কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ তিনিটা গঁড় প্ৰেৰণ

a myanmar

কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বিগত দুটা বছৰে প্ৰতিপালিত হৈ থকা তিনিটা গঁড় পোৱালি আজি বিয়লি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয় ৷

আজি পিঞ্জৰাবদ্ধ কৰাৰ আগতে কেন্দ্ৰটোৰ জেষ্ঠ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰীৰ নেতৃত্বত পশু চিকিৎসকৰ এটা দলে গঁড় কেইটাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কাণত চিনাক্তকৰণৰ বাবে টেগিং কৰা হয় ৷

২০১৯ চনৰ বানপানীৰ সময়ত কাজিৰঙাৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰি অনা মাতৃহাৰা গঁড় পোৱালি তিনিটাক বিগত সময় চোৱাত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত তুলি তালি ডাঙৰ কৰা হয় ৷

আজিৰ তাৰিখত তিনিওটা পোৱালিৰে বয়স দুবছৰৰ উৰ্ধত ৷ আজি বিয়লি পিঞ্জৰাবদ্ধ কৰি তিনিখন ট্ৰাকত উঠাই মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰৰণ কৰা গঁড় পোৱালি তিনিটা কাইলৈ পুৱা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁশবাৰী বনাঞ্চল পাবগৈ ৷ বাশঁবাৰী বনাঞ্চলত নিৰ্মাণ কৰা বমাত গঁড় পোৱালি কেইটাক মুকলি কৰা হ’ব ৷

আজি পশু চিকিৎসকৰ এটা দল আৰু উচ্চ পদস্থ বন বিষয়াৰ এটা দলে গঁড় পোৱালি কেইটাৰ লগত মানাহলৈ যাত্ৰা কৰিছে ৷
উল্লেখ্য যে বিগত সময়চোৱাত কাজিৰঙাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ মুঠ ১৯ টা গঁড় প্ৰেৰণ কৰা হৈছে ৷ আজি প্ৰেৰণ কৰা তিনিটা গঁড়ৰ সৈতে মানাহত কাজিৰঙাৰ পৰা যোৱা গঁড়ৰ সংখ্যা হল ২২ টা ৷ সম্প্ৰতি মানাহত গঁড়ৰ জনসংখ্যা হ’ল গৈ ৪৪ টা ৷