ৰাজস্থানত কংগ্ৰেছৰ সংকট: ধৈৰ্য ধৰাৰ সময় নাই পাইলটৰ! নিশা বিধায়কৰ সৈতে বৈঠক গেহলটৰ

nvb82hnxSItEHRe2nnm9

ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলটৰ সৈতে উপ মুখ্য মন্ত্ৰী শচীন পাইলট। ফটো সৌজন্য: নিউজ নেশ্যন

মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীৰ সংঘাতৰ ফলত ৰাজস্থানত সংকটৰ সন্মুখীন হৈছে কংগ্ৰেছ। মধ্য প্ৰদেশৰ দৰে ৰাজস্থানো কংগ্ৰেছৰ হাতৰ পৰা গুচি চোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

দেওবাৰে বহুকেইগৰাকী মন্ত্ৰী-বিধায়কে মুখ্য মন্ত্ৰী অশোক গেহলটৰ বাসভৱনলৈ গৈ নিজৰ সমৰ্থনৰ কথা প্ৰকাশ কৰিছে।

ইপিনে, জয়পুৰৰ পৰা আহি দিল্লীত বাহৰ পাতিছে ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতিকে ধৰি উপ মুখ্য মন্ত্ৰী শচীন পাইলটৰ কেইবাগৰাকীও অনুগামী বিধায়কে।

মুখ্য মন্ত্ৰী অশোক গেহলটে শনিবাৰে ৰাজস্থানৰ নিৰ্বাচিত চৰকাৰখন ভঙাৰ ,ড়যন্ত্ৰ চলোৱা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলিছিল।

কংগ্ৰেছ ভাঙিবলৈ বিজেপিয়ে শাসকীয় দলৰ বিধায়কক কোটি কোটি টকা উপঢৌকন তথা বিভিন্ন সা-সুবিধাৰ প্ৰলোভন দিয়া বুলি তেওঁ অভিযোগ কৰে।

আনহাতে বিজেপি এই অভিযোগ খণ্ডন কৰি মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীৰ সংঘাতৰ ফলত ৰাজ্যখনত উন্নয়ন স্থবিৰ হৈ পৰা বুলি মন্তব্য কৰে।

উল্লেখ্য যে ৰাজ্যত কংগ্ৰেছ চৰকাৰ ভঙাৰ ষড়যন্ত্ৰ সম্পৰ্কে ভাষ্য দিবলৈ যোৱা শুকুৰবাৰে গেটলট, শচীন পাইলট আৰু শাসকীয় দলটোৰ মুখ্য সচেতকক ৰাজস্থান আৰক্ষীয়ে জাননী জাৰি কৰিছিল।

ইয়াৰ পাছতে ৰাজস্থানত মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীৰ সংঘাতে নতুন ৰূপত আত্মপ্ৰকাশ কৰে।

শচীন পাইলটৰ শিবিৰে আৰক্ষীৰ জাননী প্ৰেৰণৰ বিষয়টোক সহজভাৱে লোৱা নাই আৰু ইয়াক এক অপমান হিচাপে গণ্য কৰিছে।

মুখ্য মন্ত্ৰী গেহলটে অৱশ্যে আৰক্ষীৰ জাননীৰ বিষয়টো বিশেষ গুৰুত্বপূৰ্ণ নহয় বুলি দাবী কৰি আন বহুতৰ লগতে প্ৰদেশ কংগ্ৰছৰ সভাপতি আৰু শচীন পাইলটৰ তালৈও গৈছিল বুলি সদৰী কৰে।

ইপিনে, ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰখন বচাবলৈ তৎপৰ হৈ পৰিছে ৰাহুল গান্ধী। ৰাজ্যখনৰ উপ মুখ্য মন্ত্ৰী শচীন পাইলটক দিল্লীলৈ মাতি পঠিয়াইছে। বিধায়কসকলৰ সৈতেও কথা পাতিবলৈ আগ্ৰাহ প্ৰকাশ কৰিছে ৰাহুলে।

ইপিনে, দেওবাৰে নিশা মুখ্য মন্ত্ৰীয়ে বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰি সংকটৰ পৰা উদ্ধাৰৰ সমাধান সূত্ৰ উলিওৱাৰ চেষ্টা কৰে।