‘নন্দীগ্ৰাম দিৱস’ত হুইলচেয়াৰত বহিয়েই নিৰ্বাচনী হুংকাৰ দিলে মমতা বেনাৰ্জীয়ে

হুইলচেয়াৰত বহিয়েই হস্পিতালৰ পৰা নিৰ্বাচনী প্ৰচাৰৰ বাবে ওলাই আহিল মমতা বেনাৰ্জী।

ওলাই আহিয়েই বিজেপিক সমালোচনাৰে তুলাধুনা দিয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীজনে।

দেওবাৰে তৃণমূল কংগ্ৰেছে কলকাতাৰ হাজৰা পাৰ্কত ‘নন্দীগ্ৰাম দিৱস’ পালন কৰে।

উল্লেখযোগ্য যে ২০০৭ চনৰ ১৪ মাৰ্চত বংগৰ বাওঁ চৰকাৰৰ দিনত ভূমি ৰক্ষাৰ বাবে মমতা বেনাৰ্জীৰ নেতৃত্বত হোৱা আন্দোলনত নন্দীগ্ৰামৰ ১৪জনকৈ লোক আৰক্ষীৰ হাতত নিহত হৈছিল।

নন্দীগ্ৰাম দিৱসত মমতাই কয় যে এজনী আঘাতপ্ৰাপ্ত বাঘ এটা মৃত বাঘতকৈ বেছি ভয়ংকৰ।

”বেয়াৰ বিৰুদ্ধে ভালৰ জয় হওক। মোৰ ওপৰত বিশ্বাস ৰাখক। মোৰ ভগা ভৰিখনেৰেই মই বংগ ভ্ৰমণ কৰিম।”- মমতাই কয়।

”মই ইতিমধ্যে কেইবাখনো যুদ্ধ পাৰ হৈ আহিছো। কিন্তু মই কেতিয়াও শিৰনত কৰা নাই। মই বিষত জৰ্জৰিত। ডাক্টৰে ১৫ দিনৰ বাবে জিৰণী ল’বলৈ কৈছে। কিন্তু যদি মই জিৰণী লও, বংগৰ জনতাৰ কাষত কোনে থিয় দিব?”- তেওঁ কয়।

”এয়া আমাৰ কৰ্তব্য যে আমি স্বৈৰাচ্চাৰী শক্তিসমূহৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰিব লাগে।”- মমতাই কয়।

উল্লেখযোগ্য যে বুধবাৰে মমতা বেনাৰ্জীক তেওঁ প্ৰতিদ্বন্দিতা কৰা নন্দীগ্ৰামত ৪-৫জনীয়া এটা দুৰ্বৃত্তৰ দলে তেওঁক আক্ৰমণ কৰিছিল।

আক্ৰমণটোত তেওঁ ভৰিত আঘাত পোৱা বুলি প্ৰকাশ কৰিছে।

নন্দীগ্ৰাম দিৱস উপলক্ষে পাঁচ কিলোমিটাৰ পথ এটা সমদলো কৰা হয়।

সমদলটোত তেওঁ এখন হুইলচেয়াৰত বহি যোগদান কৰে।

ভাষণটোত তেওঁ ২১ বছৰ পূৰ্বে হাজৰা পাৰ্কত সংঘটিত হোৱা এটা ঘটনাও উল্লেখ কৰে।

১৯৯০ চনৰ ১৬ আগষ্টত তেওঁ হাজৰা পাৰ্কত যুৱ কংগ্ৰেছৰ এটা প্ৰতিবাদৰ নেতৃত্ব প্ৰদান কৰিছিল।

প্ৰতিবাদটোত চিপিআই(এম)ৰ এগৰাকী যুৱ কৰ্মী লালু আলমে তেওঁক মূৰত আঘাট কৰিছিল।

মূৰত বেণ্ডেজৰ স’তে মমতাৰ ফটোখন সেই সময়ত সংবাদমাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল।