জুবিন গাৰ্গৰ নৱতম চিনেমা আন্দাৰৱৰ্ল্দৰ ত্ৰেইলাৰ বুধবাৰে মুকলি হৈছে। অহা ৫ অক্টোবৰত চিনেমাখনে অসমৰ চিত্ৰগৃ্হত মুক্তি পাব বুলিও সদৰী কৰিছে গাৰ্গে।
বিহুৰ বতৰত বেলতলা বিহুত ২২ এপ্ৰিলত মুক্তি পাইছিল জুবিন অভিনীত অসমীয়া চিনে’মাখনৰ গীত আৰু টীজাৰ।
ক্লিক কৰি চাওক টাইমছ মিউজিকে মুকলি কৰা আন্দাৰৱৰ্ল্ডৰ ত্ৰেইলাৰ
চিনে’মাখনত অগতানুগতিক চৰিত্ৰ আৰু অগতানুগতিক বেশ-ভূষাত দেখা গৈছে জুবিন গাৰ্গক। গাৰ্গৰ উপৰি প্ৰয়াত অভিনেতা বিজু ফুকন, নিপন গোস্বামী, দীনেশ দাস, কিংকিনি, উৎপল দাস, বাহাৰুল ইছলাম আদি অভিনেতায়ো চিনে’মাখনত অভিনয় কৰিছে।
ৰাগা ফিল্মছৰ হৈ নাজিম হামিদে প্ৰযোজনা কৰা চিনে’মাখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ‘গানে কি আনে’ৰ পৰিচালক ৰাজেশ যশপালৰ।
উল্লেখযোগ্য যে বলিউদৰ প্ৰখ্যাত পৰিৱেশনা গোষ্ঠী Eros Internationalএ এই চিনে’মাখনৰ পৰিৱেশনৰ দায়িত্ব লৈ প্ৰথম বাৰৰ বাবে অসমীয়া ছবিজগতত প্ৰৱেশ কৰিছে।