• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাৰ ৬ সমষ্টিত মুঠ প্ৰাৰ্থী ৬১ গৰাকী; অবৈধ ধন সৰবৰাহ ৰোধত তৎপৰ জিলা প্ৰশাসন

পুলেন্দ্র দাস by পুলেন্দ্র দাস
March 22, 2021 10:49 am
Barpeta
6.8k
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাত অহা ৬ এপ্ৰিলত অনুষ্ঠিত হব লগা নিৰ্বাচন সন্দৰ্ভত দেওবাৰে বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এক সংবাদমেলৰ আয়োজন কৰে ৷

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সন্ধিয়া ৬ বাজি ৩০ মিনিটত অনুষ্ঠিত সংবাদমেলত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই উল্লেখ কৰে যে, বৰপেটা নিৰ্বাচনী জিলাৰ ৬ টা সমষ্টিত মুঠ ৬১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ হৈছে ৷

বৰপেটা সমষ্টিত ৬ গৰাকী, সৰভোগত ১০ গৰাকী, জনীয়াত ১২ গৰাকী, বাঘবৰত ১০ গৰাকী, সৰুক্ষেত্ৰীত ১২ গৰাকী আৰু চেঙাত ১১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ প্ৰমাণিত হোৱা বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে ৷

তেওঁ কয় যে, বৰপেটা নিৰ্বাচনী জিলাত এইবাৰ ৮০ উৰ্ধৰ ব্যক্তিৰ ১৫৩৪ গৰাকী ব্যক্তিয়ে আৰু ১০৮ গৰাকী বিশেষভাবে সক্ষম ব্যক্তিয়ে ঘৰত ভোটদান কৰাৰ বাবে আবেদন কৰিছে ৷

সেই অনুসৰি তেওঁলোকক দুটা পৰ্যায়ত ভোটগ্ৰহণ কৰা হব ৷ প্ৰথম পৰ্যায়ত ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ আৰু দ্বিতীয় পৰ্যায়ত ৩১ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ আবেদন কৰা ৮০ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তি আৰু বিশেষভাবে সক্ষম ব্যক্তি সকলৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰা হব ৷

অবৈধ ভাবে ধন সৰবৰাহ কৰাৰ ক্ষেত্ৰতো বৰপেটা জিলা প্ৰশাসন অধিক তৎপৰ হোৱা বুলি উল্লেখ কৰি বৰপেটা নিৰ্বাচনী জিলাত মুঠ ১,০৫,৯৯,৮৬৮ টকা জব্দ কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে ৷

সংবাদ মেলত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ছিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, অতিৰিক্ত উপায়ুক্ত ক্ৰমে নৱজিৎ পাঠক, দুলাল দেৱনাথ, সব্যসাচী কাশ্যপ, কৰ্মদেৱ ব্ৰহ্ম, দিলীপ কুমাৰ বোথ্ৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু নিৰ্বাচনী বিষয়া সুশীল কুমাৰ ডেকাও উপস্থিত থাকে ৷

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd