নীলমণি ফুকন গ’লগৈ

Nilmani Phookan

কবি নীলমণি ফুকনৰ বিয়োগে আমাৰ জীৱন আৰু নিঃস্ব কৰি গ’ল। তেওঁৰ অনুপস্থিতিত আমাৰ সাহিত্য-সংস্কৃতি জগতখন কিছু হ’লেও উকা হৈ থাকিব। নীলমণি ফুকন কবি হিচাপে সৰ্বাধিক পৰিচিত যদিও কেৱল কবি বাবেই তেওঁ অসমীয়া সমাজত স্মৰণীয় হৈ থাকিবনে? নীলমণি ফুকনে তেওঁৰ কবিতাত কিছুমান নতুন ধৰণৰ সংবেদনশীলতা লৈ অনাৰ লগতে সামাজিক মংগলবোধত বিশ্বাসী এটি সজীৱ মন আৰু অনাড়ম্বৰ জীৱন-চৰ্যাৰে অজস্ৰ অনুৰাগীৰ মনত আদৰ্শ ব্যক্তি হিচাপে জীৱনকালতে পৰিগণিত হৈছিল।

আজিৰ অসমীয়া মানুহে পাহৰি যোৱা আমাৰ পৰম্পৰাগত সমাজৰ বহু শুভ আৰু সুন্দৰ দিশ তেওঁৰ কবিতা,শিল্প চৰ্চা আৰু জীৱন-চৰ্যাৰ মাজেৰে প্ৰতিফলিত হৈছিল। অসমীয়া সাধাৰণ মানুহৰ সৌন্দৰ্যবোধ- তেওঁলোকৰ মাত-কথা, উৎসৱ-পাৰ্বন আৰু বৈষয়িক সংস্কৃতিৰ মাজত লুকাই থকা শিল্প-চেতনা তথা সৌন্দৰ্যপিয়াসী মনটো ফুকনৰ কাব্য-জীৱনৰ আৰম্ভণিৰপৰাই পৰম কৌতূহলৰ বিষয় আছিল। তেওঁৰ কবিতাৰ ভাবনা আৰু ভাষাৰ চয়নত অসমীয়া সমাজখনৰ এই বিশিষ্টতা আৰু কোমলতা অনুভৱ কৰিব পাৰি। ব্যক্তিগত অভিজ্ঞতাৰ অভিঘাত বা আধাৰতে তেওঁ বহু স্মৰণীয় কবিতা ৰচনা কৰিলেও তেওঁৰ কবিতা পঢ়িলে প্ৰায়ে আমি অসমীয়া সামূহিক মনটোৰ উমান পাওঁ। আমাৰ আধুনিকতাৰ, বিশেষকৈ অসমীয়া আধুনিক কবিতাৰ ই এক সুকীয়া সম্পদ।

কেইবছৰমান আগেয়ে মই নীলমণি ফুকনৰ কবিতাৰ বিষয়ে লিখোঁতে তেওঁৰ সমবয়সীয়া এগৰাকী কবিয়ে লেখাটো পঢ়ি গহীনাই মন্তব্য কৰিছিল, তুমি ফুকনৰ বিষয়ে ভাল লিখিছা। কিন্তু Nilamani Phukan is a minor poet. ফুকনৰ কবি-প্ৰতিভা স্বীকাৰ কৰিও এই কবিগৰাকীয়ে অসমীয়া আধুনিক কবিতাত ফুকনক গুৰুত্বপূৰ্ণ আসনত বহুৱাবলৈ হয়তো আগ্ৰহী নাছিল। অৱশ্যে কবিৰ লঘু-গুৰু (minor-major) বিচাৰ বৰ আহুকলীয়া বিষয়। ইংৰাজী সাহিত্যৰ ইতিহাসকাৰ ডেভিড ডায়েচেছে টি এছ এলিয়টৰ কবিতাৰ আংগিকৰ অভিনৱত্ব আৰু বৈচিত্ৰ্যৰ কথা স্বীকাৰ কৰিও তেওঁৰ কবিতাত বিভিন্ন মানবীয় স্থিতিৰ প্ৰতি তেওঁৰ গভীৰ কল্পনাশ্ৰয়ী সহমৰ্মিতাৰ অভাৱ লক্ষ্য কৰিছিল। তেওঁ বৰং উইলিয়াম বাটলাৰ ইয়েটছৰ কবিতাতে সেই যুগৰ সম্ভাব্য সকলো অভিজ্ঞতাৰ কাব্যিক অভিব্যক্তি বিচাৰি পাইছিল।

