বোকাখাতত কাঠ ভৰ্তি ট্ৰাক জব্দ; হেণ্ডিমেন সহ চালকক গ্ৰেপ্তাৰ

ফটো-নৰ্থ-ইষ্ট নাও

উজনি আৰু নামনি অসমক সংযোগ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ ৰম্যভূমিত পৰিণত হৈছে।

মঙলবাৰে নিশা বোকাখাত আৰক্ষীয়ে বোকাখাতৰ লতাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা কাঠ ভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

ট্ৰাকখনৰ পৰা উদ্ধাৰ হোৱা নথি-পত্ৰ অনুসৰি এ এছ ২৩ -চি চি ২২১২ নম্বৰৰ ট্ৰাকখনৰ অৰুণাচলৰ খাজঙৰ পৰা যোৰহাটলৈ কাঠ অনাৰ অনুমতি আছে যদিও যোৰহাট পাৰহৈ বোকাখাতৰ মাজেৰে কাঠ খিনি কোন ঠাইলৈ নি আছিল সেই বিষয়টো এতিয়া ৰহস্যাবৃত্ত হৈ আছে ৷

ট্ৰাকখনৰ চালক দিলীপ বৰা আৰু হেণ্ডিমেন বিতুল শইকীয়াই জনোৱাৰ মতে যোৰহাট পাৰ হৈ কাঠ খিনি কলিয়াবৰৰ কুঠৰীলৈকে নিবৰ বাবে তেওঁ লোকক নিৰ্দেশ দিয়া হৈছিল আৰু তাৰ পাচত ট্ৰাকৰ মালিকলৈ ফোন কৰিবলৈ কোৱা হৈছিল ৷

কাঠসহ ট্ৰাকখন জব্দ কৰি বোকাখাত আৰক্ষীয়ে ভাৰতীয় দণ্ডাবিধি আইনৰ ১২০( খ), ৩৭৯ , ৪১১, ৪৬৮, ৪২০ ধাৰাৰ উপৰিও ফৰেষ্ট ৰেগুলেটৰী এক্টৰ ধাৰ ৪০ মতে ২৪৬ / ২০২০ নম্বৰৰ গোচৰ ৰজু কৰি অনুসন্ধান আৰম্ভ কৰাৰ লগতে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰি আজি বোকাখাতৰ আদালত হাজিৰ কৰে ৷

আদালতে দুয়োকে চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷ ট্ৰাকখনৰ লগত পোৱা নথিপত্ৰৰ বৈধ্যতাৰ ওপৰত বোকাখাত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা লগতে ঘটনাৰ সৈতে এক বৃহৎ চক্ৰও জড়িত থকাৰ সন্দেহ কৰিছে ৷