‘অম্বুবাচী মেলাত গছপুলি লাভ কৰাটো সৌভাগ্য আৰু পূণ্যৰ প্ৰতীক’

WhatsApp Image 2019-06-23 at 9.05.12 PM

অম্বুবাচী মেলাত ভক্তৰ মাজত গছপুলি বিতৰণৰ দৃশ্য।

মহা অম্বুবাচী মেলা উপলক্ষে নীলাচল পাহাৰৰ বুকুত থকা মা কামাখ্যা ধামত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তৰ সমাগম ঘটাৰ সময়ত পৰিৱেশ সজাগতাৰ উদ্দেশ্যে পোনপ্ৰথমবাৰৰ বাবে অম্বুবাচী মেলাত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী দৃশ্য।

বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অসমৰ বিখ্যাত এশিঙিয়া গঁড় আৰু জলবায়ু পৰিবৰ্তনৰ প্ৰতি সচেতনতা সৃষ্টিৰ প্ৰচাৰ অভিযানকাৰী কনমানি সুহান মাল্লিকৰ উদ্যোগত অম্বুবাচী মেলালৈ অহা ভক্তৰ মাজত বিতৰণ কৰা হয় বিভিন্ন গছৰ পুলি। অম্বুবাচী মেলা আৰম্ভ হোৱাৰ প্ৰথম দিনৰ পৰা গছপুলি বিতৰণ কৰা কাৰ্য্যসূচী ৰূপায়ন কৰা হৈছে।

মেলাৰ প্ৰথম দিনৰ পৰা পাঁচদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা গছপুলি বিতৰণ কাৰ্য্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে সুহান মাল্লিক নামৰ কণমানি শিশুগৰাকীয়ে।

‘গছ থাকিলেহে মানুহ থাকিব’ এই মহান বাৰ্তাৰে অম্বুবাচী মেলালৈ অহা বিভিন্ন প্ৰান্তৰ ভক্তৰ মাজত গছপুলি বিতৰণ কৰা হৈছে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

আনহাতে, প্ৰতিদিনে প্ৰায় ১০০০ ভক্তক গছপুলি বিতৰণৰ লক্ষ্য বান্ধি লোৱা উদ্যোক্তা সমিতিয়ে পাঁচদিনত ৫০০০ গছপুলি বিতৰণ কৰিব বুলি জনায়। ভক্তসকলৰ মাজত গছপুলি বিতৰণ কৰি সকলোকে পৰিৱেশ সংৰক্ষণ কৰাৰ বাবে পৰিৱেশৰ প্ৰতি সজাগ হোৱাৰ বাবে সকলোকে আহ্বান জনাইছে উদ্যোক্তাসকলে।

এগৰাকী ভক্তই অম্বুবাচী মেলালৈ আহি এনেদৰে গছপুলি লাভ কৰাটো পৰম সৌভাগ্য আৰু পূণ্যৰ প্ৰতীক বুলি মন্তব্য কৰে।