NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত বি এচ এফ কনিষ্টবলৰ “আত্মহত্যা”, দুজন সতীৰ্থ আহত

April 6, 2019 5:54 pm · পিনাকী দাস
প্ৰতীকী ছবি।

বি এচ এফৰ ১৩৩ নং বেটেলিয়নৰ কনিষ্টবল বি দি ৰাৱে চাৰ্ভিচ ৰাইফলেৰে গুলীয়াই “আত্মহত্যা” কৰিছে।

নিজকে গুলীওৱাৰ পূৰ্বে জোৱানজনে আন দুজন সতীৰ্থকো গুলী চলাই আহত কৰা বুলি জানিব পৰা গৈছে। সতীৰ্থ দুজন একেটা বেটেলিয়নৰে অনিল কুমাৰ আৰু ধনঞ্জয় সিং, দুয়োৰে ভৰিত গুলী লাগিছে।

ত্ৰিপুৰা পানীসাগৰস্থিত বি এচ এফ দি আই জিৰ মুখ্য কাৰ্য্যালয়ত ঘটনাটো সংঘটিত হৈছে।

ঘটনাথলীলৈ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰবৰ্তী তৎকালে ৰাওনা হয় যদিও ঘটনাটো সন্দৰ্ভত মুখ খুলিব খোজা নাই বিষয়াগৰাকীয়ে।

বি এচ এফৰ মুখ্যালয়টোৰ ভিতৰত আৰক্ষীক সোমাবলৈ অনুমতি দিয়া হোৱা নাছিল বুলিও জানিব পৰা গৈছে।

আহত জোৱান দুজনক ধৰ্মনগৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অনিল কুমাৰক চিকিৎসকে আগৰতলাৰ জিবিপি হস্পিটেললৈ প্ৰেৰণ কৰে।

ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Related News