পশু বলি নিষিদ্ধ কৰি দিয়া উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাব ত্ৰিপুৰা চৰকাৰে

animal-sacrifice-1140x570

প্ৰতিনিধিত্বমূলক ফটো

ত্ৰিপুৰা চৰকাৰে অচিৰেই ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ধৰ্মীয় স্থানত পশু বলি নিষিদ্ধ কৰি দিয়া ৰায়ৰ বিৰুদ্ধে আবেদন জনাব।

শনিবাৰে ৰাজ্য চৰকাৰৰ বিষয়াই জানিবলৈ দিয়ে যে চৰকাৰে ৰায়টোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে শুকুৰবাৰে শতিকাজুৰি ৰাজ্যখনৰ ধৰ্মীয় স্থানসমূহত চলি থকা জীৱ-জন্তু বলি দিয়া নিষিদ্ধ কৰি এক ৰায়দান কৰিছিল।

মুখ্য ন্যায়াধীশ সঞ্জয় কাৰোল আৰু ন্যায়াধীশ অৰিন্দম লোধেৰে গঠিত বিচাৰপীঠে শুকুৰবাৰে এই ঐতিহাসিক ৰায়টো প্ৰদান কৰিছিল।

ন্যায়ালয়ৰ এই নিৰ্দেশ অতিশীঘ্ৰে ত্ৰিপুৰাৰ মন্দিৰৰ লগতে বলি বিধান প্ৰচলিত সকলো ধৰ্মীয় স্থানতে প্ৰযোজ্য হ’ব।

ত্ৰিপুৰাৰ ৰাজ পৰিয়ালৰ নেতৃস্থানীয় সদস্যসকলে কয় যে উচ্চ ন্যায়ালয়ে ১৯৪৯ চনৰ ১৫ অক্টোবৰত তদানীত্বন মহাৰাণী কাঞ্চন প্ৰভা দেৱী আৰু গৱৰ্ণৰ জেনেৰেল অৱ ইণ্ডিয়াই স্বাক্ষৰ কৰা চুক্তিয়ে আগবঢ়োৱা ব্যৱস্থাবোৰ উলংঘা কৰিব নোৱাৰে।

উল্লেখযোগ্য যে, ২০১৮ চনত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ সুভাষ ভট্টাচাৰ্য্যই ত্ৰিপুৰাৰ বিভিন্ন দেৱালয়ত হৈ থকা বলি বিধান ৰোধ কৰাৰ বাবে এটা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ ৰুজু কৰিছিল।

‘‘ত্ৰিপুৰাৰ বিভিন্ন মঠ-মন্দিৰত বহু শতিকাৰ পৰা জীৱ-জন্তুক বলি দি অহা হৈছে,’’ ভট্টাচাৰ্য্যই আবেদনখনত উল্লেখ কৰিছিল।

আবেদনখনত ভট্টাচাৰ্য্যই এসময়ত মন্দিৰ সমূহত নৰ বলিৰ কথা উল্লেখ কৰি যদিহে নৰ বলি বন্ধ হ’ব পাৰে তেন্তে জীৱ-জন্তুৰ বলি কিয় বন্ধ হ’ব নোৱাৰে বুলিও প্ৰশ্ন কৰিছিল।

আদালতে উল্লেখ কৰিছিল যে ত্ৰিপুৰা চৰকাৰে ত্ৰিপুৰেশ্বৰী মন্দিৰ (মাতা ত্ৰিপুৰা সুন্দৰী)ক এখন জনপ্ৰিয় আন্তৰ্জাতিক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়াৰ প্ৰস্তাৱ দিছে।

সকলো ধৰ্মত বিশ্বাসী লোকে বৃহৎ সংখ্যাত ৫১৮ বছৰ পুৰণি হিন্দু ধৰ্মৰ উপাসনাস্থলী ৫১ পীঠৰ অন্যতম এই মন্দিৰটো পৰিদৰ্শন কৰিবলৈ আহে।

‘’যিকোনো ভক্তই ব্যক্তিগত বিশ্বাস, ধাৰণা বা আকাংক্ষাৰ বাবে কোনো জন্তু উৎসৰ্গা কৰিব পাৰে, কিন্তু পশুটো ঘুৰাই লোৱা তথা কোনো পৰিস্থিতিতে পশু বলি দিয়াৰ অনুমতি দিয়া নহ’ব,’’-আদালতে প্ৰকাশ কৰে।

আনহাতে, পশুৰ অধিকাৰৰ হ’কে কাম কৰি থকা কৰ্মীসকলে পশু বলি নিষিদ্ধক আদৰণি জনাই কয় যে ই ধৰ্মৰ নামত শতিকাজুৰি চলি অহা পশুৰ প্ৰতি নিষ্ঠুৰতাৰ অৱসান ঘটাব।