নৱবৰ্ষত সুখবৰ; ১৩০ টকাত গ্ৰাহকে লাভ কৰিব ২০০টা চেনেল

images

প্ৰতিনিধিত্বমূলক ফটো

নৱবৰ্ষত সাধাৰণ নাগৰিকৰ বাবে সুখবৰ। এতিয়া গ্ৰাহকৰ টিভি চোৱাৰ খৰচ কমিব। কেব’ল টিভিৰ পৰা ডি টি এইচ সেৱালৈকে সস্তা হ’বলৈ গৈ আছে।

ট্ৰাই অৰ্থাৎ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই অহা ১ মাৰ্চৰ পৰা গোটেই দেশতে মনোৰঞ্জনৰ খৰচ কমোৱাৰ নতুন নিৰ্দেশনা জাৰি কৰিছে।

সদ্যহতে প্ৰায় সকলো চেনেলেই পে’ চেনেল। গ্ৰাহকে নিজৰ পছন্দ অনুসৰি প্ৰতিটো চেনেল সুকীয়াকৈ লোৱাৰ বাবে পইচা ভৰিবলগীয়া হয়।

পেকেজ হিচাপে ল’লে গ্ৰাহকৰ সুবিধা তথা খৰচ কম হয়। এইবাৰ কেব’ল টিভি আৰু ডি টি এইচ সেৱাৰ খৰচ হ্ৰাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ট্ৰাইয়ে।

নৱবৰ্ষৰ আৰম্ভণিতেই ট্ৰাইয়ে জানিবলৈ দিয়ে যে অহা ১৫ৰ পৰা ৩০ জানুৱাৰিৰ ভিতৰত ব্ৰডকাষ্টাৰ আৰু এম এছ ও বা ডি টি এইচ সংস্থাসমূহে প্ৰতিটো চেনেলৰ বেলেগ বেলেগ মূল্য তথা চেনেলৰ পেকৰ মূল্য নিজৰ ৱেবছাইটত প্ৰকাশ কৰিব লাগিব।

সম্ভাৱ্য কিমান টকা পৰ্যন্ত নিব পাৰিব সেই বিষয়েও নিৰ্দেশনাত দিয়া হৈছে।

কৰ অবিহনে নেটৱৰ্ক কেপাচিটি ফী (এন চি এফ) হিচাপে কেব’ল অপাৰেটৰ, এম এছ ও বা ডি টি এইচ সংস্থাসমূহে প্ৰথম ২০০টা চেনেলৰ বাবে গ্ৰাহকৰ পৰা সৰ্বাধিক ১৩০ টকা ল’ব পাৰিব।

বৰ্তমান গ্ৰাহকসকলে ১৩০টকা এন চি এফ দি প্ৰথম ১০০ টা এইচ ডি চেনেলহে চাব পাৰে।

আনহাতে, ২০০ টা চেনেলৰ আটাইকেইটাই ফ্ৰি টু এয়াৰ (বিনামূলীয়া) হ’লে এম এছ ও আৰু ডি টি এইচ অপাৰেটৰ সংস্থাসমূহে গ্ৰাহকৰ পৰা কৰসহ ১৬০ টকা ল’ব পাৰিব।

১৩০ টকা এন চি এফ আৰু পে’ চেনেলৰ কাৰণে সুকীয়াকৈ মাছুল দি গ্ৰাহকে মুঠ ২০০টা চেনেল বাছনি কৰিব পাৰিব। ইয়াৰ বাবে অতিৰিক্ত এন চি এফ দিব নালাগে।

অহা ১ মাৰ্চৰ পৰা ট্ৰাইৰ নিৰ্দেশত দেশৰ সৰ্বসাধাৰণে কম খৰচতে মনোৰঞ্জনৰ সুবিধা লাভ কৰিব।