• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত আদিবাসী প্ৰাৰ্থী আৰু আদিবাসী সকলৰ অধিকাৰৰ প্ৰসংগ

প্ৰভাত দাস পানিকা by প্ৰভাত দাস পানিকা
July 16, 2022 6:07 pm
presidential election
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৮ জুলাই, ২০২২ তাৰিখে আমাৰ দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। বৰ্তমানৰ ৰাষ্ট্ৰপতি মাননীয় ৰামনাথ কবিন্দৰ কাৰ্যকাল শেষ হোৱাৰ পিছত এই নিৰ্বাচন হ’ব স্বাধীন ভাৰতৰ ষষ্ঠদশ গৰাকী ৰাষ্টপতিৰ নিৰ্বাচন৷ অহা ২১ জুলাই, ২০২২ তাৰিখে দেশে নতুন আৰু যষ্ঠদশগৰাকী ৰাষ্ট্ৰপতি লাভ কৰিব। ইতিমধ্যে এন ডি এ- ৰ ফালৰ পৰা বিজেপি দলৰ সদস্য, প্রাক্তন বিধায়িকা, প্ৰাক্তন মন্ত্ৰী আৰু বাৰখণ্ড ৰাজ্যৰ প্রাক্তন ৰাজ্যপাল দৌপদী মুৰ্মুক আৰু ইউ পি এ- ৰ তৰফৰ পৰা প্রাক্তন প্ৰশাসনিক বিষয়া, প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী, প্রাক্তন বিজেপি নেতা আৰু বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ সদস্য যশোৱন্ত সিনহাক ৰাষ্ট্ৰপতি পদৰ প্রাথী হিচাপে মনোনয়ন প্রদান কৰা হৈছে।

স্বাধীন ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন সমূহৰ ভিতৰত হয়তো এই বাৰৰ নিৰ্বাচনটোৱেই সৰ্বাধিক চৰ্চিত ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ পৰিগণিত হৈছে। মূলত: দুয়োগৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক জীৱন বিজেপি দলতে আৰম্ভ হৈছিল। অৱশ্যে যশোৱন্ত সিনহাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে থকা মতানৈক্যৰ বাবে বিজেপি দলৰ পৰা ওলাই গৈ তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।

বিজেপি নেতৃত্বাধীন এন ডি এ- ৰ তৰফৰ পৰা ভাৰতৰ অন্যতম আদিবাসী জনগোষ্ঠী চাওঁতাল জনগোষ্ঠীৰ মহিলা দ্ৰৌপদী মুৰ্মুক প্ৰাৰ্থীত্ব প্ৰদান কৰি আদিবাসী কাৰ্ড খেলিছে শাসনাধীষ্ঠ বিজেপি দলে। আনহাতে কেন্দ্ৰত শাসনত থকা দলৰ প্রাৰ্থীয়েই প্রায় প্ৰতিবাৰেই জয় সাব্যস্ত কৰি আহিছে। সেয়েহে এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনতো বিজেপি নেতৃত্বাধীন এন ডি এ- ৰ প্ৰাৰ্থী মুৰ্মুৱে জয়লাভ কৰাৰ সম্ভাৱনাই প্রবল।

যোৱা বাৰৰ নিৰ্বাচনত এন ডি এ- ৰ দলিত প্ৰাৰ্থী ৰামনাথ কবিন্দে ইউ পি এ- ৰ দলিত প্ৰাৰ্থী মীৰা কুমাৰক হৰুৱাই ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। এগৰাকী দলিত ৰাষ্ট্ৰপতি লাভ কৰাৰ পিছত ভাৰতৰ শোষিত, বঞ্চিত আৰু পদে পদে লাঞ্চিত দলিত সকলে এনে সামাজিক অন্যায়ৰ পৰা মুক্তি পোৱাৰ আশা দেখিছিল। কিন্তু কাৰ্যতঃ তেনে একোৱেই নহ’ল। বৰঞ্চ দলিত হত্যা আৰু উচ্চ বৰ্ণৰ দ্বাৰা দলিতক বিয়াত ঘোঁৰাত উঠাত বাধা, মাৰপিট আদি চলি থাকিল।

আজিৰ তাৰিখত এন ডি এ- ৰ প্ৰাৰ্থী আদিবাসী চাওঁতাল মহিলা দ্ৰৌপদী মুৰ্মুক লৈ ভাৰতৰ আদিবাসী সমাজে এক সপোন দেখিছে। ই স্বাভাৱিক। সাধাৰণ খাটিখোৱা, দৰিদ্ৰ, যুগে যুগে বঞ্চিত আদিবাসী সকলে ভাবিছে যে দেশৰ ৰাষ্ট্ৰপতি এজনী আদিবাসী মহিলা হ’ব আৰু তেওঁৰ দ্বাৰা আদিবাসীৰ কঠোৰ জীৱন যাত্ৰাই মুক্তিৰ পথ দেখা পাব। প্রকাৰন্তৰে তেনেদৰেই বুজাবলৈ চেষ্টা কৰা হৈছে তেওঁলোকক।

