৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দাউ দাউ কৈ জ্বলিল এখন গাড়ী, ক’ত?

a bus

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাত বুধ বাৰে সংগঠিত হয় এক ভয়াৱহ ঘটনা  ৷

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দাউ দাউ কৈ জ্বলি উঠিল সৈনিক কঢ়িয়াই অনা এখন ট্ৰেভেলাৰ গাড়ী ৷

গাড়ীত আছিল এজন সৈনিক সহ  চালক আৰু হেণ্ডিমেন।

পাতিলাদহা তিনি আলিৰ কাষতে গাড়ী খনত হঠাতে ইঞ্জিনত জুই লাগি সংঘটিত হয় এই ঘটনা ৷

জ্বলি উঠা ট্ৰেভেলাৰ খনত থকা সৈনিকৰ ভাষ্য মতে গাড়ী খন কোকৰাঝাৰৰ পৰা তামুলপুৰলৈ গৈ আছিল।

গাড়ী খনত যান্ত্ৰিক বিজুতি ঘটি অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হয় যদিও গাড়ীখন সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয়।

এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।