লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত উলুম’ৰা চৰাই সংৰক্ষণৰ বাবে বোম্বাই নেচাৰেল হিষ্ট’ৰী ছ’চাইটিৰ প্ৰশিক্ষণ

DSCN7406~2

ফটো: নর্থইষ্ট নাও

নগাওঁ বন সংমণ্ডলৰ লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ১০ ডিচেম্বৰৰ দিনা বনকৰ্মী সকলক উলুম’ৰা চৰাই নিৰীক্ষণ আৰু সংৰক্ষণৰ ওপৰত দক্ষতা বৃদ্ধিৰ এক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

অভয়াৰণ্য খনৰ ধনীয়া বনাঞ্চলিক কাৰ্যালয়ত দেশৰ আগশাৰীৰ সংগঠন বোম্বাই নেচাৰেল হিষ্ট’ৰী ছ’চাইটিৰ উদ্যোগত, নগাওঁ বন সংমণ্ডল আৰু জেড এছ এল এইডজৰ সহযোগত আয়োজিত এই প্ৰশিক্ষণত বোম্বাই নেচাৰেল হিষ্ট’ৰী ছ’চাইটিৰ বিজ্ঞানী বিশ্বজিত চাকদাৰ সমল ব্যক্তি হিচাবে উপস্থিত থাকে ৷

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ বিভিন্ন বনাঞ্চলৰ মুঠ ২০ গৰাকী বনকৰ্মীয়ে এই প্ৰশিক্ষণত অংশ গ্ৰহণ কৰে ৷

প্ৰশিক্ষণৰ আৰম্ভণি অনুষ্ঠানত নগাওঁ বন সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ্ব, বনাঞ্চলিক বিষয়া ড৹ বিভুতি ৰঞ্জন ডেকা আৰু এ কে ডেকা উপস্থিত থাকে।

প্ৰশিক্ষণত বেংগল ফ্লৰিকান বা উলুম’ৰা চৰাইৰ বিতৰণ, আৱাস, গুৰুত্ব, সংৰক্ষণ আদি বিষয়ত সমল ব্যক্তি বিশ্বজিত চাকদাৰে সচিত্ৰ উপস্থাপনেৰে অংশগ্ৰহণকাৰী বনকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰে ৷

উল্লেখ্য যে বিলুপ্তপ্ৰায়  উলুম’ৰা চৰাই এতিয়া অসমৰ মুষ্টিমেয় সংৰক্ষিত বনাঞ্চল আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ আৰু কাষৰীয় ঘাঁহনিতহে বাচি আছেগৈ৷

বিশ্বত ভাৰত, নেপাল আৰু কম্বোডিয়াতহে উলুম’ৰাৰ বসতি আছে ৷ সম্প্ৰতি বিলুপ্ত প্ৰায় উলুম’ৰা চৰাইক ইভ’লেশ্যনেৰী ডিষ্টিংক্ট এণ্ড গ্ল’বেলি এনডেঞ্জাৰড বাৰ্ডৰ তালিকাৰ সপ্তম স্থানত অন্তৰ্ভুক্ত কৰা হৈছে ৷

ভাৰত আৰু নেপালত উলুম’ৰা চৰাই সংৰক্ষণৰ বাবে বোম্বাই নেচাৰেল হিষ্ট’ৰী ছ’চাইটিয়ে দীৰ্ঘ দিন কাম কৰি আহিছে ৷