ডায়েচেছৰ মতে, Eliot remains a great minor poet and a major historical influence. কিন্তু এলিয়টৰ দ্য লাভ ছং অব জে. আলফ্ৰেড প্ৰুফ্ৰক বা দ্য ৱেষ্ট লেণ্ডৰদৰে কবিতাত প্ৰতিফলিত যিখন ঊষৰ, হৃদয়হীন পৃথিৱী সেইখন কেৱল কবিকল্পিত অথবা কবিনিৰ্মিত পৃথিৱীনে? প্ৰথম মহাসমৰে ইউৰোপত যি বিপুল নৰসংহাৰেৰে মানবতাৰ মৰিশালী ৰচনা কৰিছিল তাৰ সন্তাপৰপৰা কোনো সংবেদনশীল কবি সাৰি যোৱাটো সম্ভৱ নাছিল। ৱেষ্ট লেণ্ড প্ৰকাশৰ এশবছৰ উপলক্ষে এসময়ত এলিয়টে গুৰি ধৰা প্ৰকাশন সংস্থা ফেবাৰ এণ্ড ফেবাৰে অলপতে প্ৰকাশ কৰি উলিয়াইছে মেথিউ হ’লিছৰ বহু তথ্যসমৃদ্ধ কিতাপ ‘The Waste Land : A Biography of a Poem’.

কিতাপখন পঢ়ি থাকোঁতে এলিয়টে দেউতাকলৈ লিখা চিঠিৰ এটা বাক্য পালোঁ য’ত তেওঁ বৃটেইনৰ দৰে এখন সভ্য দেশে নিজ দেশৰে হেজাৰ-বিজাৰ তেজাল যুৱকক কুকুৰ-মেকুৰীৰ দৰে মৰিবলৈ যুদ্ধত এৰি দিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে। সেই বধ্যভূমিত থিয় হৈ তেওঁ উপলব্ধি কৰিছিল, Everyone’s individual lives are so swallowed up in the one great tragedy that one almost ceases to have personal experiences or emotions, and such as one has seem so unimportant ! এই সৰ্বগ্ৰাসী সংকট আৰু সামূহিক বিনাশৰ উন্মত্ততাই ব্যক্তিগত অনুভৱ আৰু অভিজ্ঞতাক কেনেদৰে অৰ্থহীন কৰি পেলাইছিল তাৰেই কথা কৈছিল এলিয়টে তেওঁৰ কবিতাৰ মাজেৰে।

নীলমণি ফুকনেও আধুনিক আংগিকত এনে কিছুমান আধুনিক অনুভতি-সংবেদন-অভিজ্ঞতাক লৈয়ে কবিতা লিখিছিল। নীলমণি ফুকন অসমীয়া বা ভাৰতীয় সাহিত্যত কিয় এক স্বতন্ত্ৰ কন্ঠস্বৰ? ফুকনে যি সময়ত কবিতা লিখিবলৈ লৈছিল সেই সময়খিনিত অসমীয়া সাহিত্যত ৰামধেনু সাহিত্যালোচনীয়ে জনপ্ৰিয় কৰি তোলা আধুনিক সাহিত্যাদৰ্শৰ প্ৰেৰণা সজীৱ হৈ আছিল। ৰামধেনুৰ তেনে সাহিত্যাদৰ্শৰ প্ৰভাৱৰপৰা বহু কবি-সাহিত্যিক আঁতৰি যাব পৰা নাছিল। ইউৰোপীয় সাহিত্য, ঘাইকৈ ইউৰোপীয় কবিতাৰ প্ৰেৰণাত তেওঁলোকেও বিজ্ঞান আৰু প্ৰযুক্তিনিৰ্ভৰ পুঁজিবাদী সভ্যতাই মানুহৰ জীৱনলৈ অনা পৰিৱৰ্তন আৰু সংকটৰ বিষয়ে সজাগ হ’ল। কিন্তু ইউৰোপীয় শিল্পী-সাহিত্যিকৰদৰে দুখনকৈ মহাসমৰৰ নাৰকীয় হত্যালীলা আৰু আত্মঘাতী নৃশংসতাৰ পোনপটীয়া অভিজ্ঞতা নথকা ভাৰতীয় তথা অসমীয়া সাহিত্যিকৰ মানব সভ্যতা সম্পৰ্কে সংশয় আৰু অৱক্ষয়-চেতনা বহু সময়ত গভীৰ জীৱনবোধ আৰু দাৰ্শনিকতাৰে সিক্ত হৈ নপৰিল।