কিন্তু সচেতন মহলে, সচেতন আদিবাসী সমাজে এই কথা ভালদৰেই বুজি পাইছে যে দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ কৰি বিজেপি দলে ভোট বেংকৰ ৰাজনীতি কৰাৰ লগতে আদিবাসী সকলৰ জল, জংগল আৰু জমিনৰ ওপৰত পুঁজিপতিৰ অবাধ দখলৰ কুটিল অভিসন্ধি কৰিছে। ইতিমধ্যে Forest Conservation Rules ৰ নীৰৱে সংশোধন কৰি লোৱা হৈছে। যাৰ ফলত ট্ৰাইবেল/আদিবাসী আৰু অন্যান্য বনত বসবাস কৰা জনগোষ্ঠী সমূহৰ পৰা কোনো মতামত নোলোৱাকৈ জংগল কাটি পেলোৱাক চৰকাৰে অনুমোদন জনাব পাৰিব।

দ্ৰৌপদী মুৰ্মুৱে এনে ধৰণৰ ট্ৰাইবেল বিৰোধী ৰাজনৈতিক ঘটনা পৰিঘটনাৰ কোনো কালেই
বিৰোধিতা কৰা নাই। তেওঁ উৰিষ্যাত হোৱা খৃষ্টান মিছনেৰী আৰু খৃষ্টান লোকৰ হত্যাৰ সময়ত মৌন আছিল। তেওঁ উৰিষ্যাৰ বিজেডি-বিজেপিৰ মৰ্চা চৰকাৰৰ এগৰাকী বিধায়িকা আৰু মন্ত্ৰী হৈ থকা সময়ত ২০০২ চনৰ ০২ জানুৱাৰী তাৰিখে উৰিষ্যাৰ পুলিচে ১৩ গৰাকী আদিবাসী লোকক গুলিয়াই হত্যা কৰিছিল। তেতিয়াও তেওঁ মৌন হৈ আছিল। প্ৰতিবাদৰ কোনো শব্দ উচ্চাৰণ হোৱা নাছিল মুৰ্মুৰ মুখত।

অসমত বসবাস কৰি থকা বহু হাজাৰ চাওঁতাল আৰু অন্য আদিবাসী লোকে দীৰ্ঘদিন ধৰি জনজাতিৰ স্বীকৃতি, মাটিৰ অধিকাৰ আৰু চাহ শ্রমিকৰ দৈনিক মজুৰি বৃদ্ধি আদি দাবী পূৰণৰ বাবে কৰি অহা সংগ্ৰামৰ প্রতি, তেওঁলোকৰ সমস্যা সমূহৰ প্রতি দ্ৰৌপদী মূৰ্মুৰ কোনো সমৰ্থন কেতিয়াও আমি দেখা নাই। অসমৰ চাহ বাগিচা সমূহত পুঁজিপতি সকলৰ দ্বাৰা শোষিত হৈ থকা বহু লাখ আদিবাসী লোকৰ দুৰ্দশাৰ বিষয়ে তেওঁ নিশ্চয় জানে। কেতিয়াবা কৰবাত তেওঁ এইখিনি লোকৰ হৈ একাষাৰ কৈছেনে? আমি দেখা নাই, আমি শুনা নাই।

ডলু চাহ বাগিচাৰ অন্যায়ৰ কথা তেওঁ নুশুনাকৈ আছেনে? যোৰহাট, গোলাঘাট জিলাত যোৱা কিছু দিন আগতে ঘটি যোৱা অবৈধ আৰু বিষাক্ত চুলাই কাণ্ডত প্রায় ১৫০ জন আদিবাসী চাহ শঅমিকে প্রাণ হেৰুওৱা ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। এই ঘটনাক লৈ তেওঁ কোনো ধৰণৰ মাত মতা আমি দেখা নাই।

ইং ২০০৭ জনৰ ২৪ নৱেম্বৰৰ বেলতলা কাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল। লক্ষ্মী ওৰাঙৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক সমগ্ৰ দেশৰ সচেতন মহলে এক মুখে ধিক্কাৰ দিছিল। অসমত কংগ্ৰেছ চৰকাৰৰ দিনত ঘটা এই নিকৃষ্ট ঘটনাৰ গোচৰ বিজেপিৰ চৰকাৰৰ দিনত বন্ধই কৰি দিয়া হ’ল। কাৰণ হিচাপে কোৱা হ’ল যে লক্ষ্মী ওৰাঙৰ কাপোৰ খুলি ৰাজপথত খেদি খেদি কোবোৱাৰ কোনো সাক্ষ্য নাই। অসমলৈ ভোট বিচাৰি আহি মাননীয়া মুৰ্মু ডাঙৰীয়ানীয়ে লক্ষ্মী ওৰাঙৰ বিষয়ে কিবা খবৰ ল’লে নে? নামনি অসমৰ গোষ্ঠী সংঘৰ্ষৰ বলি হোৱা তেওঁৰেই স্বগোষ্ঠী চাওঁতাল লোক সকলৰ তেওঁ কেতিয়াবা খবৰ লৈছে নে? তেওঁ জানেনে তেওঁৰেই স্বগোষ্ঠীয় বহু শিশু, মহিলা, বৃদ্ধ, বৃদ্ধাক অসমত সন্ত্ৰাসবাদীয়ে যে নিৰ্বিচাৰে গুলিয়াই হত্যা কৰিছে?

