জম্মু-কাশ্মীৰত অঘটন: কেন্দ্ৰীয় আইন মন্ত্ৰী ৰিজিজুৰ বাহনত ট্ৰাকৰ খুন্দা
জম্মু-কাশ্মীৰত এক অনাকাংক্ষিত দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু। আজি এখন ট্ৰাকে খুন্দা মাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাহনত।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জম্মুৰ উধমপুৰৰ ওচৰত এখন সম্পূৰ্ণ লোডেড ট্ৰাকে ৰিজিজুৰ বাহনখনত খুন্দা মাৰে।
অৱশ্যে দুৰ্ঘটনাত কোনো ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকী। তেওঁৰ লগতে আন কোনো লোকো দুৰ্ঘটনাত আহত হোৱা নাই বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পোহৰলৈ অহা এক ভিডিঅ’ত দুৰ্ঘটনাৰ পিছতে নিৰাপত্তাৰক্ষীসকলে মন্ত্ৰীগৰাকীৰ বাহনৰ দুৱাৰ খুলি বাহনৰ পৰা তেওঁক বাহিৰলৈ উলিয়াই অনা দেখিবলৈ পোৱা গৈছে।
উল্লেখ্য যে, ঘটনাৰ কিছু সময় পূৰ্বে ৰিজিজুৱে টুইটাৰত এক ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ভিডিঅ’টোত তেওঁ জম্মু-কাশ্মীৰৰ উধমপুৰলৈ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাওনা হোৱা বুলি উল্লেখ কৰিছিল।
Going from Jammu to Udhampur in Jammu & Kashmir to attend Legal Services Camp. Many beneficiaries of the Central Govt Schemes are attending the function along with Judges and NALSA team. Now, one can enjoy the beautiful road throughout the journey. pic.twitter.com/5yg43aJX1C
— Kiren Rijiju (@KirenRijiju) April 8, 2023