স্বাধীনতা পৰৱৰ্তী সেই সময়ছোৱাত ইউৰোপীয় সাহিত্যৰ প্ৰভাৱতে হওক, স্বাধীন গণতান্ত্ৰিক চৰকাৰৰ উদ্যোগত বিজ্ঞান-মনস্ক নতুন সমাজ গঢ়াৰ প্ৰেৰণাতে হওক অসমীয়া গল্প-কবিতাত এক নাগৰিক সভ্যতাৰ ৰাগ-অনুৰাগ স্পন্দিত হৈছিল। অজিত বৰুৱা, নৱকান্ত বৰুৱাই তেওঁলোকৰ কবিতাত এনেদৰেই ইংৰাজী এলিয়টী ঐতিহ্যৰ সৈতে অসমীয়া কবিতাৰ পৰিচয় ঘটাইছিল। নীলমণি ফুকনেও আধুনিক কবিতাৰ এই বুদ্ধিমাৰ্গী, মননশীল পথটোৰেই আগবাঢ়িছিল। কিন্তু তেওঁৰ কবিতাৰ পটভূমি আছিল অসমৰ গাৱঁৰ নিৰ্মল প্ৰকৃতি আৰু অসমীয়া মানুহৰ মাজত। তেওঁৰ কবিতাৰ প্ৰকৃতি আমাৰ তেনেই চিনাকী, সেই প্ৰকৃতিৰ মাজত নাগৰিক সভ্যতাৰ কোনো মলিনতা নাই।

জন্মৰপৰা মৃত্যুলৈকে প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক, মৃত্যুৰ ৰহস্যময়তা আৰু সিয়ে সৃষ্টি কৰা পৰম শূন্যতা, জীৱন-জগতৰ অনন্ত বিস্তৃতিৰ সন্মুখত কবিৰ বিস্ময়-বিমুগ্ধ দৃষ্টি, জীৱন আৰু মৃত্যুৰ মাজত প্ৰেম, বিশেষকৈ নৰ-নাৰীৰ প্ৰেমৰ মধুৰতা আৰু অনিৰ্বচনীয়তা- এইবোৰেই আছিল তেওঁৰ প্ৰথম পৰ্বৰ কবিতাবোৰৰ ঘাই বিষয়। আৰু এটা মন কৰিবলগীয়া কথা, বডলেয়ৰ আৰু এলিয়টৰ দৰে কবি আৰু তেওঁলোকৰদ্বাৰা প্ৰভাৱিত বহু আধুনিক কবিৰ দৰে ফুকনৰ কবিতাত নাগৰিক সভ্যতা আৰু মধ্যবিত্ত জীৱনৰ প্ৰতি বিৰাগ পৰিলক্ষিত নহয়। পাছলৈ জীৱনৰ কঠিন অভিজ্ঞতা আৰু কদৰ্য ৰাজনীতিৰ চেপাত তেওঁৰ আত্মনিষ্ঠতাই নিঠুৰ সমাজ বাস্তৱতাক আকোৱালি লৈছিল। ‘কবিতা’ নামৰ সংকলনটোত অন্তৰ্ভুক্ত কবিতাবোৰত তাৰ চাপ স্পষ্ট হৈ আছে। নীলমণি ফুকনে তেওঁৰ সাত দশকজোৰা সাহিত্য সাধনাত এনেদৰেই পৰম্পৰা আৰু সমকালীন দেশজ বাস্তৱতাৰ সৈতে যোগসূত্ৰ ছিন্ন নকৰাকৈ আধুনিক মানুহৰ অনুভূতি-অভিজ্ঞতাৰ তাৎপৰ্য সন্ধান কৰিছিল।

জীৱনৰ বিয়লি বেলাত তেওঁৰ পৰিচিত অসমীয়া সমাজখনৰ অৱক্ষয় আৰু তাৰ নিৰাময়ৰ নামত চলি থকা হৃদয়হীন ৰাজনীতিয়ে তেওঁক যে ব্যথিত আৰু চিন্তিত কৰি তুলিছিল সেই কথা জ্ঞানপীঠ বঁটা গ্ৰহণৰ সময়ত দিয়া ভাষণত ধ্বনিত হৈছিল।পিছে সেইদিনা প্ৰেক্ষাগৃহ শুৱনি কৰা ৰাজনীতিক আৰু ভক্তসকলৰ কিমানে কবিৰ সেই গোপন ব্যথাৰ খবৰ ৰাখিছিল? আইৰিছ কবি ছিমাছ হিনীয়ে কৈছিল, শিল্প-সাহিত্যই অইন কিবা কৰক নকৰক মানুহৰ অন্তৰ্জীৱন আৰু অন্তৰ্বোধ সমৃদ্ধ কৰে। আমাৰ শিক্ষিতসকলৰ বহুতেই শিল্প-সাহিত্যৰ এই অন্তৰ্নিহিত গুৰুত্ব আজিও উপলব্ধি কৰিবলৈ চেষ্টা কৰা নাই কিম্বা কৰিবলৈকে অক্ষম। নীলমণি ফুকনৰ সাহিত্য-জীৱনৰ আঁৰত সক্ৰিয় হৈ থকা সামূহিক শুভবোধ আৰু গভীৰ জীৱনবোধ আজিৰ অসমীয়াৰ বাবে আদৰ্শ হোৱা উচিত।