দ্ৰৌপদী মূৰ্মু বাৰখণ্ডৰ ৰাজ্যপাল হৈ থকা সময়তে বাৰখণ্ডৰ বিজেপি চৰকাৰে ৰাষ্ট্ৰদোহৰ গোচৰত ভাৰতৰ ভিতৰতে সৰ্বাধিক যুৱক-যুৱতীক কাৰাৰুদ্ধ কৰিছিল। বিজেপি শাসিত ছত্তিশগড়ত প্রায় ৬ লাখ লোকে নিজৰ ঘৰ দুৱাৰ এৰি পলাব লগীয়া হৈছিল। গতিকে আদিবাসী মহিলা এগৰাকী ভাৰতৰ ৰাষ্ট্ৰপতি হ’লেই যে বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাই আদিবাসী সকলক দীৰ্ঘদিনীয়া শোষণ আৰু নিপীড়নৰ পৰা মুক্ত কৰিব পাৰিব তাৰ কোনো মানে নাই।

এতিয়া প্রশ্নটো হ’ল এন ডি এ- ৰ দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি নহৈ যদি ইউ পি এ- ৰ যশোৱন্ত সিনহা হয় তেনেহ’লে আদিবাসী সকলৰ বৰ উপকাৰ হ’ব নেকি? উত্তৰটো হৈছে- মুঠেও নহয়। যশোৱন্ত সিনহা জিকাৰো সম্ভাৱনা নাই। জিকিলেও ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীৰ এনে কোনো ক্ষমতা নাই যে এনে ধৰণৰ এক বৈপ্লৱিক কিবা এটা কৰিব। আদিবাসী সকলৰ উন্নয়ন, অধিকাৰ বা আত্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁৰো ভূমিকা শূন্য আৰু দ্ৰৌপদী মুৰ্মুৰ দৰে তেওঁ একেদৰে বিজেপি আৰ.এছ.এছ.ৰ পৰাই অহা ব্যক্তি। আনহাতে ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ এন ডি এ- ৰ তুলনাত ইউ পি এ- ৰ ৰণনীতি ফোঁপোলা আৰু অসংঘৱদ্ধ৷

আন এটা প্রশ্ন হ’ব পাৰে যে ট্ৰাইবেল/আদিবাসী তথা চাহ শ্রমিকৰ দুৰ্দশাত মাত নমতাৰ বাবে অকল দ্ৰৌপদী মুৰ্মুক কিয় জবাবদিহি কৰিব লাগে? আৰুতো বহু নেতা-নেত্ৰী, দল-সংগঠন আছে। তেওঁলোকৰ ভূমিকা কি? তাৰ উত্তৰটো হ’ল- ভাৰতৰ ওৰাং, মুণ্ডা, চাওঁতাল, খেৰিয়া, গৌড়, ভূমিজ, পানিকা, প্ৰজা, চাওঁৰা, চৱৰ, কোল, ভীল আদি আদিবাসী জনসমূহৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে স্বগোষ্ঠীয় নেতা আৰু দল-সংগঠন সমূহেই তেওঁলোকক আটাইতকৈ বেছি ঠগাইছে আৰু ৰাজনৈতিক মুনাফা লাভৰ বাবে ব্যৱহাৰ কৰি নিজে মন্ত্ৰী, সাংসদ হৈ ঘৰ, মাটি, গাড়ী লৈ বিলাসী জীৱন জীয়াই আছে। দুই এজন নেতা বা দুই এটা সংগঠন অৱশ্যেই ব্যতিক্ৰম।

সেয়েহে দ্ৰৌপদী মুৰ্মুৰ দৰে আদিবাসী নেত্ৰীয়ে বহুবাৰ বিধায়ক আৰু মন্ত্ৰী হোৱাৰ পিছতো নিজৰ গাঁওখনলৈ বিজুলী সংযোগ কৰিব পৰা নাই। আদিবাসী মহিলা এগৰাকীক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে থিয় কৰি আদিবাসীৰ আশা আকাংক্ষাক আকৌ এবাৰ আঘাত কৰি আদিবাসীৰ জল, জংগল আৰু জমিন পুঁজিপতিক গতাই দিয়াৰ এই কুচকাৱাজৰ ঢৌহে হৈছে আটাইতকৈ ভয়ানক বিষয়। ভাৰতৰ যষ্ঠদশ গৰাকী ৰাষ্ট্ৰপতি এগৰাকী আদিবাসী মহিলা হ’লে ভাৰতৰ আদিবাসী সমাজে যি পাব তাতকৈ বহু বেছি পৰিমাণে যে হেৰুৱাব লাগিব সেই কথা ইতিমধ্যে সচেতন মহলে বুজি পাইছে।

প্ৰভাত দাস পানিকা

প্ৰভাত দাস পানিকা

Stay Connected

  • 117k Fans

Recent News

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

August 14, 2025 7:30 am
চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

August 14, 2025 7:30 am
চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd