম চিমেন্ট কতৃপক্ষই।

বৰঞ্চ এই বিষয়ৰ পৰা গা এৰা দি চকু মুদা কুলিৰ ভাও জুৰিছে কতৃপক্ষই। ফোনযোগে আমাৰ সাংবাদিকে তেওঁক তিনিবাৰকৈ যোগাযোগ কৰিছিল যদিও তেওঁৰ পৰা কোনোধৰণৰ সঁহাৰি পোৱা নগ’ল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd