পুৰুষ-নাৰীতকৈ শক্তিশালী নেতা হোৱাৰ সক্ষমতা আছে তৃতীয় লিংগৰ ব্যক্তিৰ : কোনে কৰিলে এই মন্তব্য?

Anannyah

পুৰুষ আৰু নাৰীতকৈ অধিক শক্তিশালী নেতা হ’ব পাৰিব তৃতীয় লিংগৰ ব্যক্তিয়ে।এই দাবী কৰিছে দক্ষিণ ভাৰতৰ বিধানসভা নিৰ্বাচনৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী অন্যন্যা কুমাৰী এলেক্সে।

২৮ বছৰীয়া অতি সাহসী তৃতীয় লিংগ নেত্ৰী অন্যনাই সমাগত কেৰলা বিধানসভা নিৰ্বাচন ২০২১ত প্ৰতিদ্বন্দ্বিতা কৰিছে।

মেকা আপ আৰ্টিষ্ট, ৰেডিঅ’ জ’কী আৰু নিউজ এংকৰ হিচাপে কৰ্মৰত ট্ৰেঞ্চজেনেণ্ডাৰ নেত্ৰী অন্যন্যাই ৰাজ্যখনৰ মালাপ্পুৰাম জিলাৰ ভেনগাৰা সমষ্টিত ডেম’ক্ৰেটিক চ’ছিয়েল জাষ্টিছ পাৰ্টি(DSJP) দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

সংবাদ প্ৰতিষ্ঠান পিটিআইক দিয়া এটা সাক্ষাৎকাৰত অন্যন্যাই কয় যে তৃতীয় লিংগৰ সম্প্ৰদায়টোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পায় গৌৰৱাম্বিত হ’লেও তেওঁ ভাৰতত ইতিহাস সৃষ্টি কৰিবলৈ এই নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই।

“মোৰ এই প্ৰাৰ্থীত্ব হৈছে লিংগ সমতা স্থাপন যুঁজৰ এক অংশহে। ভাল নেতৃত্বই এখন ভাল সমাজ নিৰ্মাণ কৰে। মই নিশ্চিত এগৰাকী ট্ৰেঞ্চজেণ্ডাৰ পুৰুষ আৰু নাৰীতকৈ ভাল নেতা হ’ব পাৰে।” অন্যন্যাই এইদৰে কয়ে।

ইয়াৰ লগতে কোল্লাম জিলাৰ পেৰুমন নামৰ ট্ৰেঞ্চইউমেন এগৰাকীয়ে কয় যে সমাজত ৰূপান্তকাৰী সম্প্ৰদায়ো যে পুৰুষ আৰু মহিলাৰ সমকক্ষ সেইটো তেওঁ প্ৰমাণ কৰিবলৈ বিচাৰে।

আনহাতে নিৰ্বাচনত জয়ী হ’লে অন্যন্যাই মহিলা সুৰক্ষা আৰু কল্যাণৰ লগতে তৃতীয় লিংগৰ সমতা নিশ্চিত কৰিবলৈ বিচাৰিব।

DSJP দলৰ পৰা কেৰলা বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব লাভ কৰা অন্যন্যাই লগতে কয় যে মূলধাৰা ৰাজনৈতিক দলসমূহে তৃতীয় লিংগৰ লোকক আৰু ১০/১৫ বছৰলৈকে প্ৰাৰ্থীত্ব প্ৰদান নকৰে।

“সকলো মূলধাৰাৰ ৰাজনৈতিক দল লিংগ সমতা আৰু ন্যায় নিশ্চিত কৰাত ব্যৰ্থ হৈছে, বিশেষকৈ নিৰ্বাচনৰ ক্ষেত্ৰত। আনকি মহিলাসকলেই পুৰুষৰ তুলনাত যোগ্য আসন লাভ কৰা নাই; তেনে ক্ষেত্ৰত আমি কি আশা কৰিব পাৰো নেকি যে তেওঁলোকে তৃতীয় লিংগক সমমৰ্যদা দিব?” অন্যন্যাই এইদৰে প্ৰশ্ন কৰে।