যোৰহাটৰ পৌৰসভা এলেকা সমূহত ৯ জুলাইৰ পৰা সম্পূৰ্ণ লকডাউন

প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটীৰ দৰে যোৰহাটতো গণ সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰি যোৰহাটৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশে পৌৰসভাৰ অধীনৰ এলেকাসমূহত সম্পূর্ণ লকডাউন ঘোষণা কৰিছে৷

যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে জনোৱা অনুসৰি, অহা ৯ জুলাইৰ সন্ধিয়া ৭ বজাৰ পৰা ১৫ জুলাইলৈকে এসপ্তাহজোৰা লকডাউন ঘোষণা কৰা হৈছে৷

দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ধাৰা ৩৪ ৰ অধীনত জিলাখনৰ পৌৰসভাৰ অধীনৰ এলেকাত লকডাউন ঘোষণা কৰা হয় বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে।

আজিৰ পৰা ৯ জুলাইৰ সন্ধিয়ালৈকে পৌৰসভাৰ অধীনৰ সকলো দোকান-পোহাৰ খোলা ৰাখিব পাৰিব। কিন্তু ৯ জুলাইৰ সন্ধিয়া ৭ বজাৰ পিছৰ পৰা সকলোধৰণৰ দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী কার্যালয়, যান-বাহনৰ চলাচল বন্ধ থাকিব৷

কেৱল স্বাস্থ্য সেৱা, নির্বাচিত ডিপো আৰু গেছ এজেঞ্চি, সংবাদ সেৱাকে ধৰি অত্যাৱশ্যকীয় সেৱা সমূহহে খোলা থাকিব৷

উল্লেখ্য যে, সোমবাৰে ভ্রমণ বৃত্তান্ত নথকা তিনিজন লোকৰ দেহত কভিড-১৯ পজিটিভ ওলোৱা ঘটনাই যোৰহাটবাসীক আতংকিত কৰি তুলিছে৷

জানিব পৰা মতে, সোমবাৰে আক্রান্ত হোৱা ভ্রমণ বৃত্তান্ত নথকা এজন ব্যক্তি নগৰৰ শাক-পাচলিৰ পাইকাৰী বিক্রেতা৷ যোৰহাট নগৰৰ পাচনি বৰা চুকৰ নিৱাসী ভৱ দাসৰ কিছুদিন ধৰি জ্বৰ হোৱাত তেওঁ জে এম চি এইচত নিজে গৈ কভিড-১৯ৰ স্বাবৰ নমুনা দিয়ে৷

হ’ম কোৱাৰেণ্টাইনত থকা লোকজন এসপ্তাহজুৰি শাক-পাচলি বিক্রী প্রতিষ্ঠানলৈ যোৱা নাই বুলি জানিব পৰা গৈছে৷ ইফালে অন্যগৰাকী কৰ’না আক্রান্ত হৈছে পকীমুৰি হাবিগাঁৱৰ জীনামণি কলিতা৷

ইফালে গড়মূৰৰ ইটাখুলিৰ ৬০ বছৰীয়া পাৰুল ঘোষ নামৰ এগৰাকী মহিলাৰ দেহতো ধৰা পৰিছে কভিড-১৯৷ মহিলাগৰাকীৰো কোনোধৰণৰ ভ্রমণ বৃত্তান্ত নাছিল৷

আনহাতে, মহাৰাষ্ট্রৰ পৰা অহা পংকজ দুৱাৰা নামৰ এজন যুৱকৰ দেহতো পাইছে কৰ’না ভাইৰাছ৷ তেওঁ টীয়কৰ ভগামুখৰ জেলেংগীটুপৰ নিৱাসী৷ যোৱা ২৬ জুনতে তেওঁ যোৰহাট স্ত্রুীনিং কেন্দ্রত স্বাস্থ্য পৰীক্ষা কৰিছিল৷

উল্লেখযোগ্য যে আজি আক্রান্ত হোৱা তিনিগৰাকীকে ধৰি যোৰহাটত ২০ গৰাকীলৈ বৃদ্ধি পালে ভ্রমণ বৃত্তান্ত নথকা কৰ’না আক্রান্তৰ সংখ্যা৷

জিলাখনৰ আক্রান্ত অঞ্চলসমূহত কণ্টেইনমেণ্ট জ’ন কৰি প্রশাসনে কৰ’না ভাইৰাছ প্রতিৰোধৰ প্রচেষ্টা চলাইছে৷ আনহাতে, আক্রান্তসকলৰ প্রত্যক্ষ সংস্পর্শলৈ অহাসকলৰ স্বাস্থ্য বিভাগে স্বাব সংগ্রহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