পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাত এতিয়ালৈকে কমেও ৫ টা শিশুৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আহতসকলৰ সংখ্যা ১৩ জন। ইয়াৰ আঁৰত কোনো সন্ত্ৰাসবাদী সম্পৰ্ক আছে নেকি এই সন্দৰ্ভত তদন্ত চলি আছে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে পুৱা স্থানীয় সময় অনুসৰি প্ৰায় ৯:৩০ বজাত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ লক্কি মাৰৱাট জিলাৰ সদৰ থানাৰ সমীপত এদল শিশুৱে খেলা-ধূলা কৰি আছিল। একে সময়তে তেওঁলোকে এটা মৰ্টনৰ খোলা এটাও পাইছিল। ইয়াৰ লগত খেলি থাকোঁতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰিছে। আকস্মিক বিস্ফোৰণত কমেও ৫ টা শিশুৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি আহতসকলৰ সংখ্যা ১৩ জন। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী, বোমা বিশেষজ্ঞৰ দল আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিন্তু মৰ্টাৰৰ খোলাটো কোনে তাত ৰাখিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই বুলি সদৰী কৰিছে। সমগ্ৰ ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি আহতসকলৰ অধিকাংশই শিশু। শিশুসকলৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এজন আৰক্ষী বিষয়াই কয় যে, মৰ্টাৰৰ গোলাটো কেনেকৈ তাত উপনীত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে এই কাণ্ডৰ তদন্ত চলি আছে বুলিজানিবলৈ দিয়ে।