পশ্চিম বংগত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই প্ৰাণ ল’লে তৃণমূল কংগ্ৰেছ নেতা সত্যন চৌধুৰীৰ

Trinamool Congress leader shot dead

নিহত তৃণমূল নেতা সত্যন চৌধুৰী

পশ্চিম বংগত আজি দিন-দূপৰতে সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। অচিনাক্ত আততায়ীয়ে গুলীয়াই হত্যা কৰিছে এগৰাকী তৃণমূল কংগ্ৰেছৰ নেতাক।

পশ্চিম বংগৰ বাহাৰমপুৰত সংঘটিত হৈছে এই ঘটনা। তৃণমূল নেতা সত্যন চৌধুৰীক গুলীয়াই হত্যা কৰিছে অচিনাক্ত বন্দুকধাৰীয়ে।

স্থানীয় এগৰাকী তৃণমূল নেতাই সদৰী কৰা মতে, বাইক আৰোহী অচিনাক্ত ব্যক্তিৰ এটা দলে নিচেই কাষৰ পৰা চৌধুৰীৰ ওপৰত গুলীচালনা কৰিছিল।

সংকটজনক অৱস্থাত সত্যন চৌধুৰীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়।

নিহত সত্যন চৌধুৰীয়ে তৃণমূল কংগ্ৰেছৰ মুৰ্ছিদাবাদ শাখা দলৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এইপৰ্যন্ত অৱশ্যে ঘটনাৰ লগত জড়িত কোনো আততায়ী আৰক্ষীৰ হাতত ধৰা পৰা নাই।

সূত্ৰ অনুসৰি, চৌধুৰী কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ যথেষ্ট ঘনিষ্ঠ আছিল। অৱশ্যে, পিছত তেওঁ শাসনাধিষ্ঠিত তৃণমূলত যোগদান কৰে।